ETV Bharat / city

মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

author img

By

Published : Jun 4, 2022, 9:45 PM IST

মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে - এইদৰে কাছাৰৰ “ডলু চাহ বাগিচাত” গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই (Congress leader Apurva Kumar Bhattacharya criticize BJP govt) ।

congress-leader-apurva-kumar-bhattacharya-criticize-bjp-govt
মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

গুৱাহাটী, 4 জুন: কাছাৰৰ ডলু চাহ বাগিচাত গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নিৰ্মাণৰ নামত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই (Congress leader Apurva Kumar Bhattacharya criticize BJP govt) । শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়, "এই নিকৃষ্ট ষড়যন্ত্ৰ RTI ৰ উত্তৰত ফাদিল হৈছে । মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে " ৷

কাৰ স্বাৰ্থক কোনো ধৰণৰ অনুমতি নোহোৱাকৈ বিশাল আৰক্ষী আৰু অৰ্দ্ধসামৰিক বাহিনীক ব্যৱহাৰ কৰি এখন উৎপাদন হৈ থকা লাভজনক চাহ বাগিচাত অমানুষিকভাৱে উচ্ছেদ অভিযান চলোৱা হ’ল বুলি মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে । "প্ৰায় ৩০ লাখ চাহ গছ উভালি পেলোৱা হল । শ্ৰমিকৰ ঘৰ আৰক্ষীয়ে আইন উলংঘা কৰি বুলড’জাৰ চলাই ভাঙি পেলালে । কোন পুঁজিপতি বণিয়াৰ স্বাৰ্থত এনে পৰিকল্পিত ষড়যন্ত্ৰ বুলি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকৰ ভৱিষ্যতকলৈ হেতালি খেলিছে: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

RTI ৰ উত্তৰত কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক পৰিবহন বিভাগে স্পষ্টকৈ জনাইছে যে, শিলচৰত “গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট” নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত কোনো ধৰণৰ প্ৰস্তাৱেই নাই । বৰাকৰ জনগণক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে প্ৰৱঞ্চনা কৰিলে কিয়? বুলিও প্ৰশ্ন কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ৷ তেওঁ কয়, "কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰাণালয়ে RTI ৰ উত্তৰত বিগত 1জুনত স্পষ্টভাৱে জনায় যে, অসমৰ শিলচৰত “গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট” নিৰ্মাণৰ কোনো ধৰণৰ প্ৰস্তাৱ লাভ কৰা নাই ।

২০০৮ চনৰ “গ্ৰীণ ফিল্ড এয়াৰপোৰ্ট নীতিত এই সম্পর্কত স্পষ্ট গাইড লাইন দিয়া আছে । নীতিগত ভাৱে “Site Clearance” নোপোৱাকৈ এনে উচ্ছেদ চলোৱা হল কিয় বুলিও মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে নেতাগৰাকীয়ে ৷ দুশ বছৰৰ পুৰণি বৰাক উপত্যকাৰ বিখ্যাত চাহ বাগিচাখনৰ শ্ৰমিকক উচ্ছেদৰ লগতে চাহ গছবোৰ কাৰ অনুমোদনত উভালি পেলোৱা হ’ল ।

মুখ্যমন্ত্ৰীৰ কোনো বণিয়াৰ স্বাৰ্থত এনে নিকৃষ্ট কাম কৰা হৈছে ৷ কাছাৰৰ আৰক্ষী তথা জিলা প্ৰশাসনে সম্পূর্ণ বে-আইনী কাৰ্য্য এটাক আইনী সুৰক্ষা প্ৰদান কৰিলে কিয়? বুলিও মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে৷ তেওঁ কয় অসম প্ৰদেশ কংগ্ৰেছৰ এক সঁজাতি দল যোৱা ২২ মে' “ডলু চাহ বাগিচা”ৰ উচ্ছেদৰ পৰৱৰ্তী পৰিস্থিতিৰ বুজ ল’বলৈ গৈছিলো ৷

কিন্তু জিলাৰ আৰক্ষী অধীক্ষক নেতৃত্বত বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই নেতৃত্ব দিয়া বিধায়ক সহিতে দলটিক ৰাস্তাতে বাধা প্ৰদান কৰিছিল কিয়? জিলা উপায়ুক্ত মহোদয়াই দলটিক সাক্ষাৎ দিয়া নাছিল কিয় ? এই বৃহৎ চাহ শ্ৰমিক বিৰোধী আৰু চাহ খেতি সম্পৰ্কীয় বিধি ভংগৰ ন্যায়িক তদন্ত দাবী কৰিলো । ৰাজ্যপাল ৰাজ্যৰ কৰ্মৰত উচ্চ ন্যায়ালয়ৰ সন্মানীয় ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰি ইয়াৰ সত্যতা নিৰূপণ কৰক ।

লগতে পঢ়ক : এমাহৰ পিছতো গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো নতুন আঁচনি লোৱা নাই গুৱাহাটী পৌৰ নিগমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.