ETV Bharat / state

ধুবুৰীৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে ভুৱা প্ৰমাণপত্ৰ দাখিলৰ অভিযোগ

author img

By

Published : May 26, 2022, 10:31 AM IST

১৩ নম্বৰ ৱাৰ্ডৰ পৰা জয়ী হোৱা বিজেপি প্ৰাৰ্থী তথা নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ দোলা বিশ্বাসৰ বিৰুদ্ধে উত্থাপন হৈছে নথিপত্ৰৰ জালিয়াতিৰ অভিযোগ(Ward commissioner of Dhubri municipality board accused of filing fake certificates) ৷ নিজৰ মনোনয়ন পত্ৰৰ সৈতে দোলা বিশ্বাসে জমা দিছিল ভুৱা এছ চি প্ৰমাণপত্ৰ ৷ এই অভিযোগ তুলি ১৩ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীগৰাকীৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা অগপ প্ৰাৰ্থী সোমা ৰয়ৰ স্বামী পাৰ্থ কুমাৰ পালে নিৰ্বাচনৰ পিছতেই বিজেপি প্ৰাৰ্থী দোলা বিশ্বাসৰ নথিপত্ৰ বিচাৰি আৰ টি আই কৰে ৷

ward-commissioner-of-dhubri-municipality-board-accused-of-filing-fake-certificates
ভুৱা প্ৰমাণপত্ৰ দাখিলৰ অভিযোগ

ধুবুৰী, 26 মে’ : ধুবুৰী পৌৰসভা নিৰ্বাচনত 13 নং ৱাৰ্ডত বিজেপি দলৰ পৰা নিৰ্বাচিত হোৱা ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে তথ্য জালিয়াতি কৰাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ৷ উল্লেখ্য যে, ধুবুৰী পৌৰসভাৰ 16 টা ৱাৰ্ডতেই অগপ আৰু বিজেপিয়ে দলীয় প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল ৷ ষোল্লটা ৱাৰ্ডৰ ভিতৰত ১১ খনত বিজেপিয়ে , ২ খনত অগপ, ১ খনত কংগ্ৰেছ আৰু ২ খনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে পৌৰসভা গঠন কৰে বিজেপিয়ে ৷

কিন্তু ইয়াৰে ১৩ নম্বৰ ৱাৰ্ডৰ পৰা জয়ী হোৱা বিজেপি প্ৰাৰ্থী তথা নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ দোলা বিশ্বাসৰ বিৰুদ্ধে উত্থাপন হৈছে নথিপত্ৰৰ জালিয়াতিৰ অভিযোগ(Ward commissioner of Dhubri municipality board accused of filing fake certificates) ৷ নিজৰ মনোনয়ন পত্ৰৰ সৈতে দোলা বিশ্বাসে জমা দিছিল ভুৱা এছ চি প্ৰমাণপত্ৰ ৷ এই অভিযোগ তুলি ১৩ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীগৰাকীৰ নিকটতম প্ৰতিদ্বন্দ্বী তথা অগপ প্ৰাৰ্থী সোমা ৰয়ৰ স্বামী পাৰ্থ কুমাৰ পালে নিৰ্বাচনৰ পিছতেই বিজেপি প্ৰাৰ্থী দোলা বিশ্বাসৰ নথিপত্ৰ বিচাৰি আৰ টি আই কৰে ৷

ধুবুৰীৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে ভুৱা প্ৰমাণপত্ৰ দাখিলৰ অভিযোগ

সেইমতে ২৪ মে’ত জিলা প্ৰশাসনে দিয়া আৰ টি আই(Right to information act) ৰ তথ্য অনুসৰি বিজেপি প্ৰাৰ্থী দোলা বিশ্বাসৰ এছ চি প্ৰমাণপত্ৰৰ কোনো ৰেকৰ্ড নাই ৷ তাৰ পিছতেই দোলা বিশ্বাসৰ এছ চি চাৰ্টিফিকেট ভুৱা বুলি দাবী কৰিছে অগপই ৷ নথিপত্ৰৰ এনে ভয়ংকৰ জালিয়াতিৰ তথ্য পোহৰলৈ অহাৰ পিছতেই মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ দায়িত্বত থকা জিলা প্ৰশাসনৰ বিষয়াসকললৈ এতিয়া সন্দেহৰ আঙুলি টোৱাইছে অগপই ৷ ভুৱা নথিপত্ৰৰে মনোনয়ন দাখিল কৰা বিজেপিৰ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰি নিকটতম প্ৰতিদ্বন্দ্বী অগপ প্ৰাৰ্থী সোমা ৰয়ক বিজয়ী ঘোষণা কৰিবলৈ দাবী উৎত্থাপন কৰিছে অগপই ৷

এতিয়া নিৰ্বাচন আয়োগে যদি বিজেপিৰ নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ দোলা বিশ্বাসৰ মনোনয়ন পত্ৰ বাতিল কৰে, তেন্তে নিকটতম অগপ প্ৰাৰ্থী সোমা ৰয়ৰ জয় একপ্ৰকাৰ নিশ্চিত ৷ ইপিনে কেৱল ১৩ নম্বৰ ৱাৰ্ডতেই নহয় ৷ ধুবুৰী পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডৰ পৰা নিৰ্বাচিত হোৱা বিজেপি দলৰ ৱাৰ্ড কমিচনাৰৰ নথিপত্ৰত জালিয়াতি আছে বুলিও উল্লেখ কৰে অগপৰ জিলা সভাপতিগৰাকীয়ে ৷ যদি প্ৰকৃততে এনে ভয়ংকৰ জালিয়াতি হৈছে তেন্তে জিলা প্ৰশাসনে পৰোক্ষভাৱে বিজেপিক সহায় কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে ৷

লগতে চাওক: ভাৰত-ম্যানমাৰ সীমান্তত প্ৰায় ৪৫ কোটি মূল্যৰ ড্ৰাগছ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.