ETV Bharat / state

PPE Kit controversy: দুই মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীৰ টুইটযুদ্ধ তুংগত

author img

By

Published : Jun 4, 2022, 10:35 PM IST

Updated : Jun 4, 2022, 10:41 PM IST

"মণীষভাই, আপুনি নিজকে 'দুৰ্নীতি বিৰোধী' আন্দোলনৰ নেতা বুলি দাবী কৰে । ক'ভিডৰ সময়ত যেতিয়া অসমৰ হাতত এটাও পি পি ই কিট নাছিল, অসম চৰকাৰে এটা পি পি ই কিটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত মোৰ পত্নীয়ে বহু কষ্ট আৰু চেষ্টাৰ বলত কিছু PPE Kit দিছিল আৰু সাধাৰণ লোকৰ জীৱন ৰক্ষা কৰিছিল । ইয়াৰ বিনিময়ত কোনোধৰণৰ ধনৰ লেনদেন হোৱা নাছিল । তেন্তে ইয়াত দুৰ্নীতিৰ প্ৰশ্ন আহিল কেনেকৈ ? "

PPE Kit controversy
দুই মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীৰ টুইটযুদ্ধ তুংগত

নিউজ ডেস্ক, ৪ জুনঃ পি পি ই কিটকেন্দ্ৰীক "যুঁজ"খন ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ চিছোদিয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত । দুয়োৰে মাজত চলা "টুইট যুদ্ধ" খনে শণিবাৰে নিশা নতুন গতি লাভ কৰে । উল্লেখযোগ্য যে শণিবাৰে বিয়লি মণীষ চিছোদিয়াই দিল্লীত এখন সংবাদমেল আয়োজন কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নী ক'ভিডকালিন সময়ত পি পি ই কিট ক্ৰয় কেলেংকাৰীত জড়িত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।

  • माननीय मुख्यमंत्री @himantabiswa जी! यह रहा आपकी पत्नी की JCB इंडस्ट्रीज के नाम 990/- प्रति किट के हिसाब से 5000 किट ख़रीदने का contract… बताइए क्या यह काग़ज़ झूँठा है?

    क्या स्वास्थ्यमंत्री रहते अपनी पत्नी की कम्पनी को बिना टेंडर purchase order देना भ्रष्टाचार नहीं है? https://t.co/qHcZYjfkrv pic.twitter.com/XR5q9V2bTe

    — Manish Sisodia (@msisodia) June 4, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আনকি মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ পত্নীৰ মালিকানাধীন এটা কোম্পানীয়ে প্ৰতিটো পি পি ই কিট পাঁচ হাজাৰ টকা দৰত অসম চৰকাৰৰ স্বাস্থ্য বিভাগক যোগান ধৰাৰো কেতবোৰ নথি পত্ৰ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীয় ৰাজহুৱা কৰিছিল । মণীষ চিছোদিয়াৰ এই সংবাদমেলৰ পিছতে তাৎক্ষনিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma react on Manish Sishodia Press Conference) ।

  • At a time when the entire country was facing the worst pandemic in over 100 years , Assam hardly had any PPE Kits

    My wife took the courage of coming forward and donating around 1500 free of cost to the govt to save lives

    She didn’t take a single penny. pic.twitter.com/ESPJ64qKen

    — Himanta Biswa Sarma (@himantabiswa) June 4, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

টুইটযোগে ড৹ শৰ্মাই মণীষ চিছোদিয়াৰ বিৰুদ্ধে খুব শীঘ্ৰেই গুৱাহাটীৰ আদালতত ফৌজদাৰী গোচৰ তৰিব বুলিও স্পষ্ট কৰি দিয়ে (Assam CM to file Defamation suit against Manish Sishodiya) । এই প্ৰসংগত কেইবাটাও টুইটযোগে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দিল্লীৰ উপ-মুখ্যমন্ত্ৰী গৰাকীক তীক্ষ্ণ বাক্যবাণেৰে আক্ৰমণ কৰে । তেওঁ কয়-" মণীষভাই, আপুনি নিজকে 'দুৰ্নীতি বিৰোধী' আন্দোলনৰ নেতা বুলি দাবী কৰে ।

  • Dear Manish Sishodia, let me refresh your memory from 2 years. You did not even reply to my tweet when my people from Assam needed your help during the Covid pandemic. Many phone calls even went unanswered in spite of the fact that we knew each other very well. https://t.co/k8JHasbb5r

    — Himanta Biswa Sarma (@himantabiswa) June 4, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ক'ভিডৰ সময়ত যেতিয়া অসমৰ হাতত এটাও পি পি ই কিট নাছিল, অসম চৰকাৰে এটা পি পি ই কিটৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত মোৰ পত্নীয়ে বহু কষ্ট আৰু চেষ্টাৰ বলত কিছু পি পি ই কিট যোগাৰ কৰি চৰকাৰক দিছিল আৰু সাধাৰণ লোকৰ জীৱন ৰক্ষা কৰিছিল । ইয়াৰ বিনিময়ত কোনোধৰণৰ ধনৰ লেনদেন হোৱা নাছিল । তেন্তে ইয়াত দুৰ্নীতিৰ প্ৰশ্ন আহিল কেনেকৈ ? "

কেৱল ইমানেই নহয়, আন এটা টুইটত ড৹ শৰ্মাই চিছোদিয়াক কয়- "ক'ভিডৰ সময়ত যেতিয়া অসমৰ মানুহৰ বাবে সহায় বিচাৰি মই আপোনাক টুইট কৰিছিলো তেতিয়া সৌজন্যতা ৰক্ষা কৰি হ'লেও আপুনি মোৰ সেই টুইটৰ উত্তৰ দিয়াৰ প্ৰয়োজনবোধ কৰা নাছিল ।"

লগতে পঢ়ক: PPE kit scam in Assam: ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ

Last Updated :Jun 4, 2022, 10:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.