ETV Bharat / state

Assam floods: বঙাইগাঁৱত বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

author img

By

Published : Jun 19, 2022, 12:26 PM IST

আই নদীৰ গৰাখহনীয়াত জাহ গৈছে বাসগৃহৰ লগতে কৃষিভূমি(Flood in Assam 2022) ৷ শনিবাৰে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং বাশবাৰীত বান আৰু গৰাখহনীয়া পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা ।

pijush-hazarika-visited-flood-affected-area-of-bongaigaon
Assam floods: বঙাইগাঁৱত বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

মানিকপুৰ, 19 জুন : অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam 2022) ৷ নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বান আৰু ভূমিস্খলনে প্ৰলংকাৰী ৰূপ (Assam flood) ধাৰণ কৰিছে ৷ উজনীৰ পৰা নামনিলৈ ইখনৰ পাচত সিখন গাঁও বুৰ গৈছে পানীৰ তলত ৷ বন্যাৰ্তৰ মাজত এতিয়া হাহাকাৰময় অৱস্থা ৷ খাদ্য-বাসস্থানৰ অভাৱৰ লগতে প্ৰাণৰ সংশয়তো ভুগিছে বানাক্ৰান্ত ৰাইজ ৷

বঙাইগাঁৱৰ মানিকপুৰতো দেখা গৈছে অনুৰূপ পৰিৱেশ ৷ মানিকপুৰৰ ২ নং বাশবাৰীত আই নদীৰ গৰাখহনীয়াৰ ফলত নদীত জাহ গৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহ, মাটি-ভেটি । গড়কাপ্তানি পথ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান, হাট বজাৰ আদিলৈ ভাবুকি আহি পৰিছে ।

বঙাইগাঁৱত বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

ইফালে, শনিবাৰে ২ নং বাশবাৰীত বান আৰু গৰাখহনীয়া পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা(Pijush Hazarika visited flood affected area of Bongaigaon) । আগন্তুক নৱেম্বৰ মাহত এই খহনীয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ লগতে বৰ্তমান সাময়িকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে ।

উল্লেখ্য যে, সংহাৰী ৰূপ ধাৰণ কৰা ৰাজ্যৰ বান পৰিস্থিতিত ইতিমধ্যে অৰ্ধশতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে(Deaths in Assam flood) ৷

লগতে পঢ়ক : ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি: চিন্তিত নৈপৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.