ETV Bharat / state

বান প্ৰতিৰোধৰ বাবে নলা খন্দাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

author img

By

Published : Jun 19, 2022, 9:46 AM IST

শনিবাৰে পশ্চিম গুৱাহাটীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই (MLA Ramendra Narayan Kalita) ৷ জলবন্দী ৰাইজক সকাহ দিয়াৰ বাবে সাময়িক ব্যৱস্থা হিচাবে নলা খন্দাৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ লোকনির্মাণ বিভাগ আৰু জলসম্পদ বিভাগৰ অভিযন্তাক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে।

বান প্ৰতিৰোধৰ বাবে নলা খন্দাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ
mla-ramendra-kalita-visited-flood-area-in-west-guwahati

গুৱাহাটী, 19 জুন : মহানগৰীত বানৰ প্ৰলংকাৰী ৰূপ (Flood in Guwahati) ৷ শনিবাৰে পশ্চিম গুৱাহাটীৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই (MLA Ramendra Narayan Kalita) ৷

বিগত দিনকেইটাত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ আন বহু জিলাৰ দৰে পশ্চিম গুৱাহাটী সমষ্টিৰ নগৰাঞ্চল-গ্ৰামাঞ্চলৰ বহু অঞ্চল বানপানীৰ কবলত পৰিছে । কামৰূপ গ্ৰামাঞ্চলৰ আজাৰা ৰাজহ চক্ৰৰ ধাৰাপুৰ, গড়ল , মাজিৰগাঁও, আজাৰা আৰু কাঁহিকুছি গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত পাঁচোখন গাঁও পঞ্চায়তৰ বহু বাট-পথ জলমগ্ন হৈছে ।

আৱদ্ধ হৈ থকা পানী বৈ যাব নোৱাৰাৰ বাবে পাঁচখন গাঁও পঞ্চায়তৰে বহু প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় আৰু ধাৰাপুৰ চাৰিআলিস্থিত পশ্চিম গুৱাহাটী মহাবিদ্যালয় বিগত কেবাদিনো ধৰি বন্ধ কৰি ৰখা হৈছে ৷ বানৰ বাবে শতাধিক পৰিয়াল জলবন্দী হৈ আছে ৷

বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বিধায়ক কলিতাই ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ লগতে বান পৰিস্থিতিৰ অধিক অৱনতি হ’লে জিলা প্ৰশাসনৰ জৰিয়তে আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লগতে পশুৰ বাবে খাদ্যৰ যোগান ধৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে ।

আনহাতে আৱদ্ধ হৈ থকা পানী উলিয়াই জলবন্দী ৰাইজক সকাহ দিয়াৰ বাবে সাময়িক ব্যৱস্থা হিচাবে নলা খন্দাৰ ব্যৱস্থা কৰিবলৈ লোকনির্মাণ বিভাগ আৰু জলসম্পদ বিভাগৰ অভিযন্তাক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক : কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.