ETV Bharat / state

জোনাইত খাদ্য সংকটত পশুধন: অখাদ্য ভক্ষণ কৰি বেমাৰত হাজাৰ গৰু-ম'হ

author img

By

Published : Jun 19, 2022, 12:50 PM IST

Cow and buffalo in food crisis in Jonai
জোনাইত খাদ্য সংকটত পশুধন: অখাদ্য খাই বেমাৰত হাজাৰ গৰু-ম'হ

বলিয়া বানত তথৈবচ ৰাজ্যবাসীৰ অৱস্থা । বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ কৃষক তথা পশুপালক । দেখা দিছে খাদ্য সংকটে । কেৱল মানুহৰে নহয় পশুধনেও ভুগিছে চৰম খাদ্য সংকটত(Cow and buffalo in food crisis in Jonai) । জোনাইত ৮ খনৰো অধিক চৰ-চাপৰিত খাদ্য সংকটত পৰি অখাদ্য খাই বেমাৰত পৰিছে পশুধন ।

জোনাই,১৮ জুন: বানত বিধ্বস্ত হৈছে ৰাজ্য়ৰ ভিন্ন প্ৰান্ত । খাদ্য-বস্ত্ৰ-বাসস্থানৰ অভাৱত ভুগিছে বন্যাৰ্তই । পশুধনো সন্মুখীন হৈছে খাদ্য সংকটৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইতো চিয়াং নদীৰ বাঢ়নী পানীত বুৰ গৈছে বহুকেইখন গাঁৱৰ ঘৰবাৰী-কৃষিভূমি । বুৰ গৈছে শশ গো-পালকৰ চৰণীয়া পথাৰ ।

চিয়াং নদীৰ বাঢ়নী পানীয়ে বুৰাইছে জোনাই মহকুমাৰ অন্তৰ্গত মিৰিয়াকাল, ২.৩ নং কবু চাপৰি, পবা চাপৰি, চিয়াং নলা, ৪ নং কবু, শিৱগুৰী, দাৰিয়াচাপৰি আদি কৰি বহুকেইটা অঞ্চল । ফলত তীব্র খাদ্য সংকটে দেখা দিছে হাজাৰ-হাজাৰ পশুধনৰ মাজত । জানিব পৰামতে উক্ত অঞ্চলসমূহত থকা ৬২ গৰাকী গো-পালকৰ প্ৰায় ৪ সহস্রাধিক গৰু আৰু ছয় শতাধিক ম'হ খাদ্যৰ অভাৱত অখাদ্য খাই আক্ৰান্ত হৈছে বেমাৰত(Cow and buffalo in food crisis in Jonai) ।

জোনাইত খাদ্য সংকটত পশুধন: অখাদ্য খাই বেমাৰত হাজাৰ গৰু-ম'হ

খাদ্যৰ অভাৱত গৰু-ম'হসমূহে বালি থকা ঘাঁহ-বন তথা বোকাময় পানী খাই পশুধনৰ পেটৰ ৰোগত ভুগাৰ লগতে আন বেমাৰৰো সন্মুখীন হৈছে । ইফালে এই সন্দৰ্ভত জোনাই মহকুমা পশু চিকিৎসা বিভাগে শুকুৰবাৰে অঞ্চলসমূহ পৰিদৰ্শন কৰি পশুধনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে স্বাস্থ্যপৰীক্ষা কৰি গো-পালকলকৰ মাজত ঔষধ বিতৰণৰ ব্যৱস্থা কৰে(Jonai subdivision veterinary department) । শীঘ্ৰেই পশুধনৰ বাবে পশুখাদ্য যোগান ধৰা হ’ব বুলি বিভাগীয় বিযয়াই জানিবলৈ দিয়ে গো-পালকসকলক ।

লগতে পঢ়ক: বান প্ৰতিৰোধৰ বাবে নলা খন্দাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.