ETV Bharat / state

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল : আনন্দ মিশ্ৰক অতিৰিক্তভাৱে ৰাজ্যিক অগ্নিনিৰ্বাপক সেৱা সংগঠনৰ উপ সঞ্চালকৰ দায়িত্ব

author img

By

Published : May 26, 2022, 1:30 PM IST

reshuffle-at-the-top-level-of-assam-police
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদবদল

অসমৰ 9 গৰাকী শীৰ্ষ আৰক্ষী বিষয়াক বিভিন্ন পৰ্যায়লৈ সালসলনি(Reshuffle at the top level of Assam police) কৰা হৈছে ৷ গুৱাহাটীৰ সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া) আনন্দ মিশ্ৰক অতিৰিক্তভাৱে ৰাজ্যিক অগ্নিনিৰ্বাপক সেৱা সংগঠনৰ উপ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

গুৱাহাটী, 26 মে’ : অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি(Reshuffle at the top level of Assam police) ৷ অসমৰ 9 গৰাকী শীৰ্ষ আৰক্ষী বিষয়াক বিভিন্ন পৰ্যায়লৈ সাল-সলনি কৰা হৈছে ৷ গুৱাহাটীৰ সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া) আনন্দ মিশ্ৰক অতিৰিক্তভাৱে ৰাজ্যিক অগ্নিনিৰ্বাপক সেৱা সংগঠনৰ উপ সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

অৱসৰপ্ৰাপ্ত এছ এম ব্ৰিগেডিয়াৰ চৰণদ্বীপ সিঙক দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বিশেষ মহা পৰিদৰ্শকৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ দেৰগাঁৱৰ উপ আৰক্ষী মহাপৰিদৰ্শক (প্ৰশিক্ষণ) মইনুল ইছলাম মণ্ডলক গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে ।

আনহাতে, নৱম অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক হেমেন দাসক শিলচৰৰ উপ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে । তৃতীয় অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক ফাৰুক আহমেদক শদিয়াৰ উপ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে ৷ সেইদৰে 19 সংখ্যক অসম আৰক্ষী (আই আৰ) বাহিনীৰ উপ আৰক্ষী অধীক্ষক দ্ৰুণকান্ত দেউৰীক গোলাঘাটৰ উপ আৰক্ষী অধীক্ষক (সীমান্ত) পদলৈ বদলি কৰা হৈছে ।

দ্বিতীয় অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক গিৰিন সোণোৱালক হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে । দ্বিতীয় এপিটিএফ বেটেলিয়ানৰ সহকাৰী অধিনায়ক কুঞ্জলাল পাটৰক দৰঙৰ উপ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে ৷ তৃতীয় অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক মহেন্দ্ৰ মোহন পাটোৱাৰীক হোজাইৰ উপ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰা হৈছে ।

লগতে চাওক: ধুবুৰীৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে ভুৱা প্ৰমাণপত্ৰ দাখিলৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.