ETV Bharat / state

হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত সৰু যানবাহন চলাচল আৰম্ভ

author img

By

Published : May 26, 2022, 2:11 PM IST

smooth traffic arrangements at dima hasao after 11 days
হাফলং শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত সৰু যানবাহন চলাচল আৰম্ভ

বান-ভূমিস্খলনে তথৈবচ কৰা ডিমা হাছাওলৈ লাহে লাহে ঘুৰি আহিছে পূৰ্বৰ পৰিৱেশ(Grim atmosphere of flood-landslide in Dima Hasao) । আৰম্ভ হৈছে যানবাহনৰ চলাচল । বুধবাৰৰ পৰা হাফলং আৰু শিলচৰৰ মাজত যাতায়ত ব্যৱস্থা সাময়িকভাৱে সূচল হৈ উঠিছে(Traffic between Haflong and Silchar has been temporarily streamlined since Wednesday) ।

ডিমা হাছাও২৬ মে': বান-ভূমিস্খলনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল পাহাৰীয়া জিলা হাছাওত(Grim atmosphere of flood-landslide in Dima Hasao) । পৰিস্থিতি কিছু স্থৱিৰ হোৱাত জিলাখনলৈ লাহে লাহে ঘুৰি আহিছে পূৰ্বৰ পৰিৱেশ । আৰম্ভ হৈছে যানবাহনৰ চলাচল । বুধবাৰৰ পৰা হাফলং আৰু শিলচৰৰ মাজত যাতায়ত ব্যৱস্থা সাময়িকভাৱে সূচল হৈ উঠিছে(Traffic between Haflong and Silchar has been temporarily streamlined since Wednesday । ১১ দিনৰ পাছত হাফলং আৰু শিলচৰ সংযোগী ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰম্ভ হৈছে সৰু সৰু যান বাহনৰ চলাচল ।

জলপ্ৰলয় আৰু ভূমিস্খলনৰ ফলত জাতিংগাৰ পৰা বান্দৰখাল দুৰবিন টিলালৈকে এই ঘাইপথচোৱা ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল । পথটোৰ জাতিংগা আৰু হাৰেংগাজাওৰ মাজৰ কাপুৰচৰা এলেকাত এখন পকী দলং জাতিংগা নৈৰ পানীয়ে উটুৱাই লৈ গৈছিল । ফলত যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিছিন্ন হৈ পৰিছিল ।

ইয়াৰ পাছতে লোক নিৰ্মাণ বিভাগে যুদ্ধকালীন প্ৰস্তুতিৰে পথচোৱা সূচল কৰাৰ কামত ব্যস্ত হৈ পৰিছিল । বৰ্তমান সময়ত বিভিন্ন স্থানত মাটি আৰু শিল পেলাই ঘাইপথটো সাময়িকভাৱে সুচল কৰা হৈছে । কিন্ত পুনৰ বৰষুণ হ'লে পথচোৱা পুনৰ বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰচুৰ ।

হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথত সৰু যানবাহন চলাচল আৰম্ভ

ইফালে বৰ্তমানেও জিলাখনত বন্ধ ৰে'লসেৱা । বান আৰু ভূমিস্খলনৰ ফলত বিদ্ধস্ত হৈ পৰা লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথৰ অৱস্থা বৰ্তমানেও শোচনীয় । যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানেও আৰম্ভ কৰিব পৰা নাই ৰে'লসেৱা । এই ৰেলপথটো বন্ধ হোৱাৰ ফলত বহিঃৰাজ্যৰ লগতে ডিমা হাছাওৰ সৈতে বৰাক উপত্যকাৰ তিনিখন জিলাৰ লগত ৰেলপথৰে যোগাযোগ বিছিন্ন হৈ পৰিছে ।

যাৰবাবে যুদ্ধকালীন প্ৰস্তুতিতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ৰাজ্যৰ লোক নিৰ্মান বিভাগে হাফলং-গুৱাহাটী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু হাফলং-শিলচৰ সংযোগী ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথটো সুচল কৰি তোলে । আনহাতে জিলাৰখনৰ অন্যান্য প্ৰান্তৰ লগত যোগাযোগ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে লোক নিৰ্মান বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এই সমগ্ৰ বিষয়টো উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা আৰু জিলা উপায়ুক্ত নাজৰিন আহমেদে নিজেই তদাৰক কৰি আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Batadrava incident : বটদ্ৰৱা কাণ্ডত জড়িত আন 2 দুজনক আটক

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.