ETV Bharat / state

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰীসেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ

author img

By

Published : Jun 19, 2022, 10:59 AM IST

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰীসেৱা অনিদিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰা হৈছে (Ferry service closed in Guwahati) ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি আৰু প্ৰবল সোঁতৰ বাবে দেওবাৰৰ পৰা অনিদিষ্ট কাললৈ বন্ধ কৰা হৈছে ফেৰীসেৱা (Guwahati to North Guwahati ferry service suspended)৷

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰী সেৱা অনিদিষ্ট কাললৈ বন্ধ
guwahati-to-north-guwahati-connecting-boat-and-ferry-service-closed-for-an-indefinite-period

গুৱাহাটী, 19 জুন: মহানগৰীত বানৰ প্ৰলয় (Assam flood 2022) ৷ ৰাজ্যৰ আন ৰাজ্যসমূহৰ লগতে মহানগৰীৰ চহৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ বানৰ কবলত বুৰ গৈছে ৷ শেহতীয়া পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি গুৱাহাটীৰ পৰা উত্তৰ-গুৱাহাটী সংযোগী নাও আৰু ফেৰী সেৱা অনিদিষ্ট কাললৈ বন্ধৰ ঘোষণা কৰা হৈছে (Ferry service closed in Guwahati) ৷

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে শনিবাৰে এক জাননীযোগে এই ঘোষণা কৰে ৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা আৰু প্ৰবল সোঁতৰ বাবে দেওবাৰৰ পৰা অনিদিষ্ট কাললৈ বন্ধ কৰা হৈছে ফেৰীসেৱা (Guwahati to North Guwahati ferry service suspended)৷ এই সন্দৰ্ভত পুনৰ জাননী জাৰি নকৰা পৰ্যন্ত নিষেধাজ্ঞা বাহাল থাকিব বুলি জাননীখনত উল্লেখ কৰে ৷ ফেৰীসেৱা বন্ধ হোৱাৰ লগেলগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাত্ৰীসকলৰ মাজত ৷

গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী নাও আৰু ফেৰী সেৱা অনিদিষ্ট কাললৈ বন্ধ
Guwahati to North Guwahati connecting boat and ferry service closed for an indefinite period

ইফালে 19 মে' ৰ পৰা মাজুলী-নিমাতী ফেৰীসেৱাও অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে (Ferry service suspended in Majuli) ৷ বুধবাৰে ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু হ্ৰাস পোৱাৰ বাবে মুকলি কৰি দিয়া হৈছিল ফেৰীসেৱা ।

কিন্তু ফেৰীসমূহ চলাচলৰ অনুমতি দিয়া হৈছিল যদিও নেৰানেপেৰা বৰষুণৰ বাবে বৃহস্পতিবাৰে পুনৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত ফেৰীসেৱা বন্ধ কৰাৰ সিদ্ধান্ত লয় আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ।

লগতে পঢ়ক: অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী নিমাতীৰ ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.