ETV Bharat / state

SI Junmani Rabha arrested : অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত এছ আই জোনমণি ৰাভা

author img

By

Published : Jun 4, 2022, 2:03 PM IST

অৱশেষত চৰ্চাৰ অন্ত পৰিল ৷ শনিবাৰে গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বহু বিতৰ্কিত এছআই জোনমণি ৰাভাক (Arrested SI Junmoni Rabha) ৷

Garmur police arrested SI Junmoni Rabha
এছআই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

মাজুলী, ৪ জুন : শনিবাৰে শনি লাগিল আৰক্ষী বিষয়া জোনমণি ৰাভাৰ (SI Jonmoni Rabha in trouble) ৷ অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিতৰ্কিত এছআই জোনমণি ৰাভা ৷ বিগত তিনি দিন ধৰি চলোৱা জেৰাৰ অন্তত আজি অৰ্থাৎ শনিবাৰে গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকীক (Arrested SI Junmoni Rabha) ৷

তথ্য অনুসৰি, বৃহস্পতিবাৰৰ পৰা মাজুলী আৰক্ষীয়ে জেৰা চলাই আছিল আৰক্ষী বিষয়াগৰাকীক ৷ ভাবী স্বামী ৰাণা প’গাগৰ প্ৰৱঞ্চনাৰ ন ন তথ্য ৰাজহুৱা কৰি আইনৰ মেৰপাকলৈ আনিছিল আৰক্ষী বিষয়া জোনমণি ৰাভাই ৷ আৰক্ষী বিষয়াগৰাকীৰ এই পদক্ষেপক সকলোৱে বাঃ বাঃ জনাইছিল ৷ কিন্তু দশা বেয়া আছিল আৰক্ষী বিষয়াগৰাকীৰ ৷

যি অজুহাত লৈ ভাবী স্বামীক গ্ৰেপ্তাৰ কৰাইছিল, সেই একে অভিযোগৰ আধাৰতে শনিবাৰে গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এছআই জোনমণি ৰাভাক ৷ উল্লেখ্য যে, শেহতীয়াকৈ প্ৰৱঞ্চনাৰ গোচৰত জোনমণি ৰাভাক তলব কৰিছিল মাজুলীৰ গড়মূৰ আৰক্ষীয়ে । বিগত দুদিন ধৰি মাৰাথন জেৰা চলোৱা হৈছে আৰক্ষী বিষয়াগৰাকীক ।

এছআই জোনমণি ৰাভাক গ্ৰেপ্তাৰ

এই জেৰাত বহু নতুন তথ্য লাভ কৰিছে আৰক্ষীয়ে (Majuli police interrogate Jonmoni Rabha) । SI জোনমণি ৰাভাৰ একাউণ্টত লাখে লাখে টকাৰ বৃহৎ লেনদেন হোৱাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, জোনমণি ৰাভা কানাড়া বেংকৰ একাউণ্টত ১১,৩৩,১৭৪ টকাৰ লেনদেন হৈছিল ।

সমান্তৰালকৈ জোনমণিৰ এক্সিছ বেংকৰ একাউণ্টটো সোমাইছিল ৯,১৪,২৬৯ টকা । এই বৃহৎ ধনৰ লেনদেনৰ তথ্য পোহৰলৈ অহাৰ পাছতে স্বাভাৱিকতে জোনমণি ৰাভাৰ ওপৰত সন্দেহ বৃদ্ধি পাইছিল আৰক্ষীৰ । যাৰ আধাৰত বৰ্তমান ৰঙাঘৰৰ আলহী হ’ব লগা হ’ল আৰক্ষী বিষয়া জোনমণি ৰাভা ৷

লগতে পঢ়ক : Rana Pogag Fraud case : গ্ৰেপ্তাৰ হ'ব পাৰে SI জোনমণি ৰাভা...!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.