ETV Bharat / state

Assam Police Firing: কোকৰাঝাৰত আৰক্ষীৰ গুলী আহত আফুৰুদ্দিন

author img

By

Published : May 26, 2022, 11:14 AM IST

encounterকোকৰাঝাৰত আৰক্ষীৰ গুলী আহত আফুৰুদ্দিন
encounterকোকৰাঝাৰত আৰক্ষীৰ গুলী আহত আফুৰুদ্দিন

কোকৰাঝাৰত এইবাৰ আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত আহত ধৰ্ষণকাণ্ডৰ লগত জড়িত এজন অভিযুক্ত (Police gunshots to rapist) ৷ নাম আফুৰুদ্দিন ইছলাম (২২) ৷

কোকৰাঝাৰ, ২৬ মে’ : ৰাজ্যত আকৌ গুলীচালনাৰ ঘটনা ৷ এইবাৰ কোকৰাঝাৰৰ ছালাকাটি থানাৰ অন্তৰ্গত ঢোলমাৰা অঞ্চলত বুধবাৰে মাজনিশা সংঘটিত হয় এই গুলীচালনাৰ ঘটনা (Assam Police Firing in Kokrajhar)৷ এইবাৰ আৰক্ষীৰ বন্দুকৰ গুলীত গুলীবিদ্ধ হয় ছালাকাটি অঞ্চলৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ লগত জড়িত এজন অভিযুক্ত (Police gunshots to rapist)৷ আৰক্ষীৰ গুলীত আহত হোৱা অভিযুক্তটোৰ নাম আফুৰুদ্দিন ইছলাম (২২) বুলি জানিব পৰা গৈছে ৷

আৰক্ষী সূত্ৰে উল্লেখ কৰা অনুসৰি, বিগত ২৩ মে'ত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণকাণ্ডৰ ৰেকৰ্ডিং ম’বাইলত আৱদ্ধ কৰি ৰাখিছিল আফুৰউদ্দিন ইছলামে । ৰেকৰ্ডিং কৰা ম’বাইলটো ঢোলমাৰা অঞ্চলৰ এটা গোপন ঠাইত লুকুৱাই থৈছিল আফুৰুদ্দিনে ৷ লুকুৱাই ৰখা ম’বাইলটো উদ্ধাৰৰ বাবে বুধবাৰে মাজনিশা আৰক্ষীয়ে আফুৰুদ্দিন ইছলামক লগত লৈ ঢোলমাৰা অঞ্চলত উপস্থিত হয় ৷

আৰক্ষীয়ে ম’বাইলটো বিচাৰিবলৈ যাওঁতেই আফুৰুদ্দিনে হঠাতে ছালাকাটি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পিষ্টল কাঢ়ি আৰক্ষীকে গুলী কৰিবলৈ উদ্যত হয় আৰু সেই স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে । উপায়ন্তৰ হৈ আৰক্ষীয়ে আফুৰুদ্দিনৰ ভৰিত গুলীয়াবলৈ বাধ্য হয় ৷

তাৰ পাচত আৰক্ষীৰ গুলীত আহত হোৱা আফুৰুদ্দিনক চিকিৎসাৰ বাবে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । উল্লেখ্য যে, চলিত মাহৰ ২৩ তাৰিখে ১৫ বছৰীয়া এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰিছিল আফুৰউদ্দিন আৰু তেওঁৰ দুই সহযোগীয়ে (Gang rape case)।

অভিযুক্ত আফুৰউদ্দিনৰ সহযোগী দুটা হৈছে মুস্তাফা আলী আৰু ছামেজউদ্দিন আলী । বৰ্তমান তিনিওটা অভিযুক্তকে আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Assam Police encounter: আৰক্ষীক আক্ৰমণ কৰা ড্ৰাগছ মাফিয়াক গুলীয়ালে ভৰিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.