ETV Bharat / state

Flood in Lakhimpur : ৰঙানদীৰ বুকুত জাহ যোৱাৰ পথত ৩৬২ কোটি টকীয়া মথাউৰি

author img

By

Published : Jun 19, 2022, 1:13 PM IST

লখিমপুৰৰ চকুলো : ৰঙানদীৰ বুকুত জাহ যোৱাৰ পথত ৩৬২ কোটি টকীয়া মথাউৰি
362 crore rupees worth of embankment erosion in Ronganodi

ভয়ংকৰ সংকতত লখিমপুৰ নগৰ । চপৰা-চপৰে খহিছে নগৰখনৰ একমাত্ৰ সুৰক্ষা কৱচস্বৰূপ ৰঙানদীৰ মথাউৰি (Erosion in Ranganadi river) ৷ ৩৬২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰঙানদীৰ মথাউৰিটো ৰঙানদীৰ বকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷

লখিমপুৰ, ১৯ জুন : ফেনে ফুটুকাৰে বাঢ়িছে লখিমপুৰৰ চকুলোস্বৰূপ ৰঙানদী ৷ ভয়ংকৰ সংকতত পৰিছে লখিমপুৰ নগৰ । চপৰা চপৰে খহিছে নগৰখনৰ একমাত্ৰ সুৰক্ষা কৱচস্বৰূপ ৰঙানদীৰ মথাউৰি (Erosion in Ranganadi river) ৷

নীপকোৱে পানী এৰি দিয়াৰ ফলত(Water released by NEEPCO) নদীখনৰ চৌদিশে বিস্তৰ ক্ষতি কৰাৰ উপৰিও ৩৬২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মথাউৰিটোত খহনীয়াৰ সৃষ্টি হৈছে ৷ শেহতীয়াকৈ বগলীজানৰ সমীপতো মথাউৰি খহাইছে নদীখনে ৷ লখিমপুৰ নগৰৰ সুৰক্ষা কৱচস্বৰূপ এই মথাউৰিটো খহনীয়াত জাহ গ’লে লখিমপুৰৰ বৃহৎ অঞ্চলসহ লখিমপুৰ নগৰো পানীত ডুব যাব ৷

উল্লেখ্য যে, ২০১৭ চনতো এই অংশৰ সমীপতে নদীখনে মথাউৰি ছিঙি লখিমপুৰ নগৰ পৰ্যন্ত বুৰাই পেলাইছিল । ৰাজ্য চৰকাৰৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, বিধায়ক, প্ৰতিনিধি আহি এই ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ৷ সম্প্ৰতি খহনীয়া সৃষ্টি হোৱা অংশৰ দিশে নদীখন খৰালি কালৰপৰাই আগুৱাই আহিছিল । এনে পৰিস্থিতি সৃষ্টি কৰাৰ আশংকা থকাৰ পাছতো এই পৰ্যন্ত জলসম্পদ বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷

ৰঙানদীৰ বুকুত জাহ যোৱাৰ পথত ৩৬২ কোটি টকীয়া মথাউৰি

এই সন্দৰ্ভত ইটিভি ভাৰতত কেইদিনমানৰ পূৰ্বে এক প্ৰতিবেদন সম্প্ৰচাৰ হৈছিল । নদীখন আগুৱাই আহি মথাউৰিটোত খহনীয়াৰ সৃষ্টি কৰি নগৰখনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰে প্ৰকাশ হোৱা সেই বাতৰিৰ সত্যতা অৱশেষত প্ৰতীয়মান হ’ল । সম্প্ৰতি নদীখনে মথাউৰিটোত খহনীয়াৰ সৃষ্টি কৰাৰ পাছতহে যেন সাৰ পাইছে বিভাগটোৱে । শেহতীয়াকৈ বিভাগটোৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা লৈছে যদিও খহনীয়াৰ প্ৰকোপ কমা নাই ৷

ইয়াৰ ফলত লখিমপুৰ নগৰলৈ অশনি সংকেত নামি আহিছে ৷ ইতিমধ্যে পূৰ্বতে মথাউৰি ছিঙি জলপ্ৰলয়ৰ কবলত পৰা নগৰ তথা নগৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ আতংকিত হৈ পৰিছে । সকলোৱে মথাউৰি ছিঙি নদীখন নগৰৰ দিশে বৈ অহাৰ আশংকাত ভীতিগ্ৰস্ত হৈছে । অনতি পলমে জলসম্পদ বিভাগে মথাউৰিটোৰ সুৰক্ষাৰ ব্যবস্থা নকৰিলে লখিমপুৰ নগৰসহ এক বৃহৎ অঞ্চল অথাই সাগৰত পৰিণত হোৱাৰ আশংকাই দেখা দিছে ।

লগতে পঢ়ক : বান প্ৰতিৰোধৰ বাবে নলা খন্দাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.