ETV Bharat / state

কাপোৰৰ দোকানী, মটৰ চাইকেলৰ মেকানিক হিচাপে আছিল বৰপেটাৰ দুই জেহাদী

author img

By

Published : Apr 17, 2022, 5:58 PM IST

Terrorist Arrests in Barpeta
কাপোৰৰ দোকানী, মটৰ চাইকেলৰ মেকানিক হিচাপে আছিল দুই জেহাদী

শুকুৰবাৰে আৰক্ষীয়ে জেহাদী সংগঠনৰ লগত জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল 6 জনকৈ লোকক (Jihadi members arrested in Barpeta) ৷ আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQISৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা ছয়জনৰ ভিতৰত এজন জেহাদী কাপোৰৰ দোকানী আৰু আন এজন মটৰ চাইকেলৰ মেকানিক হিচাপে কাম কৰি আছিল ৷

বৰপেটা, ১৭ এপ্ৰিল: ৰাজ্যত শেহতীয়াকৈ উদ্বেগজনকভাৱে বিয়পিছে জেহাদী সংগঠনৰ শিপা ৷ ইজনৰ পিছত সিজন জেহাদী সংগঠনৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে, এই সন্দৰ্ভত অভিযান চলাইছে তদন্তকাৰী সংস্থাই ৷ শুকুৰবাৰে বৰপেটা আৰক্ষীয়ে আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQISৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে 6 জন লোকক (Jihadi members arrested in Barpeta)৷ ইয়াৰ মাজৰে হাউলী খন্দকাৰপাৰাৰ জাহিদুল ইছলাম এগৰাকী কাপোৰৰ ব্যৱসায়ী ৷

কাপোৰৰ দোকানী, মটৰ চাইকেলৰ মেকানিক হিচাপে আছিল দুই জেহাদী

বিগত প্ৰায় কুৰি বছৰ ধৰি কাপোৰৰ দোকান দি জীৱন নিৰ্বাহ কৰি আছে অল কায়দা জেহাদী জাহিদুল ইছলামে ৷ ছালটা বজাৰত জাহিদুল ইছলামৰ আছে এখন কাপোৰৰ দোকান ৷ ধৰ্মীয় কামকাজৰ সৈতেও জড়িত জাহিদুল কিদৰে জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰিল সেই বিষয়ে পৰিয়ালৰ লোকে অজ্ঞতা প্ৰকাশ কৰিছে ৷ ইপিনে জাহিদুল ইছলামৰ এগৰাকী মোমায়েক তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই দাবী কৰিছে যে জাহিদুল ইছলাম কোনোধৰনে জেহাদীৰ সৈতে জড়িত নহয় ৷ জাহিদুল ইছলাম ষড়যন্ত্ৰৰ বলি হোৱা বুলি অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য যে, ৪ মাৰ্চত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ অল-কায়দাৰ দুধৰ্ষ জেহাদীটোক । ২০১৯ চনৰ পৰাই বৰপেটাত বাহৰ পাতি আছিল আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQIS (Al Qaeda in Indian Sub continent)ৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আনছাৰুল ইছলাম নামৰ জেহাদীটো । সুমনৰ স্বীকাৰোক্তিৰ ভিত্তিতে এখন মাদ্ৰাছাত বাহৰ পাতি থকা জাহিদুল ইছলাম, মুফটি ছুলেইমান, ছাদ্দাম হুছেইন, ৰছিদুল ইছলাম, মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম নামৰ ৬ জনকৈ দুধৰ্ষ জেহাদীক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে (Jihadi group in Barpeta) ৷

ইপিনে ঢাকালিয়া পাৰাৰ যিখন মাদ্ৰাছাত বাংলাদেশী জেহাদী সুমনে বাহৰ পাতি আছিল সেই মাদ্ৰাছাখনৰ কাষতে জাহিদুল ইছলাম নামৰ জেহাদী সংগঠনটোৰ সদস্যজনৰ পিতৃৰ ঘৰ ৷ জেহাদী ছাদ্দাম হুছেইনে মটৰ চাইকেলৰ মেকানিক হিচাপে কাম কৰি আছিল ৷ বৰপেটাৰ হাউলীৰ কুমল্লীপাৰা গাঁৱৰ বজাৰত মটৰ চাইকেল এটা গেৰেজ আছে ছাদ্দাম হুছেইনৰ ৷ পৰিয়ালৰ পৰা পৃথকে বাস কৰা ছাদ্দাম হুছেইনো ধৰ্মীয় কামকাজৰ সৈতে জড়িত ৷

লগতে পঢ়ক: কৰিমগঞ্জত ভুৱা অসম ৰাইফলছৰ জোৱান আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.