ETV Bharat / state

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে বটদ্ৰৱা কাণ্ডৰ তদন্ত কৰাৰ দাবী কংগ্ৰেছৰ

author img

By

Published : May 25, 2022, 10:55 PM IST

বুধবাৰে বটদ্ৰৱা কাণ্ডৰ বুজ লয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ এটা সজাতি দলে (Opposition leader Debabrat Saikia at Batadrava) ৷ বিৰোধী দলপতিগৰাকীয়ে উক্ত ঘটনাৰ তদন্ত উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়ধীশৰ জৰিয়তে কৰাৰ দাবী জনায় ৷

Batadrava Police Station case
বটদ্ৰৱা কাণ্ডৰ তদন্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে কৰাৰ দাবী

ধিং, 25 মে’: বটদ্ৰৱা আৰক্ষীৰ জিম্মাত ছফিকুল ইছলাম নামৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি একাংশ উত্তেজিত লোকে থানা জ্বলাই দিয়া ঘটনাৰ বুজ ল’বলৈ বটদ্ৰৱাত উপস্থিত হয় দেৱব্ৰত শইকীয়া (Opposition leader Debabrat Saikia at Batadrava)৷ বটদ্ৰৱা থানাৰ লগতে এই ঘটনাৰ পাছত ঘটনাৰ লগত জড়িত অপৰাধীৰ বাসগৃহত চলোৱা উচ্ছেদস্থলীও পৰিদৰ্শন কৰে ৷

বিৰোধী দলপতিগৰাকীক পৰিদৰ্শন কালত সংগ দিয়ে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামনি বৰা, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন, নগাঁও জিলা কমিটিৰ সভাপতি সুৰেশ বৰা আৰু নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ হুছেইনকে ধৰি বহুকেইজন কংগ্ৰেছ দলৰ নেতৃত্বই । কংগ্ৰেছ দলৰ এই সজাতি দলটোৱে প্ৰথমে দুৰ্বৃত্তই জ্বলোৱা বটদ্ৰৱা থানা পৰিদৰ্শন কৰাৰ পাছতে আৰক্ষীয়ে উচ্ছেদ চলোৱা পৰিয়ালসমূহৰ কাষলৈ গৈ পৰিস্থিতিৰ বুজ লয় (Batadrava Police Station case)৷

ইয়াৰ পাছতে সজাতি দলটোৱে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষীয়ে উচ্ছেদ চলোৱা ঘৰ-বাৰীৰ মাটিৰ তথ্য সংগ্ৰহ কৰে । বিৰোধী দলপতিগৰাকীয়ে সমগ্ৰ ঘটনাটো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়ধীশৰ জৰিয়তে তদন্ত হ’ব লাগে বুলি দাবী জনায় ।

লগতে পঢ়ক: NIA-ৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহা য়াছিন মালিক কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.