ETV Bharat / state

পঞ্চায়ত সদস্যৰ ওপৰত খং উঠিছে বিধায়ক ৰামকৃষ্ণ ঘোষৰ

author img

By

Published : Jun 19, 2022, 1:31 PM IST

বানত ককবকাইছে ৰাজ্যবাসী (Flood situation in Assam)। আনহাতে হোজাইত খাদ্য সামগ্ৰী বিতৰণক লৈ খোৱা কামোৰা লাগিছে বিজেপি নেতা-কৰ্মীৰ মাজত । বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু পঞ্চায়তৰ সদস্যৰ মতানৈক্যই উত্তেজনাৰ সৃষ্টি কৰিছে হোজাই জিলাত ।

Flood situation in Assam
পঞ্চায়ত সদস্যৰ ওপৰত খং উঠিছে বিধায়ক ৰামকৃষ্ণ ঘোষৰ

হোজাই,১৯ জুন : ৰাজ্যৰ চৌদিশে এতিয়া কেৱল বন্যাৰ্তৰ হাহাকাৰ (Flood situation in Assam)। কোনোৱে হেৰুৱাইছে নিজৰ আপোন ঘৰখন, কাৰোবাৰ গৰু-ছাগলীকেইটা উটি গৈছে নৈত । সৰ্বস্ব হেৰুৱাই দিশহাৰা ৰাইজ । বহুতে আকৌ আশ্ৰয় লৈছে শিবিৰত ।

এটুপি খোৱাপানী, এমুঠি আহাৰৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে বানাক্ৰান্ত লোকসকলে । ইয়াৰ মাজতে একাংশ লোকে বানাক্ৰান্তৰ সহায়ৰ বাবে ওলাই আহিছে । খাদ্য সামগ্ৰীকে ধৰি বানাক্ৰান্তক আশ্ৰয় প্ৰদান কৰিছে লোকসকলে । বাকী জিলাৰ দৰে হোজাই জিলাৰো ঠায়ে ঠায়ে বানে ভয়ংকৰ ৰূপ লৈছে ।

বহুতে আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে । ইয়াৰ মাজতে জিলাখনৰ এটা আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তক ৰাহুল দে নামৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যই বিভিন্ন ধৰণে সহায় কৰিছে । কিন্তু আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীৰ এই কামত সম্ভৱতঃ সন্তুষ্ট হোৱা নাই বিজেপি বিধায়ক ৰামকৃষ্ণ ঘোষ । যাৰ বাবে ৰাহুল দে আৰু বিধায়কগৰাকীৰ মাজত মতানৈক্যৰ সৃষ্টি হয় (Argument between MLA Ramakrishna Ghosh and panchayat members)।

পঞ্চায়ত সদস্যৰ ওপৰত খং উঠিছে বিধায়ক ৰামকৃষ্ণ ঘোষৰ

কথাৰ কটা-কটি হোৱাৰ লগতে ভিডিঅ' কৰি থকা অৱস্থাত ৰাহুল দে'ৰ ম'বাইল কাঢ়ি নিয়াৰো চেষ্টা কৰে বিধায়কগৰাকীয়ে । বিজেপি দলৰে দুয়োগৰাকী নেতা-কৰ্মীৰ মাজত হোৱা এই মনোমালিন্যৰ বাবে সম্প্ৰতি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে (Clash between Hojai MLA and local BJP leader)।

উল্লেখ্য যে হোজাইৰ চিংগাড়ী বস্তি প্ৰাথমিক বিদ্যালয়ৰ বানাক্ৰান্ত শিবিৰত শনিবাৰে এই ঘটনাটো সংঘটিত হয় । বিধায়ক ৰামকৃষ্ণ ঘোষে শিবিৰত থকা বানাক্ৰান্তৰ খবৰ ল'বলৈ গৈছিল । তেতিয়াই একাংশ লোকে খাদ্য সামগ্ৰী প্ৰদান নকৰাক লৈ বিধায়কক উভতি ধৰে । সেই সময়ত খাদ্য সামগ্ৰী দিয়া নিদিয়াক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিৱেশৰো সৃষ্টি হয় ।

তেতিয়াই ৰাহুল দে'ই নিজৰ ম'বাইলেৰে ভিডিঅ' কৰি থকাত বিধায়কগৰাকীয়ে ম'বাইল কাঢ়ি নিবলৈ চেষ্টা কৰে লগতে আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে । এগৰাকী বানাক্ৰান্ত মহিলাকো ধমক দিয়ে বিধায়কগৰাকীয়ে । অৱশ্যে পৰৱৰ্তী সময়ত শিবিৰত বানাক্ৰান্তৰ বুজ লোৱাৰ লগতে উক্ত শিবিৰলৈ যোৱা পথৰ সাধাৰণ মেৰামতিও কৰি দিয়ে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক :Assam floods: বানৰ কৱলৰ পৰা কমলপুৰবাসীক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.