ETV Bharat / state

Jihadi in Assam : সন্ধানহীন হৈছে একাধিক সন্দেহজনক লোক

author img

By

Published : Apr 18, 2022, 8:24 PM IST

Updated : Apr 18, 2022, 9:39 PM IST

জেহাদীৰ ঘাটিত পৰিণত হৈ পৰিছে নেকি বৰপেটা ৷ ইটোৰ পিছত সিটো জেহাদী আৰক্ষীৰ জালত পৰাৰ লগে লগে জিলাখনৰ পৰা নিৰুদ্দেশ হৈছে কেইবাজনো সন্দেহজনক লোক (Suspicious people went missing after arrest of Jihadis) ৷ এই সম্পৰ্কত আমাৰ বিশেষ প্ৰতিবেদন ৷

suspicious-jihadi-members-gone-missing-in-barpeta
আৰক্ষীৰ জালত পৰিল জেহাদী : সন্ধানহীন হৈছে একাধিক সন্দেহজনক লোক

বৰপেটা, ১৮ এপ্ৰিল : বৰপেটা আৰক্ষীয়ে ৪ মাৰ্চত মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদ নামৰ বাংলাদেশী জেহাদীটোক গ্ৰেপ্তাৰৰ পিচতেই পোহৰলৈ আহিছে বিশ্বত্ৰাস জেহাদী সংগঠন আল-কায়দাই বৰপেটাত বাহৰ পাতি অসম তথা ভাৰতত জেহাদৰ জাল পেলোৱাৰ তথ্য ৷ বাংলাদেশ জেহাদী মহম্মদ সুমনৰ তথ্যৰ আধাৰত বৰপেটাত এতিয়ালৈকে ১১ টা জেহাদী আৰক্ষীৰ জালত পৰাৰ ঘটনাক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তুমুল চাঞ্চল্যৰ ৷

Jihadi in Assam : সন্ধানহীন হৈছে একাধিক সন্দেহজনক লোক

শেহতীয়াভাৱে ১২ টাকৈ দুধৰ্ষ জেহাদী বৰপেটা আৰক্ষীৰ জালত পৰাৰ পিচতেই বৰপেটাত ঘাটি পাতি থকা বহিঃৰাজ্যৰ বহু জেহাদীয়ে আত্মগোপনৰ সন্দেহ কৰা হৈছে ৷ বাংলাদেশী নাগৰিক তথা আল কায়দা জেহাদী মহম্মদ সুমনৰ স্বীকাৰোক্তিৰ ভিত্তিত শেহতীয়াভাৱে ৬ জেহাদী গ্ৰেপ্তাৰৰ (Six jihadis arrested in Barpeta) পিচতেই পোহৰলৈ অহা তথ্য অনুসৰি বৰপেটাৰ বহু অঞ্চলৰ পৰা বহু সন্দেহজনক লোক অন্তৰ্ধান হোৱাৰ সন্দেহ কৰা হৈছে ৷

শেহতীয়াভাৱে বৰপেটা আৰক্ষীৰ জালত পৰিছিল গৰৈমাৰী পথাৰ গাঁৱৰ ৰছিদুল ইছলাম নামৰ যুৱকজন ৷ প্ৰায় ৩ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা ৰছিদুল ইছলামৰ ঘৰত উদ্ধাৰ হৈছিল বহু পৰিমানৰ আৰৱী ভাষাৰ গ্ৰন্থ ৷ কিন্তু ৰছিদুলক কোনে যোগান ধৰিছিল উক্ত গ্ৰন্থ সমুহ, সেই তথ্যও শেহতীয়াভাৱে পোহৰলৈ আহিছে ৷

তথ্য অনুসৰি বৰপেটাৰ ধানবন্ধাৰ গৰৈমাৰী পথাৰ গাঁৱত বাহৰ পাতি থকা পশ্চিমবংগৰ এজন সন্দেহজনক লোকৰ বিগত এমাহ ধৰি নাই কোনো শুংসূত্ৰ ৷ ২০১৮ চনৰ পৰা গৰৈমাৰী পথাৰ গাঁৱৰ মছজিদৰ ইমাম হিচাপে বাহৰ পতা সৰিফুল মণ্ডল নামৰ পশ্চিম বংগৰ এগৰাকী লোকৰ বিগত এমাহ ধৰি নাই কোনো যোগাযোগ ৷ বন্ধ টেলিফোন সংযোগ ৷

পশ্চিমবংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ সৰিফুল মণ্ডল নামৰ ইমামজনৰ নাই কোনো শুংসূত্ৰ ৷ গৰৈমাৰী পথাৰ গাঁৱৰ মছজিদৰ ইমাম হিচাপেই নহয়, স্থানীয় এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ ধৰ্মীয় শিক্ষা বিষয়ক শিক্ষক হিচাপেও কাম কৰিছিল সৰিফুল মণ্ডলে ৷ আনকি গৰাইমাৰী পথাৰ গাঁৱতে বিয়া-বাৰু কৰাই সংসাৰী হৈ পৰা সৰিফুলে পত্নী আৰু কন্যাক এৰি বিহাৰলৈ বুলি ওলাই যোৱা সৰিফুলে কি কাৰণত পত্নী কন্যাৰ এবাৰো খবৰ লোৱা নাই তাকলৈয়ো সন্দেহজনক হৈ পৰিছে ৷
এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, পশ্চিমবংগৰ পৰা আহি বৰপেটাৰ মছজিদত বাহৰ পাতি বিদ্যালয়ৰ শিক্ষক হিচাপে জেহাদী কাৰ্যকলাপ বিয়পোৱা কামত জড়িত আছিল নেকি সৰিফুল মণ্ডল ৷ বৰপেটাত জেহাদী গ্ৰেপ্তাৰৰ সৈতে জড়িত আছে নেকি সৰিফুল মণ্ডলৰ ৰহস্যজনক নিৰুদ্দেশৰ ঘটনা ৷ উল্লেখ্য যে, সৰিফুল মণ্ডল হ'ল ধৃত ৰছিদুল ইছলামৰ ভিনিহিয়েক ৷ ৰছিদুল ইছলামৰ ঘৰত উদ্ধাৰ হোৱা গ্ৰন্থসমুহ সৰিফুল ইছলামেই যোগান দিছিল ৰছিদুল ইছলামক ৷

লগতে পঢ়ক : কাপোৰৰ দোকানী, মটৰ চাইকেলৰ মেকানিক হিচাপে আছিল বৰপেটাৰ দুই জেহাদী

Last Updated : Apr 18, 2022, 9:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.