ETV Bharat / state

দিল্লী আৰু নাগপুৰৰ কথামতে অগপ দল নচলে: পোনাকণ বৰুৱাৰ হুংকাৰ

author img

By

Published : Jun 19, 2022, 9:35 AM IST

"অসম গণ পৰিষদ অসমৰ ৰাইজৰ দল ৷ অসমৰ ৰাইজ অসম গণ পৰিষদৰ হাই কামাণ্ড ৷ অসমৰ ৰাইজৰ নীতি -নিৰ্দেশনামতেহে অসম গণ পৰিষদ দল চলিব ৷ দিল্লী আৰু নাগপুৰৰ কথামতে অসম গণ পৰিষদ নচলে (AGP party does not run according to Delhi and Nagpur ) ৷" এই মন্তব্য বিধায়ক পোনাকণ বৰুৱাৰ ৷

দিল্লী আৰু নাগপুৰৰ কথামতে অগপ দল নচলে : পোনাকণ বৰুৱাৰ হুংকাৰ
AGP party does not run according to Delhi and Nagpur

লাহোৱাল, 19 জুন : "অসম গণ পৰিষদ অসমৰ ৰাইজৰ দল ৷ অসমৰ ৰাইজ অসম গণ পৰিষদৰ হাই কামাণ্ড ৷ অসমৰ ৰাইজৰ নীতি-নিৰ্দেশনামতেহে অসম গণ পৰিষদ দল চলিব ৷ দিল্লী আৰু নাগপুৰৰ কথামতে অসম গণ পৰিষদ নচলে (AGP party does not run according to Delhi and Nagpur ) ৷ অগপই শুদ্ধৰূপে কাম নকৰাৰ কাৰণে আৰু আমাৰ নেতিবাচক কামৰ কাৰণে দলটো ভালদৰে চলা নাই ৷ অসমৰ জাতীয় জীৱনক সঠিকভাৱে আগুৱাই নিবলৈ দলটোৰ শীৰ্ষ বিষয়াই কাম কৰিব বুলি আশা কৰিছো ৷" ডিব্ৰুগড়ৰ লাহোৱালত অনুষ্ঠিত অগপৰ অভিৱৰ্তনত (AGP meeting in Lahowal) এই হুংকাৰ চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাৰ (MLA Ponakan Baruah) ৷

শনিবাৰে লাহোৱালত অসম গণ পৰিষদৰ ডিব্ৰুগড় জিলা পৰিষদৰ উদ্যোগত, অসম মহিলা পৰিষদ, কৃষক পৰিষদ আৰু ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা অভিৱৰ্তনত অগপৰ কৰ্মকৰ্তাসকলক পুনৰ সষ্টম হৈ কাম কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷ ৰাজ্যত যিটো সময়ত চান্দা সংস্কৃতি বন্ধ কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ আহ্বান জনাইছে, সেই সময়তে বিধায়কগৰাকীয়ে দলটোৰ পুঁজি সংগ্ৰহৰ বাবে লাহোৱালৰ প্ৰতিঘৰ লোকৰ পৰা বৰঙনি সংগ্ৰহ কৰাৰ কথা প্ৰকাশ কৰে ৷

AGP party does not run according to Delhi and Nagpur

বিধায়কগৰাকীয়ে কয় -"ৰাজনৈতিক দল এটা চলিবলৈ পুঁজি লাগিব ৷ আমি কেন্দ্ৰীয়ভাৱে পুঁজি গঠনৰ কথা পাতি আছো ৷ লাহোৱাল অঞ্চলৰ প্ৰতিঘৰ লোকৰ পৰা ন্যূনতম 10 পৰা 100 টকালৈকে চান্দা তোলা হ'ব ৷"

এই সভাত অগপ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি সুনীল ৰাজকোঁৱৰ, সম্পাদক পুতুল সোনোৱাল, তাৰানাথ বুঢ়াগোহাঁই আদিকে ধৰি অগপৰ বিষয়-ববীয়াসকলে অংশগ্ৰহণ কৰে । এই সভাত লাহোৱাল সমষ্টিৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰায় দুই হাজাৰৰো অধিক অগপয়ে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে দলৰ ভেঁটি শক্তিশালী কৰিবলৈ অগপৰ নেতৃত্বই তৎপৰতা বৃদ্ধি কৰিছে ৷

লগতে পঢ়ক: প্ৰকৃতিৰ কালৰূপ: এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘা চাহ বাগান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.