ETV Bharat / city

অসমত মাওবাদ শক্তিশালী কৰাৰ বাবে নতুন সংবিধান ৰচনা কৰিছিল কাঞ্চন দাই

author img

By

Published : Mar 8, 2022, 10:09 PM IST

ৰাজ্য তথা উত্তৰ-পূৱত মাওবাদ শক্তিশালী কৰাৰ বাবে নতুন সংবিধান ৰচনা কৰিছিল দুধৰ্ষ মাওবাদী কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্যই ৷ ২০১৯ চনৰ পৰা বৰাক উপত্যকাত বাহৰ পাতি অসমত মাওবাদীক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছিল (Maoists activity in Assam) । সবিশেষ জানো আহক ৷

arrested maoist leader Kanchan Da drafted  new constitution to strengthen Maoism in Assam
অসমত মাওবাদ শক্তিশালী কৰাৰ বাবে নতুন সংবিধান ৰচনা কৰিছিল কাঞ্চন দাই

গুৱাহাটী, ৮ মাৰ্চ : দীৰ্ঘদিন ধৰি ৰাজ্যত বাহৰ পাতি থকা দুধৰ্ষ মাওবাদী কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা ওৰফে জ্যোতিষ ওৰফে কনক(৭২) অসম শেহতীয়াকৈ আৰক্ষীৰ জালত পৰে (Maoists arrested in Assam)। আৰক্ষীৰ এক বিশেষ সূত্ৰৰ পৰা পোৱা তথ্য মতে, ধৃত দুধৰ্ষ কেদাৰ মাওবাদীৰ কেন্দ্ৰীয় কমিটিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য্যই ২০১৯ চনৰ পৰা বৰাক উপত্যকাত বাহৰ পাতি অসমত মাওবাদীক শক্তিশালী কৰাৰ পৰিকল্পনা কৰিছিল (Maoists activity in Assam) ।

উল্লেখ্য যে, ১৯৫০ চনত জন্ম গ্ৰহণ কৰা অৰুণ কুমাৰ ভট্টাচাৰ্য্য এগৰাকী চিভিল ইঞ্জিনীয়াৰ আছিল । তেওঁ ২০০৪ চনত CPI মাওবাদীৰ কেন্দ্ৰীয় কমিটিত যোগদান কৰে । ৰাজ্যত বাহৰ পাতি যোৱা এটা বছৰৰ ভিতৰতে উত্তৰ পূৱত মাওবাদী শক্তিশালী কৰাৰ বাবে নতুন সংবিধান ৰচনা কৰিছিল ভট্টাচাৰ্য্যই ।

সশস্ত্ৰ সংগ্ৰাম এৰি মূলসুঁতিলৈ উভতি অহা একাংশ যুৱকক মাওবাদৰ প্ৰতি আকৰ্ষিত কৰি ৰাজ্যৰ লগতে উত্তৰ-পূৱত মাওবাদ শক্তিশালী কৰাৰ লক্ষ্য কৰিছিল তেওঁ বুলি সূত্ৰটোৱে প্ৰকাশ কৰে । উল্লেখ্য যে দেওবাৰে সন্ধিয়া কাছাৰ জিলাৰ পাতিমাৰা চাহ বাগিছাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাওবাদী দুধৰ্ষ কেদাৰ অৰুণ কুমাৰ ভট্টাচাৰ্য্য সহ আকাশ ওৰাঙক (Maoist Kanchan Da arrested in Assam) ।

লগতে পঢ়ক : Heroin seize in India Myanmar Border : ভাৰত-ম্যানমাৰ সীমান্তত জব্দ 3 কোটি মূল্যৰ হেৰ’ইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.