ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 5, 2022, 2:59 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Kokrajhar firing incident: ব্যৱসায়ীক আক্ৰমণ কৰাৰ সন্দেহত দুই যুৱকক আটক

কোকৰাঝাৰ গুলীচালনা ঘটনাত জড়িত থকাৰ সন্দেহত দুজন যুৱকক আৰক্ষীয়ে আটক কৰিছে (Two detained on Kokrajhar firing case)। এজন কেএলঅ'ৰ (KLO) সদস্য বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে । সম্প্ৰতি যুৱক দুজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । শনিবাৰে নিশা দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল এজন ব্যৱসায়ী ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অৱসৰপ্ৰাপ্ত IPS বিষয়া ড৹ কিৰণ বেদীৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত এটা দিন পাৰ কৰিলে অৱসৰপ্ৰাপ্ত আই পি এচ বিষয়া ড° কিৰণ বেদীয়ে ৷ বিশ্ববিদ্যালয়ত On grooming leadership' বিষয়ত ভাষণ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে (Kiran Bedi interacts with student) ৷

গ্ৰেপ্তাৰৰ পাছতে চাকৰিৰ পৰাও নিলম্বন উপ পৰিদৰ্শক জোনমণি ৰাভাক

SI জোনমণি ৰাভাক নিলম্বন (Suspension of SI Junmoni Rabha)। প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত আছিল জোনমণি ৰাভা । মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জোনমণি ৰাভাক । তাৰ পিছতেই নগাঁও আৰক্ষীয়ে নিলম্বন কৰিছে জোনমণি ৰাভাক ৷

Firing in BTR : নিশাৰ ভিতৰতে দুই ব্যৱসায়ীক গুলীয়ালে দুৰ্বৃত্তই

নিশাৰ ভিতৰতে দুৰ্বৃত্তৰ গুলীত আহত বিটিআৰৰ দুজনকৈ ব্যৱসায়ী । কোকৰাঝাৰৰ সেৰফাংগুৰীত দুৰ্বৃত্তৰ গুলীত আহত সুনীল মণ্ডল নামৰ ব্যৱসায়ী (Businessman injured in Kokrajhar)। ইফালে চিৰাং জিলাৰ আমটেকাত অনিল ইশ্বৱাৰী নামৰ ব্যৱসায়ী এজনৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ । চিকিৎসাধীন দুয়োগৰাকী ব্যৱসায়ী । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

পুনৰ চাইবাৰ অপৰাধীৰ কৱলত অইল ইণ্ডিয়া

এইবাৰ সামাজিক মাধ্যমৰ জড়িয়তে পেজ খুলি সাধাৰণ জনতাৰ বেংক একাউন্টৰ পৰা ধন সৰকোৱাৰ ফন্দি পাতিছে চাইবাৰ চক্ৰটোৱে । এই চক্ৰটোৱে বিভিন্নজনক অইলৰ নামত কেতবোৰ মেছেজ প্ৰেৰণ কৰি ধনৰ প্ৰলোভন দিয়া বুলিও জানিব পৰা গৈছে ।

PPE Kit controversy: দুই মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীৰ টুইটযুদ্ধ তুংগত

"মণীষভাই, আপুনি নিজকে 'দুৰ্নীতি বিৰোধী' আন্দোলনৰ নেতা বুলি দাবী কৰে । ক'ভিডৰ সময়ত যেতিয়া অসমৰ হাতত এটাও পি পি ই কিট নাছিল, অসম চৰকাৰে এটা পি পি ই কিটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত মোৰ পত্নীয়ে বহু কষ্ট আৰু চেষ্টাৰ বলত কিছু PPE Kit দিছিল আৰু সাধাৰণ লোকৰ জীৱন ৰক্ষা কৰিছিল । ইয়াৰ বিনিময়ত কোনোধৰণৰ ধনৰ লেনদেন হোৱা নাছিল । তেন্তে ইয়াত দুৰ্নীতিৰ প্ৰশ্ন আহিল কেনেকৈ ? "

এমাহৰ পিছতো গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো নতুন আঁচনি লোৱা নাই গুৱাহাটী পৌৰ নিগমে

পৌৰ নিগমৰ পাৰিষদখন গঠন হোৱাৰ প্ৰায় এমাহৰ পিছতো গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো নতুন আঁচনি লোৱা নাই গুৱাহাটী পৌৰ নিগমে ৷ যাৰ বাবে গুৱাহাটীৰ উন্নয়নৰ কাম স্থবিৰ হৈ পৰিছে । এই ক্ষেত্ৰত পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰনীয়া আৰু ডেপুটি মেয়ৰে এই ক্ষেত্ৰত আগভাগ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation against GMC Mayor Mrigen Sarania) ।

মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে - এইদৰে কাছাৰৰ “ডলু চাহ বাগিচাত” গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই (Congress leader Apurva Kumar Bhattacharya criticize BJP govt) ।

অৰণ্য মানৱৰ 'আধাৰ কাৰ্ড' নাই কিয় ?

যি গৰাকী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থই আমেৰিকাত বহুল চৰ্চা লাভ কৰিছে, যি গৰাকী ব্যক্তিক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানৰে বিভূষিত কৰিছে, যাক 'অৰণ্য মানৱ' আখ্যা দিয়া হয় সেই গৰাকী যাদৱ পায়েং আধাৰ কাৰ্ড লাভ কৰাৰ পৰা বঞ্চিত হোৱাটো দূৰ্ভাগ্যজনক ৷

প্ৰতিবাদত নামিল বানাক্ৰান্ত: বানে চিঙি নিয়া মথাউৰি পুনঃনিৰ্মানৰ দাবীত প্ৰতিবাদ

বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিধ্বস্ত হৈ পৰিছিল লখিমপুৰৰ নাওবৈচাৰ বিস্তীৰ্ণ অঞ্চল(Vast area of Nowboicha affected by first phase of floods) । বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল কেইবাটাও অঞ্চলৰ ৰাইজ । ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ তথা পাভ নদীয়ে চিঙি নিয়া মথাউৰি পুনৰ নিৰ্মাণ কৰাৰ দাবীত নাওবৈচাৰ বানাক্ৰান্ত ৰাইজ নামিল প্ৰতিবাদত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.