ETV Bharat / state

দেৰগাঁও ভয়ংকৰ পথ দুৰ্ঘটনাৰ চাৰ্জশ্বীট দাখিল - Golaghat Tragic Accident

Golaghat Bus Accident : প্ৰায় পাঁচ মাহৰ পিচত শনিবাৰে দেৰগাঁও আৰক্ষীয়ে ৰাজ্য কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্দৰ্ভত গোলাঘাট আদালতত চাৰ্জশ্বীট দাখিল কৰে ৷

Golaghat Tragic Accident
দেৰগাঁও ভয়ংকৰ পথ দুৰ্ঘটনাৰ চাৰ্জশ্বীট দাখিল (ETV Bharat ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 1:01 PM IST

গোলাঘাট, 16 জুন : চলিত বৰ্ষৰ 3 জানুৱাৰীত গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত ৰাজ্য কঁপোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ পুৱতি নিশা গোলাঘাট বচাগাঁৱৰ পৰা এদল লোকে বনভোজ খাবলৈ তিনিচুকীয়া অভিমুখে AS 02 AC 5083 নম্বৰৰ বাছেৰে গৈ আছিল ৷ তাৰ পিচতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাহনখন ৷

দেৰগাঁও ভয়ংকৰ পথ দুৰ্ঘটনাৰ চাৰ্জশ্বীট দাখিল (ETV Bharat ASSAM)

ফলত ঘটনাস্থলীতে শিশুসহ দহজন লোক নিহত হয় । তাৰ পিচতে শনিবাৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সন্থাক অভিযুক্ত সাব্যস্ত কৰি গোলাঘাট আদালতত চাৰ্জশ্বীট দাখিল কৰে দেৰগাঁও আৰক্ষীয়ে ৷ প্ৰায় পাঁচ মাহৰ পিচত শনিবাৰে দেৰগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰি চাৰ্জশ্বীট দাখিল কৰে গোলাঘাট আদালতত ।

লগতে পঢ়ক : গোলাঘাটৰ বছা-ভৰলোৱা গাঁৱত একেলগে জ্বলিল ১১ খন চিতা

এই সমগ্ৰ ঘটনা সন্দৰ্ভত অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়া মতে, চাৰ্জশ্বীটত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা 17 গৰাকী বীল্ডাৰছৰ (Builders) বিৰুদ্ধে উল্লেখ কৰিছে । লগতে উল্লেখ কৰা হৈছে যে পথ নিৰ্মাণ কৰা সময়ত সঠিকভাৱে ডাইভাৰচন (Diversion) নথকাৰ বাবে সন্মুখৰ পৰা অহা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় ৷ তাৰ পিচতে বছা-ভৰলোৱা গাঁৱত কান্দোনৰ ৰোল উঠে ৷

লগতে পঢ়ক: দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনা : মাত্ৰ এঘন্টা শুই গাড়ী চলাইছিল মৃদুল বৰাই

এই ঘটনাত নিহতকেইজন হৈছে -

  • অনিমা শইকীয়া (60)
  • শুভংকৰ শইকীয়া (13)
  • নিহাৰিকা বৰা (10)
  • দীপালী শইকীয়া (37)
  • নৱজিৎ শইকীয়া (40)
  • পিংকী শইকীয়া (48)
  • ৰিংকী বৰা (18)
  • প্ৰিঞ্চিপ্ৰিয়া বৰা (7)
  • নিত্যানন্দ বৰা (40)
  • মৃদুল বৰা(45)
  • ট্ৰাক চালক নুৰ আলম হক ।

ইয়াৰে নিত্যানন্দ বৰা(40) প্ৰিঞ্চিপ্ৰিয়া বৰা(7) ৰ পিতৃ আছিল ৷

লগতে পঢ়ক: বনভোজ খাবলৈ যোৱা যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ 12জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.