ETV Bharat / state

দিছপুৰ মহাবিদ্যালয়ৰ নামত ভুৱা mail ID প্ৰস্তুত কৰি ৭৬ লাখ টকা হৰলুকি কৰিলে কোনে ?

author img

By

Published : May 5, 2022, 4:26 PM IST

Updated : May 5, 2022, 8:36 PM IST

দিছপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্টৰ পৰা প্ৰায় ৭৬ লাখ টকা হৰলুকি ৷ চাওক ভুৱা মেইল আইডি (Fake mail ID of Dispur college) প্ৰস্তুত কৰি কেনেদৰে প্ৰৱঞ্চকে লৈ গ’ল মহাবিদ্যালয়খনৰ ধন ৷

fraud-stole-money-from-dispur-college-bank-account-with-fake-mail-id
দিছপুৰ মহাবিদ্যালয়ৰ নামত ভুৱা mail ID প্ৰস্তুত কৰি ৭৬ লাখ টকা হৰলুকি কৰিলে কোনে ?

গুৱাহাটী, 5 মে’: এইবাৰ প্ৰৱঞ্চকৰ জালত পৰিছে দিছপুৰ মহাবিদ্যালয় (Fraud stole Dispur college fund) ৷ জানিব পৰা মতে, মহাবিদ্যালয়খনৰ বেংক একাউণ্টৰ পৰা প্ৰায় ৭৬ লাখ টকা লুট কৰি নিছে প্ৰৱঞ্চকে (Scam of Dispur college bank money ) ৷ যোৱা 2 মে'ৰ দিনা এই কথা পোহৰলৈ আহে আৰু বৃহস্পতিবাৰেহে মহাবিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমক জানিব দিছে ৷

দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৱজ্যোতি বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, বেংক অৱ বৰোডাৰ গুৱাহাটীৰ দিছপুৰ শাখাত থকা মহাবিদ্যালয়খনৰ একাউণ্টৰ পৰা পশ্চিম বংগৰ বৰনগৰ শাখা, ইউনিয়ন বেংকলৈ টকাখিনি Transfer কৰা হৈছে ।

দিছপুৰ মহাবিদ্যালয়ৰ নামত ভুৱা mail ID প্ৰস্তুত কৰি ৭৬ লাখ টকা হৰলুকি কৰিলে কোনে ?

তেওঁ জানিবলৈ দিয়া মতে, প্ৰৱঞ্চকে এটা ভুৱা মেইল আইডি Dispurcollege1980@gmail.com তৈয়াৰ কৰিছিল (Fake mail ID of Dispur college) । এই মেইল আইডিটোৰ পৰা আহিছিল চেক কনফাৰ্মৰ বাবে মেইল । কিন্তু অধ্যক্ষ গৰাকীয়ে সদৰি কৰা মতে, মহাবিদ্যালয়খনৰ প্ৰকৃত মেইল আইডিটো বেলেগ । সম্প্ৰতি, কলকাতাৰ "জাতীয় কম্পিউটাৰ সাক্ষৰতা মিছন" নামৰ এটা বেচৰকাৰী সংস্থালৈ অধ্যক্ষগৰাকীয়ে সন্দেহৰ আঙুলি টোৱাইছে ।

কাৰণ ইতিমধ্যে সেই সংস্থাটোৰ নামতেই ধনখিনি সোমোৱাৰ তথ্য লাভ কৰা হৈছে ৷ এই ঘটনাত বেংক অৱ বৰোডাৰ কোনো লোক জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছে অধ্যক্ষ ড৹ নৱজ্যোতি বৰাই । ইতিমধ্যে, সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত এক গোচৰ পঞ্জীয়ন কৰা হৈছে বুলিও অৱগত কৰে অধ্যক্ষ গৰাকীয়ে ।

লগতে পঢ়ক : ধেমাজিত চৰকাৰী চিকিৎসালয়ৰ পৰা অন্তৰ্ধান 22 লাখ টকীয়া চিকিৎসা যন্ত্ৰ !

Last Updated :May 5, 2022, 8:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.