ETV Bharat / state

ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি: চিন্তিত নৈপৰীয়া ৰাইজ

author img

By

Published : Jun 19, 2022, 8:21 AM IST

gabharu-river-erosion-at-rangapara
ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি: চিন্তিত নৈপৰীয়া ৰাইজ

ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি (Embankment erosion at Rangapara)। ভগ্ন অংশৰে বাগৰিল নৈৰ বাঢ়নী পানী । নৈৰ গৰাখহনীয়াত জাহ গৈছে বৃহৎ পৰিমাণৰ কৃষিভূমি ৷ চিন্তিত হৈ পৰিছে কৃষক ৰাইজ ৷

ৰঙাপৰা, 19 জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত বান আৰু গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি থকাৰ সময়তে শোণিতপুৰ জিলাৰ ৰঙাপৰাতো গাভৰু নৈত অব্যাহত আছে গৰাখহনীয়া । নৈখনে সৃষ্টি কৰা খহনীয়াত জাহ গ’ল বহুবিঘা কৃষিভূমি(Cultivation destroy in erosion at Rangapara)।

আনহাতে, গাভৰু নৈয়ে গাঁওখনত থকা মূল মথাউৰিটো সম্পূৰ্ণৰূপে খহাই নিয়াত কেঁচা পথটিৰ লগতে নৈখনৰ বুকুত জাহ গ'ল কৃষক ৰাইজৰ কৃষিভূমি ৷ কালৰূপ ধাৰণ কৰা নৈখনে 1 কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি চিঙি পেলোৱাৰ ফলত ৰঙাপৰা ঠাকুৰবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভেলোৱাটাৰ গাঁৱত নৈখনে ব্যাপক গৰাখহনীয়া সৃষ্টি হৈছে ।

ৰঙাপৰাত গাভৰু নৈয়ে ছিঙিলে মথাউৰি: চিন্তিত নৈপৰীয়া ৰাইজ

ইফালে, গাভৰু নৈৰ প্ৰৱল সোঁতে পথটিত খহনীয়াৰ সৃষ্টি কৰাৰ ফলত ভগ্ন অংশৰে পানী বাগৰিবলৈ ধৰাত সম্প্ৰতি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰঙাপৰাৰ ভেলোৱাটাৰ, পগলাবিল, ঘটোৱা, নতুন ঘটোৱাকে ধৰি কেইবাখনো গাঁও নৈখনৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাতো এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ।

ইতিমধ্যে, নৈপৰীয়া ৰাইজে ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । ইফালে, নৈখনৰ পানী ক্ৰমান্বয়ে বৃদ্ধি পোৱাত শংকিত হৈ পৰিছে ৰাইজ । ইতিমধ্যে প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকল গাঁওখনত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছে ।

লগতে পঢ়ক : যোগীজান বাৰফুটিৰ ভগ্ন ৰে’লপথ মেৰামতিৰ বাবে নিয়োজিত ১৫০ৰো অধিক শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.