ETV Bharat / city

PPE kit scam in Assam: ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ

author img

By

Published : Jun 4, 2022, 8:17 PM IST

পি পি ই কিট কেলেংকাৰীক লৈ ৰাজ্যত ব্যাপক চৰ্চা (PPE kit scam in Assam)। ক'ভিডৰ নামত হোৱা বিয়াগোম কেলেংকাৰীৰ তদন্তৰ দাবী জনাই ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ (Raijor Dal protest against PPE kit scam) ৷

Raijor Dal protest against PPE kit scam at national health mission office in Guwaahti
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ

গুৱাহাটী, ৪ জুন: ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ (Raijor Dal protest against PPE kit scam) । PPE কীট আৰু চেনিটাইজাৰ কেলেংকাৰীৰ তদন্তৰ দাবীত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ সমগ্ৰ কেলেংকাৰীৰ CBI তদন্তৰ দাবী কৰে (Raijor Dal demands CBI probe against CM's family) । প্ৰয়োজনত প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব বুলি মন্তব্য কৰে ৰাইজৰ দলে ৷

ইফালে পিযুষ হাজৰিকাৰ বক্তব্যৰ তীব্ৰ প্ৰত্যাহ্বান জনাই ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয়, "পীযুষ হাজৰিকাই সংবাদমেলত কোৱা কথা ভিত্তিহীন, কোনো যুক্তি নাই ।" মুখ্যমন্ত্ৰীৰ পৰিয়ালক সুৰক্ষা দিয়াৰ বাবে এইদৰে মন্তব্য কৰিছে বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীগৰাকীয়ে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত ৰাইজৰ দলৰ প্ৰতিবাদ

লগতে "মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল PPE কীট আৰু ছেনিটাইজাৰ কেলেংকাৰীত প্ৰত্যক্ষভাৱে জড়িত । এয়া হাজাৰ কৌটি টকীয়া কেলেংকাৰী । আজিৰ পৰা ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে । যেতিয়ালৈ তদন্ত ঘোষণা নকৰে তেতিয়ালৈ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব" - এই বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই ৷

তেওঁ কয় যে, ক’ভিডৰ সময়ত সকলো সামগ্ৰী ক্ৰয়ৰ দায়িত্ব আছিল এন এইচ এমৰ । এন এইচ এমত ক’ভিড কেলেংকাৰী সংঘটিত হৈছে । সেয়েহে ইয়াৰ জবাবদিহি কৰিবলৈ ৰাইজৰ দল এইদৰে ওলাই আহিছে বুলি মন্তব্য কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে ।

উল্লেখ্য যে, ক’ভিডৰ সময়ত বিভিন্ন সামগ্ৰী যোগানৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি, এন এইচ এমৰ পৰা তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা তথ্যৰ আধাৰত, দুটা ডিজিটেল সংবাদ প্ৰতিষ্ঠান ‘দ্য ৱায়াৰ’ আৰু ‘দ্য ক্ৰছকাৰেন্ট’য়ে শেহতীয়াভাৱে এলানি তথ্য ৰাজহুৱা কৰিছে । ইয়াৰ পিছতে ৰাজনৈতিক মহলত এই সমগ্ৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে (PPE kit scam in Assam)।

লগতে পঢ়ক : পি পি ই কিট কেলেংকাৰীৰ তদন্তৰ দাবীত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.