ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 26, 2022, 3:01 PM IST

Updated : May 26, 2022, 3:30 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

বিহাৰৰ অৰণ্যত উদ্ধাৰ দুৰ্ধৰ্ষ মাওবাদীৰ মৃতদেহ

মাওবাদীজনৰ মূৰৰ ওপৰত প্ৰশাসনে ৮৪ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰি থৈছিল (Sandeep was a Maoist with a reward of rupees 84 lakh)। ৫৫ বছৰীয়া সন্দীপ যাদৱৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত ৫০০ ৰো অধিক গোচৰ ৰুজু হৈ আছে ।

Encounter in Kupwara : কুপৱাৰাত গুলীচালনাত নিহত তিনি সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ কুপৱাৰা(Encounter in Kupwara) ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত(Three LeT militants killed in an encounter) হয় । এক গোপন সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত এই এনকাউণ্টাৰ আৰম্ভ হৈছিল ।

TV artist killed in Budgam : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

জম্মু-কাশ্মীৰৰ বুদগামত সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ । আক্ৰমণত এগৰাকী মহিলা নিহত (Woman shot dead by terrorists in Budgam)। আক্ৰমণত ১০ বছৰীয়া কিশোৰ এজনো আঘাতপ্ৰাপ্ত । ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত আৰক্ষী, নিৰাপত্তা বাহিনীৰ অনুসন্ধান আৰম্ভ ।

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল : আনন্দ মিশ্ৰক অতিৰিক্তভাৱে ৰাজ্যিক অগ্নিনিৰ্বাপক সেৱা সংগঠনৰ উপ সঞ্চালকৰ দায়িত্ব

অসমৰ 9 গৰাকী শীৰ্ষ আৰক্ষী বিষয়াক বিভিন্ন পৰ্যায়লৈ সালসলনি(Reshuffle at the top level of Assam police) কৰা হৈছে ৷ গুৱাহাটীৰ সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া) আনন্দ মিশ্ৰক অতিৰিক্তভাৱে ৰাজ্যিক অগ্নিনিৰ্বাপক সেৱা সংগঠনৰ উপ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

Kargil highway road accident : দ খাৱৈত যাত্ৰীবাহী বাহন বাগৰি পিতা-পুত্ৰসহ 9 জনৰ মৃত্যু

বুধবাৰে বিয়লি মধ্য কাশ্মীৰৰ গান্দেৰবাল জিলাৰ শ্ৰীনগৰ-কাৰ্গিল ঘাইপথ(Kargil highway road accident) ত শ্ৰীনগৰলৈ গৈ থকা এখন বাহন দুৰ্ঘটনাত পতিত হয় ৷ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে 1200 ফুট দ খাৱৈত ৷ এই ভয়ংকৰ দুৰ্ঘটনাত পিতা-পুত্ৰসহ 9 জন লোক থিতাতে নিহত(9 dead after cab falls into deep gorge on Srinagar) হয় ৷

কৰণ জোহৰৰ বাৰ্থডে’ পাৰ্টীত গ্লেমাৰৰ পয়োভৰ

কৰণ জোহৰৰ বাৰ্থডে’ পাৰ্টীত ছবি জগতৰ অভিনেত্ৰীসকলে পৰিধান কৰা আকৰ্ষণীয় পোছাকসমূহ চাওক-

Namaz in taj mahal: তাজমহলত নামাজ পঢ়ি ৰঙাঘৰৰ আলহী হ'ল চাৰি পৰ্যটক

হায়দৰাবাদৰ চাৰি পৰ্যটকৰ বিলৈ ৷ নামাজ পঢ়িবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ল চাৰি পৰ্যটক (Namaz in taj mahal) ৷ সবিশেষ এই বাতৰিত...

Assam Police Firing: কোকৰাঝাৰত আৰক্ষীৰ গুলী আহত আফুৰুদ্দিন

কোকৰাঝাৰত এইবাৰ আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত আহত ধৰ্ষণকাণ্ডৰ লগত জড়িত এজন অভিযুক্ত (Police gunshots to rapist) ৷ নাম আফুৰুদ্দিন ইছলাম (২২) ৷

হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত সৰু যানবাহন চলাচল আৰম্ভ

বান-ভূমিস্খলনে তথৈবচ কৰা ডিমা হাছাওলৈ লাহে লাহে ঘুৰি আহিছে পূৰ্বৰ পৰিৱেশ(Grim atmosphere of flood-landslide in Dima Hasao) । আৰম্ভ হৈছে যানবাহনৰ চলাচল । বুধবাৰৰ পৰা হাফলং আৰু শিলচৰৰ মাজত যাতায়ত ব্যৱস্থা সাময়িকভাৱে সূচল হৈ উঠিছে(Traffic between Haflong and Silchar has been temporarily streamlined since Wednesday) ।

বলীউডৰ প্ৰেমৰ বা জাকে আপোনাকো চুই যাব, চাই থাকক ফটো আগলৈ

প্ৰেমত ঘূৰিছে ভূ-মণ্ডল ৷ কৰণ জোহৰৰ জন্মদিনৰ অনুষ্ঠানত বলীউড যুটিসমূহৰ ফটো দেখি আপুনিও হৈ পৰিব মতলীয়া ৷ চাওক ফটো-

Last Updated :May 26, 2022, 3:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.