ETV Bharat / state

Murder case in Guwahati: বন্ধ কোঠাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ

author img

By

Published : Jun 19, 2022, 2:07 PM IST

মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ ৷ বশিষ্ঠৰ পাটৰকুছিত এটা বন্ধ কোঠাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় (Dead body rescued at patarkuchi Basistha) ৷

বন্ধ কোঠাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ
dead-body-rescued-at-patarkuchi-basistha

গুৱাহাটী, 19 জুন : মহানগৰীত দিনক দিনে বৃদ্ধি হৈছে অপৰাধৰ ঘটনা (Murder case in Guwahati) ৷ মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ বশিষ্ঠৰ পাটৰকুছিৰ এটা বন্ধ কোঠাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হয় (Dead body rescued at patarkuchi basistha) ৷ অৰ্ধগলিত মৃতদেহটো পূজন দে' নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে ৷

ঘটনা অনুসৰি বিগত তিনিদিন ধৰি ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছিল পূজন নামৰ লোকজন ৷ মৃত পূজনে বিগত এবছৰ ধৰি ভাগিনীয়েকৰ সৈতে পাটৰকুছিৰ অৰবিন্দ ফাংছ' নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ৷ পেচাত এজন ই-ৰিক্সা চালক আছিল মৃত লোকজন ৷

দেওবাৰে ভাড়াঘৰৰ চৌহদত দুৰ্গন্ধ ওলোৱাত অৰবিন্দ ফাংছৰ ঘৰত থকা আন ভাড়াতীয়াসকলে বশিষ্ঠ থানাৰ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বন্ধ কোঠাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে । এই ঘটনাক এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

পূজনক তেওঁৰ ভাগিনীয়েকে হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে । স্থানীয় লোকে কোৱা অনুসৰি নিচাসক্ত আছিল ভাগিনীয়েকজন । বিগত তিনিদিন ধৰি ভাড়াঘৰত নাছিল ভাগিনীয়েক ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Dead body rescue in Guwahati : বামুনীমৈদানৰ নলাত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.