ETV Bharat / state

মাওবাদী আৰু মৌলবাদীৰ উত্থানে অসমলৈ কঢ়িয়াই আনিছে ভাবুকি

author img

By

Published : Mar 9, 2022, 7:16 PM IST

অসমত মাওবাদী আৰু মৌলবাদীৰ বৃহৎ চক্ৰ উৎখাত হোৱা ঘটনাই প্ৰমাণ কৰে যে অসমত এই দুয়োটা ধাৰাৰ সন্ত্ৰাসবাদে খোপনি পুতিবলৈ সক্ষম হৈছে । মাওবাদৰ মাষ্টাৰ মাইণ্ড ৰূপে পৰিচিত ধৃত কাঞ্চন দাই ৰাজ্যৰ লগতে উত্তৰ-পূৱত মাওবাদ শক্তিশালী কৰাৰ লক্ষ্যৰে বিশেষভাৱে কাম কৰি আহিছিল । মাওবাদীক শক্তিশালী কৰাৰ বাবে মাওবাদী সংবিধানখন নতুনকৈ ৰচনা কৰাত ব্যস্ত হৈ পৰিছিল কাঞ্চন দা (Kanchan da was busy redrafting the Maoist constitution)। মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম নামৰ অল কায়দাৰ জেহাদীজনে বৰপেটাৰ এখন মাদ্ৰাছাত শিক্ষকতাৰ জৰিয়তে পেলাইছিল জেহাদৰ জাল । অসমকলৈ অল-কায়দা আৰু মাওবাদৰ পৃথক পৃথক পৰিকল্পনা ।

rise-of-maoist-and-islamic-terrorist-group-bringing-threat-to-assam
মাওবাদী আৰু মৌলবাদীৰ উত্থানে অসমলৈ কঢ়িয়াই আনিছে ভাবুকি

গুৱাহাটী, ৯ মাৰ্চ : অসমত মৌলবাদী আৰু মাওবাদীৰ উত্থানক (Rise of maoist and islamic terrorist group in Assam) লৈ শংকিত হৈ পৰিছে চৰকাৰ আৰু আৰক্ষী বিভাগ । শেহতীয়াকৈ অসমত মাওবাদী আৰু মৌলবাদীৰ বৃহৎ চক্ৰ উৎখাত হোৱা ঘটনাই ইয়াকে প্ৰমাণ কৰে যে অসমত এই দুয়োটা ধাৰাৰ সন্ত্ৰাসবাদে খোপনি পুতিবলৈ সক্ষম হৈছে । অসম তথা উত্তৰ-পূবক মাওবাদৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে প্ৰায় তিনিবছৰ পূৰ্বে বৰাকত বাহৰ পাতিছিল দুৰ্ধৰ্ষ মাওবাদী অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা ওৰফে জ্যোতিষ ওৰফে কনক অসমে ।

কেৱল বাহৰ পতাই নহয় কাঞ্চন দাই অসমতে থাকি এটা বছৰৰ ভিতৰতে উত্তৰ-পূৱত মাওবাদী শক্তিশালী কৰাৰ বাবে সংবিধানখন নতুনকৈ ৰচনা কৰাত ব্যস্ত হৈ পৰিছিল (Kanchan da was busy redrafting the Maoist constitution)। দেওবাৰে নিশা অসম আৰক্ষীয়ে কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা এইজন দুৰ্ধৰ্ষ নেতাক চলোৱা জেৰাকালত উন্মোচিত হৈছে মাওবাদৰ ভয়ংকৰ কাৰ্যকলাপৰ এই তথ্য । গ্ৰেপ্তাৰ হোৱা কাঞ্চন দাৰ লগতে অৰ্জুন মুণ্ডাক মঙলবাৰে আদালতত হাজিৰ কৰাৰ পাছত ৯ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

বৰ্তমান ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত থকা কাঞ্চন দাক জেৰা চলাই আছে অসম আৰক্ষীৰ কেইবাজনো জ্যেষ্ঠ বিষয়াই । অসম আৰক্ষীৰ বিশেষ শাখাত চলি থকা এই জেৰাকালতে কাঞ্চন দাই প্ৰকাশ কৰিছে মাওবাদী কাৰ্যকলাপৰ কেতবোৰ ভয়ংকৰ তথ্য তথা পৰিকল্পনা । অসম আৰক্ষীৰ এডিজি পৰ্যায়ৰ এগৰাকী বিষয়াই জনোৱা মতে জেৰাকালত কাঞ্চন দাই প্ৰকাশ কৰা মতে অসম তথা উত্তৰ-পূবত বিগত সময়ছোৱাত মাওবাদ সম্প্ৰসাৰণ কৰাৰ বাবে বিভিন্ন পৰ্যায়ত চেষ্টা চলোৱা হৈছিল যদিও সেয়া বিফল হোৱাৰ পৰিপ্ৰেক্ষিতত কাঞ্চন দাক বিশেষ দায়িত্বৰে প্ৰেৰণ কৰা হৈছিল উত্তৰ-পূবলৈ ।

উজনি অসমত কিছু সাংগঠনিক দিশ শক্তিশালী কৰা কাঞ্চন দাই বৰাক উপত্যকাৰ পৰা মণিপুৰ-মিজোৰাম আৰু ডিমা হাছাও জিলাত মাওবাদ শক্তিশালী কৰাৰ বাবে দুবছৰ পূৰ্বে আহি আৰম্ভ কৰিছিল বিভিন্ন কাৰ্যকলাপ । ৭২ বছৰীয়া কাঞ্চন দা পূৰ্বে চি পি আইৰ সাধাৰণ কৰ্মী আছিল । পৰৱৰ্তী সময়ত সন্ত্রাসবাদৰ প্ৰতি আকৰ্ষিত হোৱা কাঞ্চন দাই মাওবাদীৰ কেইবাজনো জ্যেষ্ঠ নেতাৰ সংস্পৰ্শলৈ আহি মাওবাদৰ কাম-কাজ আৰম্ভ কৰে ।

ঝাৰখণ্ড, তেলেংগনা, অন্ধ্ৰপ্ৰদেশ, বিহাৰ আৰু কলকাতাত বিভিন্ন সাংগঠনিক কাম-কাজ কৰা কাঞ্চন দাই এই ৰাজ্যসমূহলৈ উত্তৰ-পূবৰ পৰা যোগান ধৰিছিল অস্ত্ৰ-শস্ত্ৰ । মাওবাদী নেতাজনৰ বিৰুদ্ধে দেশৰ বিভিন্ন থানাত ২০০ টাতকৈ অধিক গোচৰ ৰুজু হৈ আছে । এইজন দুৰ্ধৰ্ষ মাওবাদীৰ বিৰুদ্ধে ৩ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে ।

বিগত বৰ্ষত কলকাতাত মাওবাদীৰ শীৰ্ষ নেতা কিষান দা গ্ৰেপ্তাৰ হোৱাৰ পাছত সংগঠনৰ শীৰ্ষ নেতাৰ দায়িত্ব লাভ কৰিছিল কাঞ্চন দাই । মাওবাদৰ মাষ্টাৰ মাইণ্ড ৰূপে পৰিচিত কাঞ্চন দাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মাওবাদৰ ভেঁটি শক্তিশালী কৰাৰ বাবে তৎপৰ হৈ আছিল । বিশেষকৈ বিভিন্ন উগ্ৰবাদী সংগঠনৰ আত্মসমৰ্পণ কৰা কেডাৰসকলক মাওবাদৰ আনুগত্য কৰাৰ বাবে তেওঁ কাম কৰি আহিছিল । বৰাকৰ পৰাই মণিপুৰকে ধৰি উত্তৰ-পূবৰ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ মূলসূঁতিলৈ ঘূৰি অহা সকলৰ সৈতে তেওঁ যোগাযোগ অব্যাহত ৰাখিছিল ।

শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে দীৰ্ঘদিন ধৰি অসমত বাহৰ পাতি থকা কাঞ্চন দাই অসমতে থাকি এটা বছৰৰ ভিতৰতে উত্তৰ-পূৱত মাওবাদী শক্তিশালী কৰাৰ বাবে মাওবাদীৰ সংবিধানখন নতুনকৈ ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল । ১৯৫০ চনত জন্ম গ্ৰহণ কৰা অৰুণ কুমাৰ ভট্টাচাৰ্য্য এগৰাকী চিভিল ইঞ্জিনীয়াৰ আছিল । তেওঁ ২০০৪ চনত CPI মাওবাদীৰ কেন্দ্ৰীয় কমিটিত যোগদান কৰে ।

সশস্ত্ৰ সংগ্ৰাম এৰি মূলসুঁতিলৈ উভতি অহাসকলক মাওবাদৰ প্ৰতি আকৰ্ষিত কৰি ৰাজ্যৰ লগতে উত্তৰ-পূৱত মাওবাদ শক্তিশালী কৰাৰ লক্ষ্যৰে বিশেষভাৱে কাম কৰি আহিছিল ধৃত কাঞ্চন দাই । এই ক্ষেত্ৰত তেওঁ বিশেষভাৱে সফলো হৈছিল । অসমত মাওবাদৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেওঁ বহু যুৱকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল ।

লক্ষণীয় বিষয় যে আলফা, এন এছ চি এনকে(NSCN) আদি কৰি বিভিন্ন সন্ত্ৰাসবাদী সংগঠনেৰে চৰকাৰৰ শান্তি আলোচনা প্ৰক্ৰিয়া স্থবিৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বহু যুৱক-যুৱতী পুনৰ সশস্ত্ৰ পন্থালৈ ঘূৰি যোৱা পৰিলক্ষিত হৈছে । যাৰ সুবিধা গ্ৰহণ কৰিছিল মাওবাদী কাঞ্চন দাই । কার্যতঃ শ্লীপাৰ চেল হিচাপে ইতিমধ্যে অসমৰ বিভিন্ন স্থানত এই যুৱকসকলক কামৰ দায়িত্ব দিয়া হৈছে ।

আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জনোৱা মতে অসমত ২০০৯-১০ চনৰ পৰা মাওবাদৰ গতিবিধি আৰম্ভ হৈছিল যদিও বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । তদুপৰি সময়ে সময়ে অসমত মাওবাদৰ নেতৃত্ব দিয়া সকলে মূলসূঁতিলৈ ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত মাওবাদৰ ভেঁটি শক্তিশালী হোৱা নাছিল । বিগত বৰ্ষৰ শেষৰফালে মাওবাদী নেতা টিংৰাজ ওৰাঙে আত্মসমৰ্পণ কৰিছিল । অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰিছিল ।

টিংৰাজ মাওবাদীৰ অসম সমিতিৰ আহ্বায়ক আছিল । দীৰ্ঘদিন ধৰি মাওবাদী সংগঠনৰে জড়িত হৈ তেওঁ অসমত মাওবাদীৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । কিন্তু অৱশেষত ওৰাঙো মূলসূঁতিলৈ ঘূৰি আহে । অসম তথা উত্তৰ-পূৰ্বাঞ্চলত মাওবাদৰ ভেঁটি শক্তিশালী কৰাৰ উদ্দেশ্যে ২০১৯ চনত অসমলৈ আহে দুৰ্ধৰ্ষ মাওবাদী কাঞ্চন দা ।

চাহ বাগান এলেকাসমূহত মাওবাদৰ প্ৰভাৱ থকাৰ প্ৰতি লক্ষ্য ৰাখি আৰু বাংলাভাষী হোৱাৰ বাবে কাঞ্চন দাই সুৰক্ষিত এলেকা হিচাপে বৰাকত বাহৰ পাতি সংগঠনৰ কাম-কাজ চলাই গৈছিল । অৱশেষত গ্ৰেপ্তাৰ হোৱা মাওবাদীৰ শীৰ্ষ নেতাজনৰ পৰা জেৰাত বহু নতুন তথ্য পোৱা যাব বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । ইফালে মাওবাদীৰ কেন্দ্ৰীয় কমিটিত অসমৰ কেইবাজনো লোক জড়িত হৈ কাম কৰি থকাৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰিছে । এইক্ষেত্ৰত পাৰ্থ বৰকটকী আৰু ঋতুপৰ্ণ নামৰ লোক দুজনে মাওবাদীৰ হৈ কাম কৰি আছে বুলি জানিব পৰা গৈছে ।

ইফালে অসমত সক্ৰিয় হৈ উঠা মাওবাদ আৰু মৌলবাদৰ মাজত কোনো যোগসূত্ৰ নাই বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে সদৰি কৰিছে যদিও সন্ত্ৰাসবাদৰ দুয়োটা ধাৰাই অসমত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ বৰপেটাত অল কায়দাৰে জড়িত থকাৰ অভিযোগত ৫ জন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে । বাংলাদেশৰ পৰা অহা জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত লোককেইজনক বৰপেটা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰে । ইয়াৰে বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ আটাদিৰ মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ নামৰ অল কায়দাৰ জেহাদীজনে বৰপেটাৰ এখন মাদ্ৰাছাত শিক্ষকতাৰ জৰিয়তে পেলাইছিল জেহাদৰ জাল ।

তেওঁ বিজনীত সংসাৰ কৰিছে আৰু তেওঁৰ এটা সন্তানো আছে । ইফালে ঘটনা সন্দৰ্ভত বৰপেটাৰ হাউলীৰ যশিহাটী পাৰা গাঁৱত অৱস্থিত শ্বাইখুল হিন্দ মাহমুদুল হাছান জামিউল হুদা ইছলামিক একাডেমী নামৰ মাদ্ৰাছাখনৰ অধ্যক্ষ মামিনুল ৰচিদকো আৰক্ষীয়ে আটক কৰিছে । বাংলাদেশৰ ভূমিৰ পৰা সমগ্ৰ ভাৰত উপ-মহাদেশক খলিফা ৰাষ্ট্ৰ হিচাপে গঠনৰ ব্লুপ্ৰিন্ট অনুসৰি ২০১৯ চনৰ পৰাই বৰপেটাত বাহৰ পাতিছিল বাংলাদেশী জেহাদী মহম্মদ সুমনে ৷

অল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQISৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত দুৰ্ধৰ্ষ জেহাদী মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ সম্পৰ্কে অধিক তথ্য লাভৰ বাবেই মামিনুল ৰচিদ নামৰ অধ্যক্ষগৰাকীক সোধাপোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে সন্ত্ৰাসবাদৰ আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্ম হাক্কানী নেটৱৰ্কৰ আৰ্হিত অসমতো 'অল কায়দা ইন ইণ্ডিয়ান ছাৱ কন্টিণেন্ট'-এ(AQIS) চৰ চাপৰিৰ মাদ্ৰাছা সমূহত ইছলামীয় সন্ত্রাসবাদী সংগঠনৰ বাবে শ্লিপাৰ চেলৰ বিশাল নেটৱৰ্ক গঢ়ি তোলাৰ কাম তীব্ৰ গতিত চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক বিজেপিয়ে । এই সন্দৰ্ভত অলপতে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সংবাদমেল সম্বোধন কৰা হৈছিল । লক্ষণীয় বিষয় যে অসমত সুদীৰ্ঘ সময়ৰ পৰা মৌলবাদী সংগঠনসমূহ প্ৰায়ে সক্ৰিয় হৈ আছে ।

উল্লেখ্য যে বাংলাদেশত মূল ঘাটি থকা জেহাদী সংগঠন জামাতুল মুজাহিদীন বাংলাদেশ (JMB)ৰ লগত জড়িত হৈ অসমত জেহাদ চলোৱাৰ অপৰাধত ৬জন লোকক ২০১৯ত বৰপেটাৰ বিভিন্ন স্থানৰ পৰা এন আই এ (NIA)য়ে গ্ৰেপ্তাৰ কৰিছিল । একপ্ৰকাৰ অসমত অব্যাহত আছে মৌলবাদী কাৰ্যকলাপ । বিগত বৰ্ষত গৰুখুটিৰ ঘটনাক কেন্দ্ৰ কৰি আল-কায়দা বা পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই-এ স্থানীয় মৌলবাদী সংগঠনৰ জৰিয়তে অসম ৰক্তাক্ত কৰিব পাৰে বুলি চোৰাংচোৱা সংস্থাসমূহে তথ্য লাভ কৰিছিল । নিজ নিজ দাবীত ৰাজ্যখনত গঢ় লৈ উঠা প্ৰায়বোৰ উগ্রপন্থী সংগঠন মূলসুঁতিলৈ ঘূৰি অহাৰ সময়তো কিন্তু বহু মৌলবাদী সংগঠন সক্ৰিয় হৈ আছে ।

বিগত বৰ্ষত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি অসমত ১৯ টা মৌলবাদী সংগঠন কম-বেছি পৰিমাণে সক্ৰিয় হৈ আছে । জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনটোৱে ২০১৪ চনত পশ্চিমবংগৰ বৰ্ধমানত বোমা বিস্ফোৰণ সংঘটিত কৰাৰ পাছত অসমত ১৯ টা মৌলবাদী সংগঠন সক্ৰিয় হৈ থকাৰ তথ্য গৃহ মন্ত্ৰালয়ে লাভ কৰিছিল । স্থানীয় এই সংগঠনসমূহৰ জৰিয়তে মৌলবাদৰ আদিপাঠ গ্ৰহণ কৰি জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনৰ লগ লাগিছিল অসমৰ যুৱক ।

NIAৰ তদন্তত সেই কথা ইতিমধ্যে প্ৰমাণ হৈছিল । ২০১৪ চনৰ পৰা 'NIA'ই বর্ধমানৰ বোমা বিস্ফোৰণৰ তদন্ত কৰি অসমৰ বৰপেটা, গোৱালপাৰা, চিৰাং আৰু নলবাৰীত একাংশ যুৱকৰ জামাতুল মুজাহিদীনৰ সৈতে সম্পৰ্ক থকাটো ধৰা পেলাইছিল আৰু ৬জনকৈ যুৱকক গ্ৰেপ্তাৰ কৰিছিল । NIAৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি জামাতুল মুজাহিদীন বাংলাদেশ নামৰ সংগঠনটোৱে পশ্চিমবংগৰ লগতে অসম আৰু ঝাৰখণ্ডক লক্ষ্য কৰি লৈ সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছিল ।

এতিয়া কথা হ'ল যে অসমত জামাতুল মুজাহিদীন বাংলাদেশ, আল-কায়দা বা পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইত অসমৰ যুৱক প্রত্যক্ষভাৱে জড়িত নহ'লেও অসমত থকা স্থানীয় মৌলবাদী সংগঠনৰ জৰিয়তে সম্পৰ্ক গঢ়ি তোলাটো অস্বাভাৱিক নহয় । কাৰণ জামাতুল মুজাহিদীনৰ সৈতে অসমৰ যুৱকে সম্পৰ্ক গঢ়াটো 'NIA'ই প্ৰমাণ কৰি দিছিল । এনে প্ৰেক্ষাপটত ৰাজ্যখনত সক্ৰিয় হৈ থকা মৌলবাদী সংগঠনৰ গতি-বিধিৰ ওপৰত চকু দিয়াটো জৰুৰী হৈ পৰিছে ।

লক্ষণীয় বিষয় যে মাওবাদী আৰু মৌলবাদীয়ে পৃথক পৃথক পৰিকল্পনাৰে অসমত কাম কৰি আছে । যিটো ৰাজ্যখনৰ বাবে অতিকৈ ভয়াৱহ ।

লগতে পঢ়ক :Al Qaeda in Assam: অসমত অল কায়দা, বৰপেটাত ৫ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.