Ganza seized from Patharkandi : পাথাৰকান্দিত জব্দ 102 কেজি গাঞ্জা; আটক 2

By

Published : Apr 16, 2022, 2:26 PM IST

thumbnail

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ বিভিন্ন সময়ত অসম আৰক্ষীয়ে বহুকেইটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীও ৷ এইবাৰ পাথাৰকান্দি আৰক্ষীয়ে লাভ কৰিছে এক সফলতা ৷ আৰক্ষীৰ অভিযানত জব্দ হৈছে বুজন পৰিমাণ গাঞ্জা(Ganza seized from Patharkandi) ৷ লগতে আৰক্ষীয়ে এই সন্দৰ্ভত আটক কৰে দুজন ব্যক্তি (Two person detain with ganza in Patharkandi) । জানিব পৰা মতে, প্ৰশাসনিক আৰক্ষী বিষয়া শীতল কুমাৰৰ নেতৃত্বত শুকুৰবাৰে পাথাৰকান্দি বাইপাচত চলাই এক অভিযান ৷ এই অভিযানতে ত্ৰিপুৰাৰ পৰা অহা TR02 C 0555 নম্বৰৰ এখন বাহনৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় 102 কেজি গাঞ্জা । আৰক্ষীয়ে আটক দুই ব্যক্তি ক্ৰমে ত্ৰিপুৰাৰ চিপাহি জিলাৰ আলম মিয়া আৰু সবুজ মিয়াক । আনহাতে, জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 10 লাখ টকা । আৰক্ষীৰ সন্দেহ জব্দকৃত গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা বদৰপুৰলৈ সৰবৰাহৰ উদ্দেশ্যে লৈ যোৱা হৈছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.