ETV Bharat / city

পুনৰ চাইবাৰ অপৰাধীৰ কৱলত অইল ইণ্ডিয়া

author img

By

Published : Jun 4, 2022, 9:28 PM IST

এইবাৰ সামাজিক মাধ্যমৰ জড়িয়তে পেজ খুলি সাধাৰণ জনতাৰ বেংক একাউন্টৰ পৰা ধন সৰকোৱাৰ ফন্দি পাতিছে চাইবাৰ চক্ৰটোৱে । এই চক্ৰটোৱে বিভিন্নজনক অইলৰ নামত কেতবোৰ মেছেজ প্ৰেৰণ কৰি ধনৰ প্ৰলোভন দিয়া বুলিও জানিব পৰা গৈছে ।

পুনৰ চাইবাৰ অপৰাধীৰ কৱলত অইল ইণ্ডিয়া
পুনৰ চাইবাৰ অপৰাধীৰ কৱলত অইল ইণ্ডিয়া

মৰাণ, 4 জুনঃ দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড দ্বিতীয়বাৰৰ বাবে চাইবাৰ আক্ৰমণৰ বলি হৈছে (Cyber criminal again attack Oil India Limited) । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১০ এপ্ৰিলত হেকাৰে অইল ইণ্ডিয়াৰ ৱেবচাইট হেক কৰি অইলৰ বহুসংখ্যক কম্পিউটাৰ অচল কৰি পেলাইছিল ।

ইয়াৰ পিছতে এই বৃহৎ প্ৰতিস্থানটোত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছিল । এইবাৰ সামাজিক মাধ্যমৰ জড়িয়তে পেজ খুলি সাধাৰণ জনতাৰ বেংক একাউন্টৰ পৰা ধন সৰকোৱাৰ ফন্দি পাতিছে চাইবাৰ চক্ৰটোৱে ।

পুনৰ চাইবাৰ অপৰাধীৰ কৱলত অইল ইণ্ডিয়া

এই চক্ৰটোৱে বিভিন্নজনক অইলৰ নামত কেতবোৰ মেছেজ প্ৰেৰণ(Cyber criminal group send messages by the name of Oil India) কৰি ধনৰ প্ৰলোভন দিয়া বুলিও জানিব পৰা গৈছে । এই সমগ্ৰ বিষয়টো অইল ইণ্ডিয়া কৰ্তৃপক্ষই জানিব পাৰি দুলীয়াজান আৰক্ষী থানাত ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে । ৰাইজকো এই চক্ৰৰ প্ৰলোভনত ভৰি নিদিবলৈ আহ্বান জনাইছে অইল ইণ্ডিয়া কৰ্তৃপক্ষই ।

লগতে পঢ়ক: অৰণ্য মানৱৰ 'আধাৰ কাৰ্ড' নাই কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.