ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অৱসৰপ্ৰাপ্ত IPS বিষয়া ড৹ কিৰণ বেদীৰ

author img

By

Published : Jun 5, 2022, 1:36 PM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত এটা দিন পাৰ কৰিলে অৱসৰপ্ৰাপ্ত আই পি এচ বিষয়া ড° কিৰণ বেদীয়ে ৷ বিশ্ববিদ্যালয়ত On grooming leadership' বিষয়ত ভাষণ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে (Kiran Bedi interacts with student) ৷

kiran-bedi-attended-a-meeting-at-dibrugarh-university
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সাক্ষাৎ অৱসৰপ্ৰাপ্ত আই পি এচ বিষয়া ড৹ কিৰণ বেদীৰ

মৰাণ, 5 জুন : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত শনিবাৰৰ দিনটো পাৰ কৰিলে অৱসৰপ্ৰাপ্ত আই পি এচ বিষয়া ড৹ কিৰণ বেদীয়ে (Kiran Bedi attended a meeting at Dibrugarh University) ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষে আয়োজন কৰা প্ৰশিক্ষণ শিবিৰৰ অংশ হিচাপে বিশ্ববিদ্যালয়ৰ 'ৰংঘৰ'ত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিষয়াগৰাকীয়ে ৷ অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি On grooming leadership বিষয়ত ভাষণ প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে (Kiran Bedi interacts with student) ৷

উক্ত অনুষ্ঠানত আই পি এছ বিষয়াগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক কয় যে- জীৱনৰ অৰ্থই হৈছে পৰিৱৰ্তন। যাত্ৰাপথত প্ৰত্যাহ্বান নাথাকিলে জীৱনত আগবাঢ়িব কেনেকৈ। জীৱনে হৈছে কঠিন প্ৰত্যহ্বান। এই কঠিন প্ৰত্যাহ্বানক মুখামুখি কৰিব পৰাকৈ প্ৰস্তুত হ'ব লাগিব। ইয়াৰ লগতে বিষয়াগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন প্ৰশ্নৰ ওপৰতো পৰ্যালোচনা কৰে ৷

এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ কাৰ্যসূচী সমন্বয়ক তথা জীৱ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড৹ ডেভিদ কাৰ্দঙে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য , পঞ্জীয়ক ড৹ জিতেন হাজৰিকাৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে চাওক : নিভাৰ ঘূৰ্ণীবতাহ : পণ্ডিচেৰীক সমৰ্থন কৰাৰ বাবে কেন্দ্ৰক ধন্যবাদ কিৰণ বেদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.