ETV Bharat / state

ৰঙিয়াত বানৰ সংহাৰ : বিদ্যুৎ যোগান সম্পূৰ্ণভাৱে ব্যাহত

author img

By

Published : Jun 19, 2022, 2:23 PM IST

ৰঙিয়াত অব্যাহত আছে বানৰ তাণ্ডৱ (Flood in Rangia) ৷ ঠায়ে ঠায়ে যোৱা 5 দিনৰ পৰা বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে (Power supply disrupted in Rangia) ৷

বিদ্যুৎ যোগান সম্পূৰ্ণভাৱে ব্যাহত
Power supply disrupted in Rangia

ৰঙিয়া, 19 জুন : ৰাজ্যজুৰি সৃষ্টি হৈছে জলপ্ৰলয়ৰ (Flood in Assam)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ ইয়াৰ মাজতে ৰঙিয়াৰ ঠায়ে ঠায়ে যোৱা 5 দিনৰ পৰা বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে (Power supply disrupted in Rangia) ৷ ফলস্বৰূপে তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে ৰঙিয়াৰ বানাক্ৰান্ত ৰাইজ ৷

ইয়াৰোপৰি বিদ্যুৎ ব্যাহত থকাৰ ফলত বহু অঞ্চলত মোবাইলৰ ফোনৰ নেটৱৰ্ক (Cellular network disrupted in Rangia) পোৱা নাই লোকসকলে ৷ বানাক্ৰান্ত অঞ্চকেইটাত সম্পূৰ্ণ যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰাত চিন্তিত হৈছে লোকসকল ৷ ইফালে বিদ্যুৎ ব্যাহত হৈ থকাত বৈদ্যুৎচালিত পানীৰ মটৰ ব্যৱহাৰ কৰিব নোৱাৰাত একাংশ বিশুদ্ধ খোৱা পানীৰ অভাৱত পৰিছে (Drinking water crisis in Rangia) ।

উপায়ন্তৰ হৈ বানৰ পানী ফিল্টাৰ কৰি খাবলৈ বাধ্য হৈছে বানাক্ৰান্ত লোকসকলে ৷ ইয়াৰোপৰি চিকিৎসালয়সমূহত জৰুৰীকালীন সেৱাসমূহৰ বাহিৰে অন্য বিভাগৰ চিকিৎসাসেৱা বৰ্তমান পৰ্যন্ত ব্যাহত হৈ আছে ৷

Power supply disrupted in Rangia

আনহাতে বিদ্যুৎ বিভাগৰ ফালৰ পৰা জাৰি কৰা জাননীত উল্লেখ কৰে যে বিভিন্ন ঠাইৰ ট্ৰেঞ্চফৰ্মাসমূহ বানপানীৰ কবলত পৰাৰ ফলত ঠায়ে ঠায়ে সাময়িকভাৱে বিদ্যুৎ যোগান বন্ধ কৰি ৰখা হৈছে । পানীৰ স্তৰ কমি যোৱাৰ পাছতেই পুনৰাই বিদ্যুৎ যোগান ধৰা হ'ব বুলি আশ্বাস দিয়ে ৷

উল্লেখযোগ্য যে, বিদ্যুৎ ব্যাহত হৈ থকাৰ ফলত ৰঙিয়াৰ বিভিন্ন বজাৰত সম্প্ৰতি কেৰাচিন তেল , মম বা আন আন পোহৰৰ সজুলিসমূহৰ নাটনিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Assam floods: বঙাইগাঁৱত বন্যাৰ্তৰ কাষত মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.