ETV Bharat / state

গ্ৰেপ্তাৰৰ পাছতে চাকৰিৰ পৰাও নিলম্বন উপ পৰিদৰ্শক জোনমণি ৰাভাক

author img

By

Published : Jun 5, 2022, 10:55 AM IST

Updated : Jun 5, 2022, 12:28 PM IST

SI জোনমণি ৰাভাক নিলম্বন (Suspension of SI Junmoni Rabha)। প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত আছিল জোনমণি ৰাভা । মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জোনমণি ৰাভাক । তাৰ পিছতেই নগাঁও আৰক্ষীয়ে নিলম্বন কৰিছে জোনমণি ৰাভাক ।

SI Junmoni Rabha suspended from her job after arrest
গ্ৰেপ্তাৰৰ পাছতে চাকৰিৰ পৰাও নিলম্বন উপ পৰিদৰ্শক জোনমণি ৰাভাক

গুৱাহাটী,৫ জুন : অসম আৰক্ষীৰ বিতৰ্কিত উপ পৰিদৰ্শক জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰাৰ পাছতে চাকৰিৰ পৰাও নিলম্বন কৰা হৈছে (SI Junmoni Rabha suspended) ৷ নগাঁও আৰক্ষী অধীক্ষকে এক নিৰ্দেশযোগে জোনমণি ৰাভাক চাকৰিৰ পৰা নিলম্বিত কৰিছে । উল্লেখ্য যে তিনিদিনৰ জেৰাৰ অন্তত শনিবাৰে জোনমণি ৰাভাক প্ৰৱঞ্চনাৰ গোচৰত মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (SI Junmoni Rabha was arrested in a cheating case)। আৰক্ষীৰ তদন্তত জোনমণিৰ দুটা একাউন্টত প্ৰায় ২০ লাখ টকা লেনদেন হোৱাৰ তথ্য উদঘাটন হৈছিল ।

প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাণা পগাগৰে মিলি জোনমণি ৰাভাই প্ৰবঞ্চনা কৰিছিল বিভিন্ন ঠিকাদাৰক ৷ জোনমণি ৰাভাৰ এজাহাৰৰ ভিত্তিতে হ'ব লগা স্বামী ৰাণা পগাগক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল (Rana Pogag fraud case)।

উল্লেখ্য যে বিধায়কৰ ফোন টেপিঙৰে সংবাদ শিৰোনাম দখল কৰা এছ আই জোনমণি ৰাভাই প্ৰেমিক ৰাণা পগাগক গ্ৰেপ্তাৰ কৰোৱাই বাতৰি শিৰোনামা দখল কৰিছিল যদিও তেওঁৰ সেই জনপ্ৰিয়তা মাজুলীৰ গড়মূৰ আৰক্ষী থানাত ৰুজু হোৱা একাধিক গোচৰে নোহোৱা কৰি খলনায়িকা কৰিলে । সেই গোচৰৰ ভিত্তিত তিনিদিন মাজুলী আৰক্ষীয়ে জেৰা কৰাৰ অন্তত শনিবাৰে গ্ৰেপ্তাৰ হ'ব লগা হ'ল নগাঁৱৰ কলিয়াবৰ আৰক্ষী থানাৰ এছ আই জোনমণি ৰাভা । নগাঁও জিলাত প্ৰথমে ৰহা থানাত জোনমণি ৰাভাৰ পোষ্টিং হোৱাৰ পিছত নগাঁও সদৰ থানালৈ বদলি হৈছিল ৷

নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে

সদৰ থানাত থকা অৱস্থাতে জোনমণি ৰাভাক মহিলা আৰক্ষী কোষৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ৷ শেহতীয়াকৈ বিতৰ্কত সোমাই পৰাত নগাঁৱৰ পৰা কলিয়াবৰলৈ বদলি কৰা হৈছিল ৷ কলিয়াবৰত যোগদান কৰিছিল যদিও জোনমণিয়ে স্বাস্থ্যজনিত কাৰণত ছুটি লৈ আছিল ৷

যি অভিযোগ আনি প্ৰেমিক তথা হ'ব লগীয়া স্বামীক ৰঙাঘৰলৈ এছ আই জোনমণি ৰাভাই পঠাবলৈ সক্ষম হৈছিল আৰু সেই একে অভিযোগতে শনিবাৰে ৰঙাঘৰত সোমাল জোনমণি ৰ‍াভা । মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জোনমণি ৰাভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । গ্ৰেপ্তাৰৰ পাছতে তেওঁক নিলম্বন কৰা হয় ।

লগতে পঢ়ক:SI Junmani Rabha arrested : অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত এছ আই জোনমণি ৰাভা

Last Updated : Jun 5, 2022, 12:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.