ETV Bharat / bharat

Kargil highway road accident : দ খাৱৈত যাত্ৰীবাহী বাহন বাগৰি পিতা-পুত্ৰসহ 9 জনৰ মৃত্যু

author img

By

Published : May 26, 2022, 1:53 PM IST

বুধবাৰে বিয়লি মধ্য কাশ্মীৰৰ গান্দেৰবাল জিলাৰ শ্ৰীনগৰ-কাৰ্গিল ঘাইপথ(Kargil highway road accident) ত শ্ৰীনগৰলৈ গৈ থকা এখন বাহন দুৰ্ঘটনাত পতিত হয় ৷ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে 1200 ফুট দ খাৱৈত ৷ এই ভয়ংকৰ দুৰ্ঘটনাত পিতা-পুত্ৰসহ 9 জন লোক থিতাতে নিহত(9 dead after cab falls into deep gorge on Srinagar) হয় ৷

9 dead after cab falls into deep gorge on Srinagar-Kargil highway
দ খাৱৈত বাগৰিল যাত্ৰীবাহী বাহন

নেশ্যনেল ডেস্ক, 26 মে’ : কাৰ্গিল-শ্ৰীনগৰ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা(Kargil highway road accident) ৷ গভীৰ খাৱৈত যাত্ৰীবাহী বাহন বাগৰি থিতাতে মৃত্যু 9 জনৰ(Nine dead in JK road accident), আহত হয় এজন ৷

ঘটনা অনুসৰি, বুধবাৰে বিয়লি মধ্য কাশ্মীৰৰ গান্দেৰবাল জিলাৰ শ্ৰীনগৰ-কাৰ্গিল ঘাইপথত কাৰ্গিলৰ পৰা শ্ৰীনগৰলৈ গৈ থকাৰ পথত চালকজনে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুওৱাত 1200 ফুট দ খাৱৈত বাগৰি পৰে ৷ এই ভয়ংকৰ দুৰ্ঘটনাত পিতা-পুত্ৰসহ 9 জন লোক থিতাতে নিহত হয় আৰু আন এজন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ততালিকে উদ্ধাৰ কাৰ্য আৰম্ভ কৰে ৷ দুৰ্ঘটনাটোৰ লগে লগে 7 টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল, যদিও বৃহস্পতিবাৰে পুৱা অন দুটা মৃতদেহ উদ্ধাৰ কৰা হয় ৷

মৃত লোককেইজন ক্ৰমে- দুজন জম্মু-কাশ্মীৰৰ স্থানীয় লোক, চালক আজহাৰ ইকবাল, পুঞ্চৰ লিয়াকত হুছেইনৰ পুত্ৰ, গুজৰাটৰ চুৰাটৰ অংকিত দিলীপ, গান্ধী মাৰ্মো আৰু তেওঁৰ পিতৃ মংগল মাৰ্মো, পাঠানকোটৰ বাসিন্দা ৰঞ্জিত কুমাৰ, উত্তৰ প্ৰদেশৰ মথুৰাৰ বাসিন্দা নানক চান্দৰ আৰু আছলাম প্ৰাৰে । আনহাতে আহত হোৱা অৰবিন্দ যাদৱ (20) সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷

লগতে চাওক: 1991 Sikh killings : নিৰীহ শিখৰ হত্যাৰ অভিযুক্ত আৰক্ষীৰ জামিন অস্বীকাৰ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.