ETV Bharat / city

এমাহৰ পিছতো গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো নতুন আঁচনি লোৱা নাই গুৱাহাটী পৌৰ নিগমে

author img

By

Published : Jun 4, 2022, 7:20 PM IST

পৌৰ নিগমৰ পাৰিষদখন গঠন হোৱাৰ প্ৰায় এমাহৰ পিছতো গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো নতুন আঁচনি লোৱা নাই গুৱাহাটী পৌৰ নিগমে ৷ যাৰ বাবে গুৱাহাটীৰ উন্নয়নৰ কাম স্থবিৰ হৈ পৰিছে । এই ক্ষেত্ৰত পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰনীয়া আৰু ডেপুটি মেয়ৰে এই ক্ষেত্ৰত আগভাগ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation against GMC Mayor Mrigen Sarania) ।

guwahati-municipal-corporation-has-not-taken-any-new-scheme-for-the-development-of-guwahati
এমাহৰ পিছতো গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো নতুন আঁচনি লোৱা নাই গুৱাহাটী পৌৰ নিগমে

গুৱাহাটী, 4 জুন: গুৱাহাটী পৌৰ নিগমৰ পৰিষদ (Guwahati Municipal Corporation) গঠন হোৱাৰ এমাহ হ'ল যদিও গুৱাহাটীৰ উন্নয়নৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নৱগঠিত বিজেপি নেতৃত্বধীন পৰিষদখনে কোনো আঁচনি গহণ কৰা নাই (Guwahati Municipal Corporation has not taken any new scheme) । উল্লেখ্য যে, বিজেপি নেতৃত্বাধীন পৌৰ নিগমৰ পৰিষদখনে বিগত 13 মে'ত আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ।

বিজেপি নেতৃত্বাধীন পৌৰ নিগমৰ পৰিষদখনে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰা 20 দিন উকলি গ'ল যদিও এইপৰ্যন্ত কোনোধৰণৰ আঁচনি গ্ৰহণ কৰা নাই । যাৰ বাবে গুৱাহাটীৰ উন্নয়নৰ কাম স্থবিৰ হৈ পৰিছে । এই ক্ষেত্ৰত পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰনীয়া আৰু ডেপুটি মেয়ৰে এই ক্ষেত্ৰত আগভাগ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Allegation against GMC Mayor Mrigen Sarania) ।

এইক্ষেত্ৰত কাউন্সিলৰসকলৰ মাজত ক্ষোভৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । মনকৰিবলগীয় যে, শেহতীয়াকৈ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি দলে বৃহৎ সাফল্য লাভ কৰিছিল । পৌৰ নিগমৰ নিৰ্বাচনত (GMC polls 2022 results) ৬০ টা ৱাৰ্ডৰ ভিতৰত ৫৬ টা ৱাৰ্ডতে বিজয় সাব্যস্ত কৰিছিল বিজেপি দলে । তাৰ লগতে 2 টা ৱাৰ্ডত বিজেপিৰ মিত্ৰ দল অগপ দলে দখল কৰিছিল ।

বিজেপিৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ইস্তাহাৰত গুৱাহাটীৰ খোৱাপানীৰ সমস্যা, বানপানীৰ সমস্যাক আদি কৰি বহু সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে উন্নয়নৰ বাবে 10 কোটিকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ।

উল্লেখ্য যে, পৌৰ নিগম এলেকাৰ উন্নয়নৰ বাবে পৌৰ নিগমৰ পাৰিষদে বিভিন্ন কমিটি গঠন কৰিব লাগে । এই কমিটীবোৰৰ জৰিয়তে গুৱাহাটীৰ উন্নয়নৰ বিভিন্ন আঁচনি গ্ৰহণ কৰা হয় । কিন্তু পৌৰ নিগমৰ পাৰিষদখন গঠন হোৱাৰ প্ৰায় এমাহৰ পিছতো এই কমিটীবোৰ গঠন হোৱা নাই জানিব পৰা গৈছে ।

এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয়, "কমিটীবোৰ গঠন কৰিব নোৱাৰাৰ বাবে বৰ্তমানলৈকে গুৱাহাটীৰ উন্নয়নৰ কোনো আঁচনি গহণ কৰা নাই ।" তেওঁ কয় যে আইনী উপদেষ্টা কমিটীয়ে পৰামৰ্শ দিয়াৰ পিছত পৌৰ নিগমৰ অধীনত উপ কমিটীসমূহ গঠন কৰা হ'ব। তাৰ পিছতহে গুৱাহাটীৰ উন্নয়নৰ বাবে আঁচনি প্ৰস্তুত কৰা হ'ব। এই কামখিনি কৰাৰ বাবে এমাহ লাগিব বুলি মেয়ৰগৰাকীয়ে জনায় ।

লগতে পঢ়ক : 9 জুনত বহু মন্ত্ৰীৰ দপ্তৰো সলনি হ'বঃ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.