New Video of Sanjiv Sarma: গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ নতুন ভিডিঅ' প্ৰকাশ আলফা স্বাধীনৰ

By

Published : Apr 29, 2022, 6:04 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

পুনৰ আলফা স্বাধীনে ৰাজহুৱা কৰিছে এটা ভিডিঅ' । বুধবাৰে আৰক্ষীৰ গুপ্তচৰ বুলি দাবী কৰা সঞ্জীৱ শৰ্মা সন্দৰ্ভত কেতবোৰ তথ্য প্ৰকাশ কৰাৰ পাছত আলফা স্বাধীনে শুকুৰবাৰে আন এটা ভিডিঅ' ৰাজহুৱা কৰিছে (Video of Spy Sanjiv Sarma) । আলফা স্বাধীনৰ ম্যানমাৰ কেম্পত ধৰা পৰা অসম আৰক্ষীৰ চোৰাংচোৱা সঞ্জীৱ শৰ্মাৰ দ্বিতীয়টো ভিডিঅ'ত কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰা হৈছে । ইয়াৰ পূৰ্বে মঙলবাৰে আলফা স্বাধীনে প্ৰেৰণ কৰা ভিডিঅ’ বাৰ্তাটোত বাইহাটা মুক্তাপুৰৰ সঞ্জীৱ শৰ্মা নামৰ যুৱকজন সেনা আৰু অসম আৰক্ষীৰ চোৰাংচোৱা বুলি উল্লেখ কৰা হৈছিল । ভিডিঅ’টোত উল্লেখ কৰা অনুসৰি সেনা-আৰক্ষীৰ তৰফৰ পৰা তেওঁক আলফা(স্বা)ত যোগদান কৰিবলৈ পঠোৱা হৈছিল । শুকুৰবাৰৰ ভিডিঅ'টোত সঞ্জীৱ শৰ্মাই তেওঁৰ লগত কোন কোন জড়িত হৈ আছে আৰু কি মিছন লৈ তেওঁক আলফা স্বাধীনলৈ প্ৰেৰণ কৰা হৈছিল তাৰ বিষয়ে সদৰি কৰে ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.