ETV Bharat / state

কৰিমগঞ্জত ভুৱা অসম ৰাইফলছৰ জোৱান আটক

author img

By

Published : Apr 17, 2022, 1:44 PM IST

কৰিমগঞ্জৰ নিলাম বজাৰ থানা চৌহদৰ পৰা আটক ভুৱা জোৱান(Fake assam rifles jawan arrested in Karimganj) ৷ নিজকে অসম ৰাইফলছৰ জোৱান বুলি পৰিচয় দি আহিছিল ভুৱা জোৱানজনে ৷ সম্প্ৰতি আৰক্ষীয়ে ভুৱা জোৱানজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

fake-assam-rifles-jawan-arrested-in-karimganj
কৰিমগঞ্জত ভুৱা অসম ৰাইফলছৰ জোৱান আটক

কৰিমগঞ্জ, 17 এপ্ৰিল : কৰিমগঞ্জত শনিবাৰে এজন ভুৱা সেনা জোৱান আটক কৰে নিলাম বজাৰ আৰক্ষীয়ে ৷ থানাৰ চৌহদৰ পৰাই আৰক্ষীয়ে আটক কৰে ভুৱা জোৱানজনক ৷ আটকাধীন ব্যক্তিজন ৰূপাৰগুল গাঁৱৰ আতাউৰ ৰহমান বুলি আৰক্ষী সূত্ৰে জানিব পৰা হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, আতাউৰ ৰহমান নামৰ ব্যক্তিজনে দীৰ্ঘদিনৰে পৰা নিজকে অসম ৰাইফলছৰ জোৱান(Fake assam rifles jawan arrested in Karimganj) বুলি আনৰ আগত চিনাকী দি আহিছিল ৷ শনিবাৰেও ব্যক্তিজনে নিলাম বজাৰ থানা চৌহদত দীৰ্ঘসময় ধৰি চলা-ফুৰা কৰি থকাত ব্যক্তিজনৰ ওপৰত সন্দেহ ওপজে আৰক্ষীৰ ৷ যাৰবাবে আৰক্ষীয়ে সোধপোছ কৰে ভুৱা জোৱানজনক ৷

নিলাম বজাৰ থানা চৌহদৰ পৰা আটক ভুৱা জোৱান

ভুৱা জোৱানজনে আৰক্ষীৰ আগত নিজকে এগৰাকী অসম ৰাইফলছৰ জোৱান বুলি পৰিচয় দিয়ে ৷ জোৱানজনৰ কথাত আৰক্ষীৰ সন্দেহ ওপজাত আতাউৰৰ বাসগৃহত উপস্থিত হৈ তালাচী চলায় ৷ আৰক্ষীৰ অভিযানকাৰী দলটোৱে আতাউৰৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে সেনাৰ কেইবাজোৰো পোছাক ৷

জানিব পৰা মতে, তিনিদিন পূৰ্বে নিলাম বজাৰ থানাৰ এগৰাকী মহিলা আৰক্ষীয়ে এজন অভিযুক্তক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ গৈছিল ৷ মহিলা আৰক্ষীগৰাকীক আতাউৰে নিজকে এখন থানাৰ আৰক্ষী বিষয়া বুলি পৰিচয় দি অভিযুক্তজনক তেওঁৰ জিম্মাত গতাই দিয়াৰ বাবে অনুৰোধ জনায় ৷ কিন্তু মহিলা আৰক্ষীগৰাকীয়ে ব্যক্তিজনৰ এই প্ৰস্তাৱ ততালিকে নাকচ কৰে ৷ ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান আৰম্ভ কৰিছে ৷

লগতে চাওক: Ganza seized from Patharkandi : পাথাৰকান্দিত জব্দ 102 কেজি গাঞ্জা; আটক 2

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.