ETV Bharat / bharat

Encounter in Kupwara : কুপৱাৰাত গুলীচালনাত নিহত তিনি সন্ত্ৰাসবাদী

author img

By

Published : May 26, 2022, 2:13 PM IST

জম্মু-কাশ্মীৰৰ কুপৱাৰা(Encounter in Kupwara) ত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত(Three LeT militants killed in an encounter) হয় । এক গোপন সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত এই এনকাউণ্টাৰ আৰম্ভ হৈছিল ।

three-let-militants-killed-in-an-encounter-in-j-and-ks-kupwara
কুপৱাৰাত গুলীচালনাত নিহত তিনি সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক, 26 মে’: বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত(Three LeT militants killed in an encounter) হয় । এই সংঘৰ্ষ সন্দৰ্ভত মন্তব্য কৰি জম্মু-কাশ্মীৰ আৰক্ষীয়ে কয় যে, কুপৱাৰাৰ জুমাগুণ্ড গাঁৱত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা অব্যাহত আছে ৷ এক গোপন সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত এই এনকাউণ্টাৰ(Encounter in Kupwara) আৰম্ভ হৈছিল ।

নিহত সন্ত্ৰাসবাদী তিনিজন লস্কৰ-ই-তৈবা (এলইটি)ৰ সৈতে জড়িত থকাৰ কথা সদৰি কৰিছে আৰক্ষীয়ে । এক বিবৃতিত কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শকে কয় যে, সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত তিনিওজন সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে । তেওঁলোকৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই ৷ ঘটনাস্থলীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদকে ধৰি আপত্তিজনক কেতবোৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷

ইফালে জম্মু-কাশ্মীৰৰ বাদগাম জিলাত তিনিজন লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীয়ে নিজ বাসগৃহত অভিনেত্ৰী আমৰিণ ভাটক হত্যা কৰাৰ লগতে অভিনেত্ৰীগৰাকীৰ নাবালক ভতিজাকক আহত কৰাৰ এদিন পিছতে এই ঘটনা সংঘটিত হয় ৷

মধ্য কাশ্মীৰ জিলাৰ হাচুৰা চাদুৰা অঞ্চলত এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছিল । অভিনেত্ৰীগৰাকীৰ ভতিজাকক ফাৰহান জুবেইৰ (১০) বুলি চিনাক্ত কৰা হৈছিল । ৰাজনৈতিক দলবোৰে এই নৃশংস আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দি সন্ত্ৰাসবাদী সংগঠনসমূহে নিৰীহক লক্ষ্য কৰাৰ কোনো যুক্তি নাই বুলি মন্তব্য প্ৰদান কৰিছিল ৷

লগতে চাওক: Tripura by poll : ২৩ জুনত ত্ৰিপুৰাৰ ৪ টা সমষ্টিত হ'ব উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.