ETV Bharat / bharat

TV artist killed in Budgam : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

author img

By

Published : May 26, 2022, 2:04 PM IST

জম্মু-কাশ্মীৰৰ বুদগামত সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ । আক্ৰমণত এগৰাকী মহিলা নিহত (Woman shot dead by terrorists in Budgam)। আক্ৰমণত ১০ বছৰীয়া কিশোৰ এজনো আঘাতপ্ৰাপ্ত । ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত আৰক্ষী, নিৰাপত্তা বাহিনীৰ অনুসন্ধান আৰম্ভ ।

TV artist killed in Budgam
সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

নেশ্যনেল ডেস্ক,২৬ মে' : জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে (Operation against militants in Jammu and Kashmir)। কিন্তু ইয়াৰ মাজতে বুদগাম জিলাৰ চাদুৰা অঞ্চলত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা (Woman shot dead by militants in Budgam)। ঘটনাত এজন কিশোৰো আহত হোৱাৰ খবৰ পোৱা গৈছে ।

মৃত মহিলাগৰাকী এটা টেলিভিচনত কৰ্মৰত আমৰিন ভাট বুলি চিনাক্ত হৈছে । ইফালে এই আক্ৰমণত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা (LeT)ৰ তিনি সদস্য জড়িত থকাৰ সন্দেহ কৰা হৈছে । ঘটনাৰ পাছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ জিলাখনত । আৰক্ষী, নিৰাপত্তা বাহিনীয়ে সমগ্ৰ অঞ্চলতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে নিশা প্ৰায় ৭.৫৫ বজাত এই ঘটনাটো সংঘটিত হৈছে । খাজিৰ মহম্মদ নামৰ লোকজনৰ কন্যা আমৰিন ভাটৰ বাসগৃহত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে । আমৰিনৰ ঘৰত লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীবৰ্ষণ কৰে ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী । লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ মৃত্যু হয় । আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীৰ সৈতে থকা ১০ বছৰীয়া ভতিজাকৰ বাহুতো গুলী লাগে ।

ঘটনাটোৰ পাছতে সমগ্ৰ অঞ্চলটো আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি ৰাখে । লগতে এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

  • At around 1955 hrs , terrorists fired upon one lady Amreen Bhat D/o Khazir Mohd Bhat R/o Hushroo Chadoora at her home. She was shifted to hospital in injured condition where doctors declared her dead. Her 10 year old nephew who was also at home recieved bullet injury on his arm.

    — Kashmir Zone Police (@KashmirPolice) May 25, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

জানিব পৰা মতে এদিন পূৰ্বে শ্ৰীনগৰত অনুৰূপ ঘটনা সংঘটিত হৈছিল । এগৰাকী আৰক্ষী বিষয়াৰ ঘৰৰ বাহিৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে । ফলত আৰক্ষী বিষয়াগৰাকী নিহত হয় আৰু তেওঁৰ ৭ বছৰীয়া কন্যা আহত হয় ।

ইফালে জম্মু-কাশ্মীৰৰ বহু অঞ্চলত শেহতীয়াকৈ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বহু স্থানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এনকাউণ্টাৰ অব্যাহত ৰাখিছে । এনকাউণ্টাৰবোৰত বহুকেইটা সন্ত্ৰাসবাদী নিহত হোৱাও দেখা গৈছে । কিন্তু তাৰ পাছতো এনেদৰে সাধাৰণ লোকৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাত এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Jammu tunnel collapse : তদন্তৰ বাবে গঠন তিনিজনীয়া সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.