ETV Bharat / state

বিহুৰ উচাহৰ মাজতে ডাঙৰ খবৰ: বৰপেটা আৰক্ষীৰ জালত ৬ জেহাদী

author img

By

Published : Apr 16, 2022, 6:05 PM IST

Updated : Apr 16, 2022, 10:14 PM IST

নামনি অসমত খোপনি পুতিছে অল-কায়দাই । বৰপেটাৰ লগতে সমগ্ৰ নামনি অসমতে জেহাদীৰ দলে পেলাইছে জাল (Jihadi network in lower Assam) । ইয়াৰ মাজতে বৰপেটা আৰক্ষীৰ জালত পৰিল ৬ জেহাদী ( jihadi members arrested in Barpeta) ।

six-jihadi-member-arrested-in-barpeta
বিহুৰ উচাহৰ মাজতে ডাঙৰ খবৰ: বৰপেটা আৰক্ষীৰ জালত ৬ জেহাদী

বৰপেটা, ১৬ এপ্ৰিল: ৰাজ্যত পুনৰ বৃদ্ধি পাইছে অল-কায়দাৰ জেহাদীৰ সংখ্যা । বিশেষকৈ নামনি সমত বেয়াকৈ খোপনি পুতিছে আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQISয়ে । জেহাদীৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে অভিযান । ইয়াৰ মাজতে বৰপেটা আৰক্ষীৰ বৃহৎ সফলতা । বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে AQIS ৰ ৬টা জেহাদীক । বাংলাদেশৰ মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদৰ সৈতে প্ৰত্যক্ষ যোগাযোগ থকা বৰপেটাৰ ৬টা কৈ অল কায়দা জেহাদী গ্ৰেপ্তাৰ কৰাৰ পাছতেই বৃদ্ধি পাইছে চাঞ্চল্য় ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এক সংবাদমেল যোগে জনালে ৬টাকৈ জেহাদী গ্ৰেপ্তাৰৰ সকলো তথ্য ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অল কায়দাৰে জড়িত জেহাদী কেইটা সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ ফালাদী গাঁৱৰ মুফটি ছুলেইমান, হাউলীৰ খন্দকাৰপাৰাৰ জাহিদুল ইছলাম, হাউলী কুমল্লীপাৰাৰ ছাদ্দাম হুছেইন, ধানবন্ধা গৰৈমাৰী পথাৰৰ ৰছিদুল ইছলাম, বৰপেটাৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম ৷

বিহুৰ উচাহৰ মাজতে ডাঙৰ খবৰ: ৬ জেহাদী বৰপেটা আৰক্ষীৰ জালত

ইয়াৰে বৰপেটাৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম দুয়ো ভাই ককাই ৷ মকিবুল ইছলাম PFI ৰ সৈতে জৰিত বুলিও সংবাদমেলত সদৰি কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ বৰপেটা সদৰ থানাত ৰুজু হোৱা Case No-419/2022 U/S 120(b)/121/121A IPC R/W Sec17/18/18B/19/20 UA(P) Act ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় আটাইকেইটা জেহাদীক ৷

জোৱা ৪ মাৰ্চত বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ অল-কায়দাৰ দুধৰ্ষ জেহাদীটোক । ২০১৯ চনৰ পৰাই বৰপেটাত বাহৰ পাতি থকা চমুকৈ AQIS ৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আনছাৰুল ইছলামৰে জড়িত আছিল জেহাদীটো । উক্ত জেহাদীটোৰ স্বীকাৰোক্তিৰ ভিত্তিতে পুনৰ ৬ টাকৈ দূধৰ্ষ অল কায়দা জেহাদীক গ্ৰেপ্তাৰ কৰে বৰপেটা আৰক্ষীয়ে ৷

বৰপেটাৰ হাউলীৰ এখন মাদ্ৰাছাত বাহৰ পাতি জেহাদ বিয়পোৱা কামত জৰিত বাংলাদেশী অলকায়দা জেহাদী সুমনৰ তথ্যৰ আধাৰত পূৰ্বেও বৰপেটাত ৫ টাকৈ জেহাদী গ্ৰেপ্তাৰ হৈছিল ৷ আৰু তাৰপাছতেই বৰপেটাত পুনৰ ৬ টাকৈ জেহাদী গ্ৰেপ্তাৰক লৈ বৰপেটাত আতংকময় পৰিৱেশ বিৰাজ কৰিছে ৷

ধৃত জেহাদী কেইটাৰ পৰা ১৫ টা মোবাইল হেণ্ডছেট আৰু ২১ খন চিম কাৰ্ডৰ উপৰিও আৰৱী ভাষাত লিখিত কেবাখনো গ্ৰন্থও জব্দ কৰে ৷ গ্ৰন্থ কেইখনৰ সৈতে জেহাদৰ কিবা সম্পৰ্ক আছে নেকি সেয়া পৰীক্ষা কৰি থকা হৈছে আৰু পৰৱৰ্তী সময়তহে গম পোৱা যাব গ্ৰন্থকেইখন কি বিষয়ৰ ৷ ইতিমধ্যে শুকুৰবাৰে আদালতত হাজিৰ কৰোৱাৰ পিচত আটাইকেইটা জেহাদীক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

গ্ৰেপ্তাৰ হোৱা জেহাদী কেইটা AQIS ৰ সহযোগী সংগঠন বাংলাদেশৰ আনচাৰুল বাংলাৰ দ্বাৰা প্ৰভাৱিত হৈ বৰপেটাৰ পৰা সমগ্ৰ নামনি অসমত বিভিন্ন ধৰণৰ জেহাদী কাৰ্যকলাপ অব্যাহত ৰাখাৰ সন্দেহ প্ৰকাশ কৰে ৷ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে তেওঁলোকে জেহাদী কাৰ্যকলাপত জড়িত হ'বলৈ বিভিন্ন লোকক বিভিন্ন ধৰণে প্ৰৰোচিত কৰি আহিছিল ।

উল্লেখ্য যে জেহাদী কেইটাই নিজ ঘৰৰ পৰাই গোপনে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ চলাই যোৱাৰ কথা উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ লগতে তেঁও কয় যে AQIS ৰ সহযোগী সংগঠন আনচাৰুল বাংলাৰ শ্লিপাৰ চেল হিচাপেও এই জোহাদী কেইটাই কাম কৰি আছিল ৷ বৰপেটা জিলাত আন বহু লোক বিভিন্ন ধৰণে জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত হৈ থকাৰ তথ্য লাভ কৰা বুলি সংবাদমেলত সদৰি কৰে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷

লগতে পঢ়ক: Ganza seized from Patharkandi : পাথাৰকান্দিত জব্দ 102 কেজি গাঞ্জা; আটক 2

Last Updated : Apr 16, 2022, 10:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.