ETV Bharat / state

প্ৰতিবাদত নামিল বানাক্ৰান্ত: বানে চিঙি নিয়া মথাউৰি পুনঃনিৰ্মানৰ দাবীত প্ৰতিবাদ

author img

By

Published : Jun 4, 2022, 9:44 PM IST

বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বিধ্বস্ত হৈ পৰিছিল লখিমপুৰৰ নাওবৈচাৰ বিস্তীৰ্ণ অঞ্চল(Vast area of Nowboicha affected by first phase of floods) । বানত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল কেইবাটাও অঞ্চলৰ ৰাইজ । ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ তথা পাভ নদীয়ে চিঙি নিয়া মথাউৰি পুনৰ নিৰ্মাণ কৰাৰ দাবীত নাওবৈচাৰ বানাক্ৰান্ত ৰাইজ নামিল প্ৰতিবাদত ।

flood victims protest in nowboicha
প্ৰতিবাদত নামিল বানাক্ৰান্ত: বানে চিঙি নিয়া মথাউৰি পুনঃনিৰ্মাণৰ দাবীত প্ৰতিবাদ

নাওবৈচা,৪ জুন: বছৰৰ প্ৰথমটো বানত বিধ্বস্ত হৈ পৰিছিল লখিমপুৰৰ নাওবৈচা(Vast area of Nowboicha affected by first phase of floods) । পাভ নদীয়ে লৈছিল কালৰূপ । পশ্চিম নাওবৈচাবাসীৰ বাবে অভিশাপ স্বৰূপ হৈ পৰা পাভ নদীৰ মথাউৰি নিৰ্মাণৰ লগতে নদীখনৰ সংহাৰী বানত ক্ষতিগ্ৰস্ত হোৱা বানাক্ৰান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীৰে শনিবাৰে আবেলি প্ৰতিবাদত নামিল বানাক্ৰান্ত ৰাইজ(Protests demanding reconstruction of dam and help to flood victims) ।

উল্লেখযোগ্য যে বিগত বৰ্ষত পশ্চিম নাওবৈচাবাসীৰ ৰক্ষাকৱচ স্বৰূপ পাভ নদীৰ সোঁ পাৰৰ মথাউৰিটো ভঙাৰ ফলত নদীখনৰ প্ৰলয়ংকৰী বানে দক্ষিণ নাওবৈচাৰ ১নং ধৰ্মপুৰ, ২নং ধৰ্মপুৰ, কেহুতলি, ইছলামপুৰকে ধৰি বহু কেইখন গাঁৱৰ সহস্ৰাধিক পৰিয়ালৰ অন্ন, বস্ত্ৰ, বাসস্থান সকলো নিঃশেষ কৰি দক্ষিণ নাওবৈচাবাসীক অন্ধকাৰ ভবিষ্যতলৈ ঠেলি দিছিল । এনে পৰিপেক্ষিতত বিগত বৰ্ষতে চিঙি নিয়া মথাউৰি পুনৰ নিৰ্মান কৰিবলৈ অঞ্চলটোৰ ৰাইজে জিলা প্ৰশাসন তথা জলসম্পদ বিভাগক বহুবাৰ আবেদন নিবেদন কৰিছিল ।

প্ৰতিবাদত নামিল বানাক্ৰান্ত: বানে চিঙি নিয়া মথাউৰি পুনঃনিৰ্মাণৰ দাবীত প্ৰতিবাদ

কিন্তু বানে চিঙি নিয়া মথাউৰি পুনৰ নিৰ্মাণ নকৰাত এই বৰ্ষৰ প্ৰথমটো বানতে অঞ্চলটোৰ ৰাইজে বানত ককবকাই থকাৰ লগতে অঞ্চলটোৰ সহস্ৰাধিক পৰিয়ালৰ কৃষিভূমি-সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত বানত সৰ্বহাৰা হোৱা বানাক্ৰান্ত ৰাইজে উপাই নাপাই শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ তথা জিলা প্ৰশাসনক উক্ত বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি চিঙি যোৱা মথাউৰি পুনৰ নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজক বানপানীৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনাইছে । লগতে বান ক্ষতিগ্ৰস্ত ৰাইজক উচিত ক্ষতিপূৰণ দিবলৈও দাবী জনায় প্ৰতিবাদী বানাক্ৰান্ত ৰাইজে ।

লগতে পঢ়ক: Child abuse in Digboi: বন কৰা কিশোৰীক নিৰ্যাতনৰ অভিযোগত এজনক জেল হাজোতলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.