ETV Bharat / state

Firing in Goalpara: গোৱালপাৰাত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত আহত আৰক্ষী বিষয়া

author img

By

Published : Apr 29, 2022, 8:22 PM IST

Firing in Goalpara
গোৱালপাৰাত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত আহত আৰক্ষী বিষয়া

এইবাৰ ড্ৰাগছ সৰবৰৰাহকাৰীৰ গুলীত আহত হ’ল আৰক্ষী বিষয়া ৷ গোৱালপাৰাত সংঘটিত হয় এই ঘটনা ৷ ড্ৰাগছ সৰবৰাহকাৰীয়ে গুলীবিদ্ধ কৰে উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মাক (Police officer injured in Goalpara)৷

গোৱালপাৰা, 29 এপ্ৰিল: গোৱালপাৰা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । আৰক্ষীৰ উমান পাই পলাবলৈ লওতেই মটৰ চাইকেলৰ পৰা বাগৰি পৰে ড্ৰাগছ সৰবৰাহকাৰী ফাৰুক হুছেইন । ফাৰুক হুছেইনৰ লগত অহা আন এটা সৰবৰাহকাৰীয়ে আৰক্ষীলৈ গুলী চলোৱাত উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা গুলীবিদ্ধ হয় (Firing on police in Goalpara)। গুলীবিদ্ধ উপ-আৰক্ষী অধীক্ষকগৰাকীক গোৱালপাৰা চিভিল হস্পিতালত ভৰ্তি কৰোৱা হয় ।

গোৱালপাৰাত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত আহত আৰক্ষী বিষয়া

গোৱালপাৰাৰ মাকৰীত সংঘটিত এই ঘটনাত মটৰ চাইকেলৰ পৰা বাগৰি পৰা ড্ৰাগছ সৰবৰাহকাৰী ফাৰুক হুছেইন গুৰুতৰভাৱে আহত হয় (Drugs peddler in Goalpara) । আহত দুস্কৃতিকাৰীটোকো ততাতৈয়াকৈ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । অভিযানত গোৱালপাৰা জিলা উপ-আৰক্ষী অধীক্ষক গুলীবিদ্ধ হয় (Police injured in Goalpara)। উল্লেখ্য যে, শুকুৰবাৰে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ সন্মূখৰ পৰা জীৱন চৌধুৰী নামৰ এক ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত গোৱালপাৰা আৰক্ষীয়ে মাকৰী পথত চলাইছিল অভিযান ।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি আৰক্ষীৰ অভিযানৰ উমান পাইছিল ফাৰুক হুছেইন আৰক্ষীৰ নজৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল । ফাৰুক হুছেইনৰ লগত মটৰ চাইকেলত আন এজন আৰোহীও আছিল । পলাবলৈ লওতেই ফাৰুক হুছেইন মটৰ চাইকেলসহ বাগৰি পৰে আৰু আনজন আৰোহীজনে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চলায় । উক্ত দুস্কৃতিকাৰীটোৰ অনাকাংক্ষিত গুলীত উপ-আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা গুলীবিদ্ধ হয় (Encounter in Goalpara)। সম্প্ৰতি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন উপ-আৰক্ষী অধীক্ষকগৰাকী সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে ।

আৰক্ষী অধীক্ষক ভিভি ৰাকেশ ৰেড্ডীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে পলাতক দুস্কৃতিকাৰীটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ব আৰু ড্ৰাগছৰ লগত জড়িত সকলো ৰৌ-বৰালিক আইনৰ আওতালৈ অনা হ’ব ৷

লগতে পঢ়ক: New Video of Sanjiv Sarma: গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ নতুন ভিডিঅ' প্ৰকাশ আলফা স্বাধীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.