ETV Bharat / bharat

বিহাৰৰ অৰণ্যত উদ্ধাৰ দুৰ্ধৰ্ষ মাওবাদীৰ মৃতদেহ

author img

By

Published : May 26, 2022, 2:12 PM IST

মাওবাদীজনৰ মূৰৰ ওপৰত প্ৰশাসনে ৮৪ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰি থৈছিল (Sandeep was a Maoist with a reward of rupees 84 lakh)। ৫৫ বছৰীয়া সন্দীপ যাদৱৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত ৫০০ ৰো অধিক গোচৰ ৰুজু হৈ আছে ।

Maoist Sandeep Yadav Died
বিহাৰৰ অৰণ্যত উদ্ধাৰ দুৰ্ধৰ্ষ মাওবাদীৰ মৃতদেহ

নেশ্যনেল ডেস্ক,২৬ মে' : বিহাৰৰ গয়া জিলাৰ এখন অৰণ্যত উদ্ধাৰ দুৰ্ধৰ্ষ মাওবাদী নেতাৰ মৃতদেহ (Maoist leader found dead in Bihar)। ইয়াৰ পূৰ্বে মাওবাদীজনৰ মূৰৰ ওপৰত প্ৰশাসনে ৮৪ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰি থৈছিল । শীৰ্ষ মাওবাদীজন সন্দীপ কুমাৰ বুলি জানিব পৰা গৈছে । বিষ সেৱনৰ ফলত মাওবাদীজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে ।

গয়া জিলাৰ লুতুৱা আৰক্ষী থানাৰ সীমান্তৰ এখন অৰণ্যত উদ্ধাৰ হয় দুৰ্ধৰ্ষ মাওবাদী নেতা সন্দীপ যাদৱ ওৰফে বিজয় যাদৱৰ মৃতদেহ (Body of top Maoist leader found in forest)। বিহাৰ, ঝাৰখণ্ড, ছট্টীশগড়, ওড়িশা, পশ্চিমবংগ আৰু অন্ধ্ৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত বাঁকে বজাৰ খণ্ডৰ বাবুৰাম দেহ গাঁৱৰ বাসিন্দা ৫৫ বছৰীয়া সন্দীপ যাদৱৰ বিৰুদ্ধে ৫০০ ৰো অধিক গোচৰ ৰুজু হৈ আছে ।

জানিব পৰা মতে বিভিন্ন ৰাজ্যৰ আৰক্ষীয়ে মাওবাদীজনৰ বিৰুদ্ধে ঘোষণা কৰা পুৰষ্কাৰসমূহ যদি যোগ কৰা হয় তেনেহ'লে তাৰ পৰিমাণ হ'ব ৮৪ লাখ টকা (Sandeep was a Maoist with a reward of rupees 84 lakh)। প্ৰায় তিনি দশক ধৰি ঝাৰখণ্ডকে ধৰি বিভিন্ন ৰাজ্যত বহুতো আক্ৰমণৰ অভিযুক্ত আছিল এই মাওবাদীজন । বিহাৰত তেওঁৰ বিৰুদ্ধে প্ৰায় শতাধিক গোচৰ ৰুজু হৈ আছে ।

সন্দীপে কম বয়সতে মাওবাদী সংগঠনত যোগদান কৰিছিল । যোগদান কৰাৰ পিছত, চিপিআই-মাওবাদীৰ বেনাৰত বহুতো আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণত বহু আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল । মাওবাদীজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অসুস্থতাৰ বাবে মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । অৱশ্যে এই সন্দৰ্ভত পৰীক্ষা কৰি থকা হৈছে ।

গয়াৰ শীৰ্ষ আৰক্ষী বিষয়াই জনোৱা মতে ঘটনা সন্দৰ্ভত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে মাওবাদী সন্দীপৰ বিৰুদ্ধে ২০১৮ চনত এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটে (ED) অভিযান চলাইছিল । EDৰ দলটোৱে সন্দীপ যাদৱ ওৰফে বিজয় যাদৱ ওৰফে ৰূপেশৰ ৮৬ লাখ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল । ED য়ে বাজেয়াপ্ত কৰা এটা অট্টালিকাৰ মূল্য ৫০ লাখ টকা বুলি অনুমান কৰা হৈছিল ।

লগতে পঢ়ক :Manipur Police seized WY tablets : মণিপুৰ আৰক্ষীৰ জালত দুই সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.