ETV Bharat / state

Assam Police encounter: আৰক্ষীক আক্ৰমণ কৰা ড্ৰাগছ মাফিয়াক গুলীয়ালে ভৰিত

author img

By

Published : May 11, 2022, 4:33 PM IST

আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত আহত হ’ল ড্ৰাগছ সৰবৰাহকাৰী (Police gunshots to drugs peddler) ৷ জোনাইত সংঘটিত হৈছে এই এনকাউন্টাৰৰ ঘটনা ৷ ড্ৰাগছ বিক্ৰি কৰি থকা অৱস্থাতে হাতে লোটে আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীয়ে ডেগাৰেৰে আক্ৰমণ কৰিলে আৰক্ষীক (Drugs peddler attacked police)৷

Assam Police encounter
Assam Police encounter

জোনাই, ১১ মে': ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল জোনাই আৰক্ষীৰ আগ্নেয়াস্ত্ৰ (Police encounter in Jonai)৷ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিৎ কাৰ্দং ওৰফে ৰাজা ৷ ভৰিত গুলীবিদ্ধ হোৱা ড্ৰাগছ সৰবৰাহকাৰীটোক জোনাই খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৷ বুধবাৰে দিনৰ প্ৰায় ১১ বজাত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয় (Assam Police encounter) ৷

জানিব পৰা মতে, ২০২০ চনত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিৎ কাৰ্দং ৷ কিন্তু তিনিমাহ পাচতে জামিনত ওলাই আহি পুনৰ ড্ৰাগছৰ ব্যৱসায় আৰম্ভ কৰে বিশ্বজিতে ৷ বুধবাৰে বিশেষ সূত্ৰৰ পম খেদি জোনাইৰ মহকুমা আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাস আৰু জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত জোনাই বজাৰত অভিযান চলাই ড্ৰাগছৰ কিনা বেচা কৰি থকাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰে বিশ্বজিৎ কাৰ্দঙক (Drugs peddler nabbed by Assam police)৷

আৰক্ষীক আক্ৰমণ কৰা ড্ৰাগছ মাফিয়াক গুলীয়ালে ভৰিত

কিন্তু সেই মূহুৰ্ততে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰা বিশ্বজিতলৈ লক্ষ্য কৰি আৰক্ষী বিষয়া ভাৰ্গৱমুনি দাসে গুলীবৰ্ষণ কৰে ৷ ভৰিত গুলীবিদ্ধ হোৱা ড্ৰাগছ সৰবৰাহকাৰীটোক আৰক্ষীয়ে ততাতৈয়াকৈ জোনাই খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰে ৷

ড্ৰাগছ সৰবৰাহকাৰী বিশ্বজিৎ কাৰ্দঙৰ পৰা আৰক্ষীয়ে প্ৰায় ৭০ গ্ৰাম ব্ৰাউন চুগাৰ, এখন স্কুটি, প্ৰায় 15,000 নগদ টকা আৰু এখন ডেগাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ গুলীত আহত বিশ্বজিতৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগত জোনাই থানাত এক নিজাববীয়া গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, অসম আৰক্ষীয়ে বিগত সময়চোৱাত ড্ৰাগছ সৰবৰাহ বা আন তেনে অপৰাধৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি বহুকেইটা কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হৈছে (Assam police against drugs) ৷ কিন্তু তাৰ পাচতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ চকুত ধূলি দি একাংশই ড্ৰাগছৰ অবৈধ বেহা অব্যাহত ৰাখিছে ৷ মাত্ৰ কেইদিনমান পূৰ্বে লখিমপুৰত এগৰাকী শিশুৰ জেপৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কেইবাটাও ড্ৰাগছৰ পেকেট ৷ খোদ পিতৃ-মাতৃয়েই শিশুটিক এনে কামত জড়িত কৰোৱা বুলি জানিব পৰা গৈছিল ৷

একেদৰে মধ্য অসমৰ নগাঁও, ইয়াৰ কাষৰীয়া কাৰ্বি আংলং, কামৰূপ মহানগৰ, বৰপেটা আদি বহুকেইখন জিলাত সঘনে উদ্ধাৰ হৈ আছে হেৰ’ইন, ব্ৰাউনচুগাৰ আদি নিষিদ্ধ ড্ৰাগছৰ লগতে গাঞ্জা ৷ অসম আৰক্ষীৰ ফালৰ পৰা ইতিমধ্যেই এনেবোৰ সৰবৰাহৰ ক্ষেত্ৰত শূন্য সহনশীল হোৱাৰ কথা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক : বন্ধনৰ পৰা ঋণ লৈ মহিলাই আৰম্ভ কৰিলে ড্ৰাগছৰ ব্যৱসায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.