ETV Bharat / state

Batadrava incident : বটদ্ৰৱা কাণ্ডত জড়িত আন 2 দুজনক আটক

author img

By

Published : May 26, 2022, 11:38 AM IST

বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া ঘটনাৰ লগতে জড়িত সকলক বিচাৰি আৰক্ষীৰ তদন্ত অব্যাহত । বুধবাৰে পুনৰ আটক দুজন অভিযুক্ত (Two persons involved in Batdrava incident apprehended)। এতিয়ালৈ কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

Batadrava incident
বটদ্ৰৱা আৰক্ষী থানা জ্বলাই দিয়া ঘটনা

নগাঁও,২৬ মে' : বুধবাৰে নিশাও নগাঁও আৰক্ষীয়ে অভিযান চলাই আটক কৰে আন দুজনকৈ অভিযুক্তক (Two persons involved in Batdrava incident apprehended)। বটদ্ৰৱাৰ হাইডুবিৰ পৰা নিশা নগাঁও আৰক্ষীয়ে আটক কৰে জেহেৰুল ইছলাম নামৰ এজন অভিযুক্তক । পৰবৰ্তী সময়ত পুনৰ নিশাই বটদ্ৰৱাৰ ভোমুৰাগুৰিৰ পৰা আটক কৰে উমৰ ফাৰুক নামৰ আন এজন অভিযুক্তক । আটক কৰা দুয়োজনকে নগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে ।

বটদ্ৰৱা কাণ্ডৰ ৫ দিন উকলিল (Batadrava incident)। ইতিমধ্যে বটদ্ৰৱা থানা জ্বলাই দিয়াৰ লগত জড়িত কেইবাজনকো আটক কৰিছে আৰক্ষীয়ে । এই ঘটনাক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত উত্তেজনা এতিয়াও অব্যাহত আছে । এই কাণ্ডক লৈ বিভিন্ন জনে প্ৰতিক্ৰিয়া কৰিছে । সমগ্ৰ দেশ কঁপাই যোৱা এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াও তীব্ৰ গতিত আগবাঢ়িছে । প্ৰতি নিশাই গ্ৰেপ্তাৰ হৈছে ইজনৰ পিছত সিজন অভিযুক্ত ।

উল্লেখ্য যে, শনিবাৰে নগাঁৱৰ বটদ্ৰৱাত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনা । বটদ্ৰৱাৰ ছালনাবড়িৰ ছফিকুল ইছলাম নামৰ যুৱকজনৰ মৃত্যুৰ পিছতেই আৰক্ষী থানাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । একাংশ উদণ্ড লোকে আৰক্ষী থানাত আক্ৰমণ কৰাৰ উপৰিও পেট্ৰ'ল ঢালি জ্বলাই দিছিল থানা (Public sets fire in Batadrava police station)। জ্বলি ছাই হৈছিল আৰক্ষী থানাত থকা গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰ ।

উক্ত ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে ইতিমধ্যেই গঠন কৰিছে এছ আই টি । বটদ্ৰৱা আৰক্ষীৰ বিৰুদ্ধেও উত্থাপন হৈছে বহু অভিযোগ । আৰক্ষীৰ বিৰুদ্ধেও তদন্ত কৰিবলৈ গঠন কৰা হৈছে তদন্ত কমিটি । ইয়াৰ মাজতে থানা আক্ৰমণ কৰা ঘটনাত জড়িত অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

বটদ্ৰৱা কাণ্ডত জড়িত প্ৰায় ২৫ জনকৈ লোকক এতিয়ালৈ নগাঁও আৰক্ষীয়ে আটক কৰিছে । ইয়াৰে বহু কেইজনৰ বিৰুদ্ধে ঘটনাত জড়িত থকাৰ পৰ্যাপ্ত তথ্য লাভ নকৰাত পৰৱৰ্তী সময়ত মুকলি কৰি দিয়ে আৰক্ষীয়ে । ঘটনাত জড়িত কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক :উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে বটদ্ৰৱা কাণ্ডৰ তদন্ত কৰাৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.