ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 19, 2022, 3:01 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Flood in Kaziranga National Park : বানৰ কৱলত কাজিৰঙাৰ ১৪ টা বন শিবিৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও অংশ বানৰ কৱলত পৰিছে (Flood affects Kaziranga National Park)। ১৪ টা বন শিবিৰ জলমগ্ন হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনৰ খুন্দাত উদ্যানৰ ৪ টাকৈ জন্তুৰ মৃত্যু ।

ৰঙিয়াত বানৰ সংহাৰ : বিদ্যুৎ যোগান সম্পূৰ্ণভাৱে ব্যাহত

ৰঙিয়াত অব্যাহত আছে বানৰ তাণ্ডৱ (Flood in Rangia) ৷ ঠায়ে ঠায়ে যোৱা 5 দিনৰ পৰা বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে (Power supply disrupted in Rangia) ৷

Murder case in Guwahati: বন্ধ কোঠাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ ৷ বশিষ্ঠৰ পাটৰকুছিত এটা বন্ধ কোঠাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় (Dead body rescued at patarkuchi Basistha) ৷

পঞ্চায়ত সদস্যৰ ওপৰত খং উঠিছে বিধায়ক ৰামকৃষ্ণ ঘোষৰ

বানত ককবকাইছে ৰাজ্যবাসী (Flood situation in Assam)। আনহাতে হোজাইত খাদ্য সামগ্ৰী বিতৰণক লৈ খোৱা কামোৰা লাগিছে বিজেপি নেতা-কৰ্মীৰ মাজত । বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু পঞ্চায়তৰ সদস্যৰ মতানৈক্যই উত্তেজনাৰ সৃষ্টি কৰিছে হোজাই জিলাত ।

Flood in Lakhimpur : ৰঙানদীৰ বুকুত জাহ যোৱাৰ পথত ৩৬২ কোটি টকীয়া মথাউৰি

ভয়ংকৰ সংকতত লখিমপুৰ নগৰ । চপৰা-চপৰে খহিছে নগৰখনৰ একমাত্ৰ সুৰক্ষা কৱচস্বৰূপ ৰঙানদীৰ মথাউৰি (Erosion in Ranganadi river) ৷ ৩৬২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰঙানদীৰ মথাউৰিটো ৰঙানদীৰ বকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷

দিল্লী আৰু নাগপুৰৰ কথামতে অগপ দল নচলে: পোনাকণ বৰুৱাৰ হুংকাৰ

"অসম গণ পৰিষদ অসমৰ ৰাইজৰ দল ৷ অসমৰ ৰাইজ অসম গণ পৰিষদৰ হাই কামাণ্ড ৷ অসমৰ ৰাইজৰ নীতি -নিৰ্দেশনামতেহে অসম গণ পৰিষদ দল চলিব ৷ দিল্লী আৰু নাগপুৰৰ কথামতে অসম গণ পৰিষদ নচলে (AGP party does not run according to Delhi and Nagpur ) ৷" এই মন্তব্য বিধায়ক পোনাকণ বৰুৱাৰ ৷

Assam floods: বানৰ কৱলৰ পৰা কমলপুৰবাসীক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা

বাঢ়নী পানীত বুৰ গৈছে বাইহাটা চাৰিআলিৰ কমলপুৰ সমষ্টিৰ ইখনৰ পাচত সিখন গাঁও (Flood at Kamalpur) ৷ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে বন্যাৰ্তৰ মাজত ৷ বানাক্ৰান্ত ৰাইজৰ দুখ-দুদৰ্শাৰ বুজ ল’বলৈ শনিবাৰে কমলপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma at Kamalpur) ৷ ভয়াৱহ বানৰ কৱলৰ পৰা কমলপুৰবাসীক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে ৷

Assam floods: বঙাইগাঁৱত বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

আই নদীৰ গৰাখহনীয়াত জাহ গৈছে বাসগৃহৰ লগতে কৃষিভূমি(Flood in Assam 2022) ৷ শনিবাৰে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং বাশবাৰীত বান আৰু গৰাখহনীয়া পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা ।

জোনাইত খাদ্য সংকটত পশুধন: অখাদ্য ভক্ষণ কৰি বেমাৰত হাজাৰ গৰু-ম'হ

বলিয়া বানত তথৈবচ ৰাজ্যবাসীৰ অৱস্থা । বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ কৃষক তথা পশুপালক । দেখা দিছে খাদ্য সংকটে । কেৱল মানুহৰে নহয় পশুধনেও ভুগিছে চৰম খাদ্য সংকটত(Cow and buffalo in food crisis in Jonai) । জোনাইত ৮ খনৰো অধিক চৰ-চাপৰিত খাদ্য সংকটত পৰি অখাদ্য খাই বেমাৰত পৰিছে পশুধন ।

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰীসেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰীসেৱা অনিদিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰা হৈছে (Ferry service closed in Guwahati) ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি আৰু প্ৰবল সোঁতৰ বাবে দেওবাৰৰ পৰা অনিদিষ্ট কাললৈ বন্ধ কৰা হৈছে ফেৰীসেৱা (Guwahati to North Guwahati ferry service suspended)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.