ETV Bharat / city

ৰাজ্যজুৰি মাওবাদী আৰু জেহাদীৰ বিৰুদ্ধে অব্যাহত আছে ব্যাপক অভিযান

author img

By

Published : May 4, 2022, 6:31 PM IST

Massive campaign against Maoists and jihad
Massive campaign against Maoists and jihad

মাওবাদীৰ বিৰুদ্ধে NIAৰ অভিযানত গ্ৰেপ্তাৰ বহুজন (Anti terrorist operation by NIA)৷ মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অৰুণ কুমাৰ ভট্টাচার্য ওৰফে কাঞ্চন দাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এতিয়া ৰাজ্যখনত ইজনৰ পাছত সিজনকৈ মাওবাদী নেতা তথা কর্মী গ্ৰেপ্তাৰ হৈছে (Kanchan da arrested in Assam) ৷ ইফালে ৰাজ্যত জেহাদীৰ প্ৰশিক্ষণ শিবিৰ ৷ উদ্ধাৰ হৈছে জেহাদৰ বিভিন্ন পুস্তিকা ৷ ইছলাম ধৰ্মাৱলম্বী কিছুমান বছা বছা যুৱকক ধৰ্মৰ দোহাই দি দিয়া হৈছে জেহাদী প্ৰশিক্ষণ (Jihadi training in Assam) ৷ মাওবাদী আৰু মৌলবাদীয়ে পৃথক পৃথক পৰিকল্পনাৰে কাম কৰি আছে অসমত ৷

গুৱাহাটী, ৪ মে' : ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ই মাওবাদীৰ বিৰুদ্ধে অসমত অভিযান অব্যাহত ৰাখিছে (Maoist in Assam)৷ বিগত মার্চ মাহত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অৰুণ কুমাৰ ভট্টাচার্য ওৰফে কাঞ্চন দাক গ্ৰেপ্তাৰ কৰাৰ পাচতেই এতিয়া ৰাজ্যখনত ইজনৰ পাছত সিজনকৈ মাওবাদী নেতা তথা কর্মী গ্ৰেপ্তাৰ হৈছে (Kanchan da arrested in Assam)৷ শেহতীয়াকৈ মঙলবাৰে NIA ই গ্ৰেপ্তাৰ কৰিছে পলাশবাৰীৰ কুমুদ শালৈক ৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে চমন দি শালৈক গুৱাহাটীলৈ মাতি আনি গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমান NIA ৰ জিম্মাত আছে ধৃত মাওবাদীজন ৷ NIAৰ গুৱাহাটী কার্যালয়ে ৰুজু কৰা ১/২০২২ নম্বৰ গোচৰটোৰ ভিত্তিতে মঙলবাৰে কুমুদ হালৈক গ্ৰেপ্তাৰ কৰা হয় (Anti terrorist operation by NIA)৷

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলত মাওবাদীৰ কার্যকলাপ বৃদ্ধি কৰাৰ বাবে চেষ্টা অব্যাহত ৰখাৰ এক গোচৰৰ অনুসন্ধান কৰি থকা NIA ই বিগত দুটা মাহত ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই বহুকেইজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে (NIA arrests Maoists in Assam) ৷ ডিব্ৰুগড়ৰ পৰা NIA ই ৰীমা ওৰাং ওৰফে সৰস্বতী নামৰ এগৰাকী মহিলাৰ লগতে কাছাৰত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অৰুণ কুমাৰ ভট্টাচার্য ওৰফে কাঞ্চন দাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰাজ্যত মাওবাদীৰ উত্থানৰ নতুন নতুন তথ্য পোহৰলৈ আহিছে ৷

Massive campaign against Maoists and jihad
অৰুণ কুমাৰ ভট্টাচার্য ওৰফে কাঞ্চন দা

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মাওবাদী দলৰ পূব আঞ্চলিক ব্যুৰ’লৈ যথেষ্ট পুঁজি স্থানান্তৰ কৰা হৈছে ৷ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা কাঞ্চন দাক অসম তথা উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহত মাওবাদ প্ৰসাৰৰ বাবে দায়িত্ব দিয়া হৈছিল ৷ এতিয়া গ্ৰেপ্তাৰ হোৱা মাওবাদীসকলৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতেই NIA ই অভিযান তীব্ৰ কৰি তুলিছে (Maoists activities in Assam) ৷

লগতে পঢ়ক : অসমত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ মাওবাদী নেতা কাঞ্চন দা

লক্ষ্যনীয় বিষয় যে, অসমত মৌলবাদী আৰু মাওবাদীৰ উত্থানক লৈ শংকিত হৈ পৰিছে চৰকাৰ আৰু আৰক্ষী বিভাগ ৷ অসমত মাওবাদী আৰু মৌলবাদীৰ বৃহৎ চক্ৰ উৎখাত হোৱা ঘটনাই ইয়াকে প্ৰমাণ কৰে যে, অসমত এই দুয়োটা ধাৰাৰ সন্ত্ৰাসবাদে খোপনি পুতিবলৈ সক্ষম হৈছে ৷ অসম তথা উত্তৰ-পূৱক মাওবাদৰ মানচিত্ৰত অন্তর্ভুক্ত কৰাৰ লক্ষ্যৰে প্ৰায় তিনিবছৰ পূৰ্বে বৰাকত বাহৰ পাতিছিল দুর্ধর্ষ মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাৰ্য ওৰফে কাঞ্চন দা ওৰফে জ্যোতিষ ওৰফে কনকে ৷

অসম আৰক্ষীয়ে কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা এইজন দুর্ধর্ষ নেতাক চলোৱা জেৰাকালত উন্মোচিত হৈছে মাওবাদৰ ভয়ংকৰ কার্যকলাপৰ তথ্য ৷ অসম আৰক্ষীৰ এডিজি পৰ্যায়ৰ এগৰাকী বিষয়াই অৱগত কৰা অনুসৰি, জেৰাকালত কাঞ্চন দাই প্ৰকাশ কৰা মতে অসম তথা উত্তৰ-পূৱত বিগত সময়ছোৱাত মাওবাদ সম্প্ৰসাৰণ কৰাৰ বাবে বিভিন্ন পর্যায়ত চেষ্টা চলোৱা হৈছিল যদিও সেয়া বিফল হোৱাৰ পৰিপ্ৰেক্ষিতত কাঞ্চন দাক বিশেষ দায়িত্বৰে প্ৰেৰণ কৰা হৈছিল উত্তৰ-পূৱলৈ (Kanchan daa in Assam)৷

লগতে পঢ়ক : অসমত মাওবাদ শক্তিশালী কৰাৰ বাবে নতুন সংবিধান ৰচনা কৰিছিল কাঞ্চন দাই

উজনি অসমত কিছু সাংগঠনিক দিশ শক্তিশালী কৰা কাঞ্চন দাই বৰাক উপত্যকাৰ পৰা মণিপুৰ, মিজোৰাম আৰু ডিমা হাছাও জিলাত মাওবাদ শক্তিশালী কৰাৰ বাবে দুবছৰ পূৰ্বে আহি আৰম্ভ কৰিছিল বিভিন্ন কার্যকলাপ ৷ ৭২ বছৰীয়া কাঞ্চন দা পূৰ্বে চি পি আইৰ সাধাৰণ কৰ্মী আছিল ৷ পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদৰ প্ৰতি আকৃষ্ট হোৱা কাঞ্চন দাই মাওবাদীৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ সংস্পৰ্শলৈ আহি মাওবাদৰ কাম-কাজ আৰম্ভ কৰে ৷

ঝাৰখণ্ড, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, বিহাৰ আৰু কলকাতাত বিভিন্ন সাংগঠনিক কাম-কাজ কৰা কাঞ্চন দাই এই ৰাজ্যসমূহলৈ উত্তৰ-পূৱৰ পৰা যোগান ধৰিছিল অস্ত্ৰ-শস্ত্ৰ ৷ মাওবাদী নেতাজনৰ বিৰুদ্ধে দেশৰ বিভিন্ন থানাত ২০০ টাতকৈ অধিক গোচৰ বিভিন্ন থানাত ৰুজু হৈ আছে ৷ এইজন দুর্ধৰ্ষ মাওবাদীজনৰ মূৰৰ মূল্য ৩ কোটি টকা নির্ধাৰণ কৰিছিল আৰক্ষীয়ে ৷ বিগত বৰ্ষত কলকাতাত মাওবাদীৰ শীৰ্ষ নেতা কিষান দা গ্ৰেপ্তাৰ হোৱাৰ পাছত সংগঠনৰ শীৰ্ষ নেতাৰ দায়িত্ব লাভ কৰিছিল কাঞ্চন দাই ৷ মাওবাদৰ মাষ্ট‍াৰ মাইণ্ড ৰূপে পৰিচিত কাঞ্চন দাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মাওবাদৰ ভেঁটি শক্তিশালী কৰাৰ বাবে তৎপৰ হৈ আছিল ৷

বিশেষকৈ বিভিন্ন উগ্ৰবাদী সংগঠনৰ আত্মসমৰ্পন কৰা কেডাৰসকলক মাওবাদৰ অনুগত্য কৰাৰ বাবে তেওঁ কাম কৰি আহিছিল ৷ বৰাকৰ পৰাই মণিপুৰকে ধৰি উত্তৰ-পূবৰ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ পৰা মূল সূঁতিলৈ ঘূৰি অহা সকলৰ সৈতে তেওঁ যোগাযোগ অব্যাহত ৰাখিছিল ৷ শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে দীৰ্ঘদিন ধৰি অসমত বাহৰ পাতি থকা কাঞ্চন দাই অসমতে থাকি এটা বছৰৰ ভিতৰতে উত্তৰ-পূৱত মাওবাদী শক্তিশালী কৰাৰ বাবে নতুন সংবিধান ৰচনা কৰিছিল ৷ অসমত মাওবাদৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেওঁ বহু যুৱকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল ৷

লগতে পঢ়ক : মাওবাদী আৰু জেহাদীৰ সমান্তৰাল তৎপৰতাক লৈ শংকিত অসম চৰকাৰ

লক্ষণীয় বিষয় যে আলফা, এন এছ চি এনকে আদি কৰি বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰে চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া স্থবিৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বহু যুৱক-যুৱতী পুনৰ সশস্ত্ৰ পন্থালৈ ঘূৰি যোৱা পৰিলক্ষিত হৈছে ৷ যাৰ সুবিধা গ্ৰহণ কৰিছিল মাওবাদী কাঞ্চন দাই ৷ কার্যতঃ শ্লীপাৰ চেল হিচাপে ইতিমধ্যে অসমৰ বিভিন্ন স্থানত এই যুৱকসকলক কামৰ দায়িত্ব দিয়া হৈছে ৷ কাঞ্চন দা গ্ৰেপ্তাৰ হোৱাৰ পাছতে এতিয়া আৰক্ষীয়ে এজনৰ পাছত আনজনকৈ মাওবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জনোৱা মতে অসমত ২০০৯-১০ চনৰ পৰা মাওবাদৰ গতিবিধি আৰম্ভ হৈছিল যদিও বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ তদুপৰি সময়ে সময়ে অসমত মাওবাদৰ নেতৃত্ব দিয়া সকলে মূলসূঁতিলৈ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত মাওবাদৰ ভেঁটি শক্তিশালী হোৱা নাছিল ৷ ইফালে অসমত সক্ৰিয় হৈ উঠা মাওবাদ আৰু মৌলবাদৰ মাজত কোনো যোগসূত্ৰ নাই বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে সদৰি কৰিছে যদিও সন্ত্ৰাসবাদৰ দুয়োটা ধাৰাই অসমত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

উদ্বেগৰ বিষয় যে, ৰাজ্যখনত মাওবাদৰ বিপৰীতে জেহাদৰ এক বৃহৎ নেটৱৰ্ক গঢ় লৈ উঠিছে ৷ ৰাজ্যত জেহাদ বিয়পোৱাৰ নামত নামনি অসমৰ বিভিন্ন অঞ্চলত গোপন কুচ-কাৱাজ চলাৰ গুৰুত্বপূর্ণ ঘটনা সংঘটিত হৈ আছে ৷ শেহতীয়াভাৱে বৰপেটা জিলাত আৰক্ষীয়ে উৎখাত কৰা প্ৰশিক্ষণ শিবিৰ তথা গ্ৰেপ্তাৰ কৰা জেহাদীৰ পৰা লাভ কৰা তথ্যই জেহাদৰ বহু কথা পোহৰলৈ আনিছে ৷ আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্ৰই জনোৱা মতে ইছলাম ধৰ্মাৱলম্বী কিছুমান বছা বছা যুৱকক ধৰ্মৰ দোহাই দি দিয়া হৈছে জেহাদী প্ৰশিক্ষণ ৷

লগতে পঢ়ক : মাওবাদী আৰু মৌলবাদীৰ উত্থানে অসমলৈ কঢ়িয়াই আনিছে ভাবুকি

ইয়াৰ বাবে স্থাপন কৰা হৈছিল প্ৰশিক্ষণ শিবিৰ আৰু আমদানি কৰা হৈছিল উর্দু আৰু বাংলা ভাষাত ছপা কৰা জেহাদৰ পুস্তিকা ৷ এই পুস্তিকাত সন্নিৱিষ্ট বিষয়ৰ জৰিয়তে এইসকল যুৱকক জেহাদীলৈ পৰিৱৰ্তন কৰাৰ বাবে চলোৱা হৈছিল গোপন ষড়যন্ত্ৰ ৷ আনকি এনে পুস্তিকাৰ প্ৰতিলিপিও ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে ৷

মন কৰিবলগীয়া যে, বঙাইগাঁও আৰক্ষীয়ে ১৮ এপ্ৰিলত ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাৰ পৰা তিনিজনকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিছিল (Jihadi in Assam)৷ আব্দুল কাছিম, হাকিম আলী আৰু ইমৰান হুছেইন নামৰ এই সদস্যকেইজন আনচাৰুল্লাহ বাংলা টীম চমুকৈ এ বি টি নামৰ জেহাদী গোটটোৰ সৈতে জড়িত ৷ তেওঁলোকে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি অসমত জেহাদ বিস্তাৰৰ নামত বৰপেটা জিলাৰ হাউলী আৰু বৰপেটাৰ মাজত অৱস্থিত ঢাকালিয়াপাৰাত স্থাপন কৰিছিল প্ৰশিক্ষণ শিবিৰ (Jihadi arrested in Assam)৷

লগতে পঢ়ক : বিহুৰ উচাহৰ মাজতে ডাঙৰ খবৰ: বৰপেটা আৰক্ষীৰ জালত ৬ জেহাদী

এই শিবিৰত তেওঁলোকে দুটাকৈ গোটক প্ৰশিক্ষণ দিছিল ৷ এয়া আছিল সম্পূর্ণ শৈক্ষিক প্ৰশিক্ষণ ৷ ইয়াৰ জৰিয়তে সদস্যসকলক জেহাদৰ বাবে কাম কৰিবলৈ মানসিকভাৱে সাজু কৰি তোলা হৈছিল ৷ পৰৱর্তী পর্যায়ত ইয়াত প্ৰশিক্ষণ লোৱা সদস্যসকলে পর্যায়ক্ৰমে আন স্থানতো এনে শৈক্ষিক শিবিৰ স্থাপন কৰি জেহাদৰ প্ৰশিক্ষণ দিয়াৰ বাবে পৰিকল্পনা ৰচিছিল ৷ গুৰুত্বপূর্ণ বিষয়টো হ’ল যে এই শৈক্ষিক প্ৰশিক্ষণত এনে কিছুমান বিষয়বস্তু শিকোৱা হৈছিল, যিবোৰৰ দ্বাৰা সদস্যসকলে নিজকে আন ধৰ্মৰ বিৰুদ্ধে যুঁজিবলৈকো প্ৰস্তুত কৰিছিল (Jihadi training in Assam) ৷

এনে প্ৰশিক্ষণ শিবিৰত ব্যৱহৃত পুস্তিকাৰ প্ৰতিলিপিত জেহাদৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ব্যাখ্যা কৰা আছিল ৷ ইয়াত কোৱা হৈছে যে জেহাদৰ অন্যতম মূল উদ্দেশ্য হ’ল মানৱসৃষ্ট সকলো মতবাদ যেনে গণতন্ত্ৰ, সমাজতন্ত্ৰ, ৰাজতন্ত্ৰ, জাতীয়তাবাদ, ধর্মনিৰপেক্ষতাবাদ আদি ৷ ইয়াৰ লগতে ধর্মীয় মতবাদ যেনে ইহুদি, খ্ৰীষ্টান, হিন্দু, বৌদ্ধ আদি মতবাদক ধ্বংস কৰা আৰু ইয়াৰ স্থানত আল্লাক প্ৰতিষ্ঠিত কৰা ৷ তেওঁলোকৰ মতে আল্লাই একমাত্ৰ সত্য আৰু আল্লাক প্ৰতিষ্ঠা কৰাটো অতি জৰুৰী ৷

লগতে পঢ়ক : Jihadi in Assam: ৰাজ্যত চিনাক্ত কৰা হৈছে তিনিটাকৈ জেহাদী সংগঠনৰ গোট

পুস্তিকাত জেহাদক দুভাগত বিভক্ত কৰা হৈছে ৷ সেয়া হৈছে প্ৰতিৰক্ষামূলক জেহাদ আৰু আক্ৰমণাত্মক জেহাদ ৷ প্ৰতিৰক্ষামূলক জেহাদৰ বৰ্ণনা দি কোৱা হৈছে যে য'ত শত্ৰুপক্ষই মুছলমানসকলৰ ওপৰত আক্ৰমণ চলায় আৰু মুছলমানসকলে ইয়াক প্ৰতিৰোধ কৰাৰ বাবে যুঁজ কৰে ৷ ইয়াক তেওঁলোকে ‘জিহাদ-আদ-দাফা’ বুলি অভিহিত কৰিছে ৷ একেদৰে আক্ৰমণাত্মক জেহাদ সন্দৰ্ভত কোৱা হৈছে যে শত্ৰুক খেদি পঠিওৱাৰ বাবে তেওঁলোকৰ ওপৰত যেতিয়া আক্ৰমণ চলোৱা হয়, সেয়াই হ’ল আক্ৰমণাত্মক জেহাদ ৷ ইয়াক তেওঁলোকে ‘জিহাদ-আত্ব-ত্বালাব’ অথবা ‘জিহাদ-আল-ইবতিদা’ বুলিও আখ্যা দিছে ৷

পুস্তিকাত এনেদৰেও কোৱা হৈছে যে, জেহাদীসকল যেতিয়া শত্ৰুপক্ষৰ মুখামুখি হ’ব, তেতিয়া তেওঁলোকে কোনো কাৰণতে পিচুৱাই আহিব নোৱাৰিব ৷ সদস্যসকলক শিবিৰত দিয়া প্ৰশিক্ষণত আৰু কোৱা হয় যে জেহাদ শব্দটোৰ সৈতে যথেষ্ট কষ্ট, ত্যাগ আদি নিহত হৈ আছে ৷ গতিকে এই কাম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰাৰ লগতে ত্যাগ স্বীকাৰ কৰিব লাগিব ৷ লগতে শত্ৰুপক্ষক নিয়ন্ত্ৰণ কৰিবলৈ আৰু শত্ৰু পক্ষৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ প্ৰয়োজনীয় শক্তিও প্ৰয়োগ কৰিব লাগিব ৷

মন কৰিবলগীয়া বিষয়টো হ’ল যে, অসমৰ চুকে-কোণে সৰু সৰু গোটত চলোৱা এনে প্ৰশিক্ষণৰ জৰিয়তে ৰাজ্যৰ বছা বছা ইছলাম ধৰ্মাৱলম্বী যুৱকক জেহাদী সংগঠনত যোগ দিয়াৰ বাবে প্ৰথমতে মানসিকভাৱে সাজু কৰি তোলা হয় ৷ যিসকল যুৱকে ইয়াৰ বাবে মানসিকভাৱে সাজু হৈ উঠে, তেওঁলোকক পৰৱর্তী পর্যায়ত অস্ত্ৰ-শস্ত্ৰ প্ৰশিক্ষণ দিয়াৰ বাবে বাহিৰলৈ প্ৰেৰণ কৰা হয় ৷ কিছু বছৰ পূৰ্বে পশ্চিমবংগৰ বর্ধমানত উৎখাত হোৱা জেহাদী শিবিৰত অসমৰ পৰা যোৱা যুৱকে জেহাদৰ প্ৰশিক্ষণ লোৱাৰো উদাহৰণ আছে ৷

লগতে পঢ়ক : Jihadi in Assam : সন্ধানহীন হৈছে একাধিক সন্দেহজনক লোক

লক্ষণীয় বিষয় যে, অসমত সুদীৰ্ঘ সময়ৰ পৰা মৌলবাদী সংগঠনসমূহ প্ৰায়ে সক্ৰিয় হৈ আছে ৷ বিগত বৰ্ষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি অসমত ১৯ টা মৌলবাদী সংগঠন কম-বেছি পৰিমাণে সক্ৰিয় হৈ আছে ৷ জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনটোৱে ২০১৪ চনত পশ্চিম বংগৰ বৰ্ধমানৰ বোমা বিস্ফোৰণ সংঘটিত (Bardhhaman blast by JMB) কৰাৰ পাছত অসমত ১৯ টা মৌলবাদী সংগঠন সক্ৰিয় হৈ থকাৰ তথ্য গৃহ মন্ত্ৰণালয়ে লাভ কৰিছিল ৷ স্থানীয় এই সংগঠনসমূহৰ জৰিয়তে মৌলবাদৰ আদিপাঠ গ্ৰহণ কৰি জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনৰ লগ লাগিছিল অসমৰ যুৱক (Assam youth in JMB)৷

NIA ৰ তদন্তত সেই কথা ইতিমধ্যে প্ৰমাণ হৈছিল ৷ ২০১৪ চনৰ পৰা NIA ই বর্ধমানৰ বোমা বিস্ফোৰণৰ তদন্ত কৰি অসমৰ বৰপেটা, গোৱালপাৰা, চিৰাং আৰু নলবাৰীত একাংশ যুৱকৰ জামাতুল মুজাহিদীন বাংলাদেশৰ সৈতে সম্পর্ক থকাটো ধৰা পেলাইছিল আৰু ছজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছিল ৷ NIA ৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনটোৱে পশ্চিম বংগৰ লগতে অসম আৰু ঝাৰখণ্ডকে লক্ষ্য কৰি লৈ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছিল ৷

এতিয়া কথা হ’ল যে অসমত জামাতুল মুজাহিদীন বাংলাদেশ, আল-কায়দা বা পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইত অসমৰ যুৱক প্ৰত্যক্ষভাৱে জড়িত নহ'লেও অসমত থকা স্থানীয় মৌলবাদী সংগঠনৰ জৰিয়তে সম্পর্ক গঢ়ি তোলাটো অস্বাভাৱিক নহয় ৷ কাৰণ জামাতুল মুজাহিদীনৰ সৈতে অসমৰ যুৱকে সম্পর্ক গঢ়াটো NIA ই প্ৰমাণ কৰি দিছিল ৷ এনে প্ৰেক্ষাপটত ৰাজ্যখনত সক্ৰিয় হৈ থকা মৌলবাদী সংগঠনৰ গতি-বিধিৰ ওপৰত চকু দিয়াটো জৰুৰী হৈ পৰিছে ৷ লক্ষণীয় বিষয় যে, মাওবাদী আৰু মৌলবাদীয়ে পৃথক পৃথক পৰিকল্পনাৰে অসমত কাম কৰি আছে ৷ যিটো ৰাজ্যখনৰ বাবে অতিকৈ ভয়াৱহ ৷

লগতে পঢ়ক : কাপোৰৰ দোকানী, মটৰ চাইকেলৰ মেকানিক হিচাপে আছিল বৰপেটাৰ দুই জেহাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.