যোগীজান বাৰফুটিৰ ভগ্ন ৰে’লপথ মেৰামতিৰ বাবে নিয়োজিত ১৫০ৰো অধিক শ্ৰমিক

By

Published : Jun 18, 2022, 10:52 PM IST

thumbnail

কেইবাদিনো নেৰানেপেৰা বৰষুণৰ ফলত হোজাইত বৃদ্ধি পাইছে কপিলী নৈৰ জলপৃষ্ঠ ৷ লগতে নীপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি (Neepco releases excess water from Ranganadi hydroelectric plant) দিয়াৰ ফলত এতিয়া হোজাই আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত সৃষ্টি হৈছে এক হাহাকাৰময় পৰিৱেশৰ ৷ আনকি বানে ছিঙি লৈ যায় হোজাই আৰু যমুনামুখ ষ্টেচনৰ মাজৰ যোগীজান বাৰফুটিৰ ওচৰত ৰে’লপথচোৱাও (Damage of relway track in Hojai during flood) ৷ ফলত ব্যাহত হৈ পৰে উজনি আৰু নামনিৰ ৰে’ল চলাচল ৷ তথ্য অনুসৰি, এই ভগ্ন ৰে’লপথচোৱা নিৰ্মাণৰ বাবে মোতায়েন কৰা হৈছে এক বিশেষ ৰে’ল ৷ যি ৰে’লৰ জৰিয়তে প্ৰয়োজনীয় সামগ্ৰী লৈ প্ৰায় ১৫০ জন বনুৱাক ভগ্ন ৰে’লপথচোৱা মেৰামতিৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.