ETV Bharat / state

মাওবাদী আৰু জেহাদীৰ সমান্তৰাল তৎপৰতাক লৈ শংকিত অসম চৰকাৰ

author img

By

Published : Apr 19, 2022, 9:27 PM IST

ক্ৰমাৎ বৃদ্ধি পাইছে মুছলমান মৌলবাদী জেহাদী সংগঠন আৰু মাওবাদী বিদ্ৰোহী সংগঠন চি পি আই (মাও) ৰ কাৰ্যকলাপ (maoist and jihadi movement in Assam)। এনে দুয়োটা প্ৰকাৰৰ সন্ত্ৰাসী গোষ্ঠীৰ সমান্তৰাল তৎপৰতাই ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিন্তিত কৰিছে বুলি‌ দিছপুৰৰ এক শীৰ্ষ সূত্ৰই আঙুলিয়াই দিছে ।

maoist-and-muslim-fundamentalists-bringing-threat-to-assam
মাওবাদী আৰু জেহাদীৰ সমান্তৰাল তৎপৰতাক লৈ শংকিত অসম চৰকাৰ

গুৱাহাটী, ১৯ এপ্ৰিল : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত মুছলিম মৌলবাদী জেহাদী সংগঠনৰ তৎপৰতা (Jihadi group's activity in Assam) আজি আৰু নতুন কথা হৈ থকা নাই যদিও শেহতীয়াকৈ মৌলবাদীৰ সমান্তৰালকৈ মাওবাদী বিদ্ৰোহী সংগঠনৰ বৰ্ধিত কাৰ্যকলাপে ভয়ংকৰ পৰিস্থিতিৰ উমান দিছে । ৰাজ্য চৰকাৰকো এই কথাই সচকিত কৰি তুলিছে ।

উল্লেখ্য যে, শেহতীয়াকৈ বঙাইগাঁও জিলাত সাংগঠনিক কাম-কাজ সম্প্ৰসাৰণ কৰাৰ বাবে দীৰ্ঘদিন ধৰি বাহৰ পাতি‌ থকা তিনিজন জেহাদীক বঙাইগাঁও আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা আৰু যোৱা কেইদিন চলা জেৰাত বহু কথাই পোহৰলৈ আহিছে । ইতিমধ্যে, বাংলাদেশত নিষিদ্ধ ঘোষিত 'আনছাৰুল্লাহ বাংলা টীম' নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ এই তিনি জন সদস্য ক্ৰমে আব্দুল কাছেম, হামিদ আলী আৰু ইমৰাণ হুছেইন ।

যোৱা ডিচেম্বৰ আৰু জানুৱাৰী মাহত বঙাইগাঁৱৰ যোগীঘোপা, অভয়াপুৰী, কাবাইটাৰী আদি ঠাইত সাংগঠনিক কামকাজ কৰাৰ পিছত ত্ৰিপুৰালৈ উভটি গৈছিল এই তিনি জেহাদী ।‌‌ কালি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সাংবাদিকক জনোৱা মতে আনছাৰুল্লাহ বাংলা টীম বাংলাদেশত নিষিদ্ধ হোৱাৰ পাছত 'আনছাৰুল্লাহ ইণ্ডিয়া' নামে সংগঠন আৰম্ভ কৰি‌ ভাৰতত এই জেহাদী সকলে কাম-কাজ আগবঢ়াই আনিছিল ।

এই আনছাৰুল্লাহ ইণ্ডিয়াৰ কাম-কাজ পৰিচালিত হয় মধ্য প্ৰদেশৰ ভূপালৰ পৰা । অসম আৰক্ষীৰ দল‌ এটা ইতিমধ্যে ভূপাললৈ ৰাওনা হৈছে অসমত কাম কৰা জেহাদী সংগঠনৰ সদস্য বিচাৰি। উল্লেখ্য যে, এই মুছলমান মৌলবাদী জেহাদী সংগঠনৰ প্ৰত্যক্ষ সম্পৰ্ক আছে 'অল কায়েদা ইন ইণ্ডিয়ান চাৱ কন্টিনেন্ট' (Al Qaeda in Indian Sub continent) নামৰ অল কায়েদাৰ ভাৰতীয় শাখাটোৰ লগত।

ইপিনে, মাওবাদী সংগঠন চি পি আই (মাওবাদী)ৰ এটা শক্তিশালী গোটে অসমৰ পাঁচখন জিলাত বিশেষভাৱে সাংগঠনিক কামকাজ চলাই আছে বুলি কেন্দ্ৰীয় চৰকাৰৰ অনুসন্ধানকাৰী সংস্থা NIA । শেহতীয়াকৈ চলিত মাহৰ প্ৰথম সপ্তাহত এন আই এৰ দল এটাই অসমৰ ১৭ ঠাইত অভিযান চলাই কাছাৰ জিলাৰ পৰা অৰুণ ভট্টাচাৰ্য ওৰফে কাঞ্চন দা নামৰ জ্যেষ্ঠ মাওবাদী নেতা এজনক গ্ৰেপ্তাৰ কৰে ।

তেওঁৰ লগত গ্ৰেপ্তাৰ হৈছিল আকাশ ওৰাং ওৰফে কাজল নামৰ ডিব্ৰুগড়ৰ যুৱক এজন । কিন্তু NIA য়ে এতিয়াও বিচাৰি আছে উদৰবন্ধৰ পাতিমাৰা চাহ বাগিছাৰ ৰীমা ওৰাং ওৰফে সৰস্বতী নামৰ দুধৰ্ষ মহিলা মাওবাদী সদস্যা এগৰাকীক । অসম আৰক্ষীৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে, শেহতীয়া সময়ছোৱাত এক লক্ষণীয় সংখ্যক যুৱক-যুৱতীয়ে মাওবাদী সংগঠনত যোগ দিছে ।

এই সংগঠন সমূহে কাম-কাজ চলাই আছে বৰাক উপত্যকাৰ তিনিওখন জিলাতে । এই জিলা কেইখনৰ ৰুগ্ন আৰু ইতিমধ্যে বন্ধ হৈ পৰা চাহ বাগিছা সমূহত চাহ জনগোষ্ঠীয় যুৱক-যুৱতী সকলৰ মাজত সদস্যভুক্তি অব্যাহত ৰাখিছে বংগ, অন্ধ্ৰপ্ৰদেশ আৰু মধ্য প্ৰদেশৰ পৰা অহা কিছু সংখ্যক জ্যেষ্ঠ মাওবাদী নেতাই । NIA ৰ এটা বিশেষ গোটে বৰাকৰ তিনিওখন জিলাতে চোকা নজৰ ৰাখি অভিযান অব্যাহত ৰাখিছে ।

আৰক্ষীৰ সূত্ৰৰ মতে আন্তঃৰাষ্ট্ৰীয় মৌলবাদী জেহাদী সংগঠনৰ সমৰ্থনপুষ্ট সংগঠনৰ সহযোগত অসমৰ বিভিন্ন প্ৰান্তত কাম কৰি থকা স্থানীয় যুৱক-যুৱতী সকলক লগত লৈ হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে‌ । একেদৰে একেই চেষ্টা অব্যাহত ৰাখিছে‌ মাওবাদীয়েও। গতিকে, স্থানীয় সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ তৎপৰতা লোপ পোৱালৈ আঙুলিয়াই চৰকাৰে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি উন্নত বুলি দাবী কৰিলেও প্ৰকৃত ছবি যে সেয়া নহয় সেই কথা শেহতীয়াকৈ পুনৰ স্পষ্ট হৈ পৰিছে ।

লগতে পঢ়ক : ৰিপুণ বৰাই অসমত কেনেকৈ উৰুৱাব বাঙালী জাত্যাভিমানৰ পতাকা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.