ETV Bharat / city

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : May 11, 2022, 3:02 PM IST

news-at-3
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Sedition law : ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ভাৰতীয় দণ্ডবিধিৰ ১২৪ এ ধাৰা এখন ১৫২ বছৰ পুৰণি আইন, যাৰ অধীনত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰসমূহ ৰুজু কৰা হয় । এই সংক্ৰান্তীয় এক নিৰ্দেশনাত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহকো পুনৰ বিবেচনাৰ সময়চোৱাত এই ধাৰাৰ অধীনত গোচৰ ৰুজু কৰাটো বন্ধ ৰাখিবলৈ নিৰ্দেশ(SC orders to keep sedition law in abeyance) দিয়ে ।

ওলোটা খৰ : জোনমণি ৰাভাৰ বিৰুদ্ধে ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ

লেডী সিংঘম জোনমণি ৰাভাৰ বিৰুদ্ধে ভাবী স্বামীৰ হৈ লক্ষাধিক ধন সংগ্ৰহৰ অভিযোগ (SI Jonmani Rava) ৷ কাৰাগাৰলৈ প্ৰেৰণ কৰা ভাবী স্বামীক এইক্ষেত্ৰত সহায় কৰিছিল আৰক্ষী বিষয়া জোনমণি ৰাভাই ৷ বিষয়াগৰাকীৰ বিৰুদ্ধে এই অভিযোগ তৰিছে মাজুলীৰ দুই ব্যৱসায়ীয়ে ৷ কেৱল অভিযোগ তৰাই নহয়, ভুক্তভোগী দুই ব্যৱসায়ীয়ে কাষ চাপিছে গড়মূৰ আৰক্ষীৰ ৷

Journalist killed in Jenin : ইজৰাইলী সেনাৰ অভিযানৰ মাজতে পুনৰ সাংবাদিক নিহত

জেনিনত ইজৰাইলী সেনাই চলোৱা এক অভিযানৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে মৃত্যু ঘটে পেলেষ্টাইনৰ এগৰাকী সাংবাদিকৰ(Palestinian reporter killed during Israeli raid) । এই ঘটনাত জেৰুজালেমৰ আল-কুদছ নামৰ বাতৰি কাকতখনৰ আন এগৰাকী সাংবাদিকো আহত হয় ৷ পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি, ইজৰাইলৰ পক্ষৰ পৰা চলোৱা গুলীত আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক কেইগৰাকী ।

National Technology Day : ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসত প্ৰধানমন্ত্ৰী মোডীৰ শুভেচ্ছাবাণী

১৯৯৮ চনত পোখৰাণত ভাৰতে সফলভাৱে পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল । যাৰ বাবে এই দিনটো দেশজুৰি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস (National Technology Day) হিচাপে পালন কৰা হয় । এই দিৱসত প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰিছে ।

Defamation case : আদালতত হাজিৰ হোৱাৰ পৰা ৰেহাই বিচাৰি আবেদন ৰাহুল গান্ধীৰ

২০১৪ চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰএছএছ নেতা ৰাজেশ কুন্তেই দাখিল কৰিছিল মানহানিৰ গোচৰ (Rajesh Kunte filed case against Rahul Gandhi) । এই গোচৰটো সন্দৰ্ভত আদালতত হাজিৰ হোৱাৰ পৰা স্থায়ীভাৱে ৰেহাই বিচাৰি আবেদন জনাইছে ৰাহুল গান্ধীয়ে । ৰাজেশ কুন্তেক ৰাহুল গান্ধীৰ আবেদনৰ সঁহাৰি দিবলৈ আদালতে নিৰ্দেশ দিছে ।

গুণোৎসৱ ২০২২ক লৈ সাজু নগাঁও জিলা প্ৰশাসন

বুধবাৰৰ পৰা আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ (Gunotsav 2022) ৷ গুণোৎসৱৰ বাবে সম্পূৰ্ণৰূপে সাজু নগাঁও জিলা প্ৰশাসন ৷ যাৰ বাবে বৰ্তমান মুঠ ১৩,৮২২ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োগ কৰিছে নগাঁও জিলা প্ৰশাসনে ৷

Loudspeaker banned in Karnataka : নিশা 10 বজাৰ পৰা নিষিদ্ধ লাউড স্পীকাৰ

চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । এতিয়াৰে পৰা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব (Loudspeaker shall not be used at night) লাউড স্পীকাৰ। শব্দ প্ৰদূষণ ৰোধৰ বাবে জাৰি এই বিশেষ নিৰ্দেশনা ।

সন্তান-পত্নীক ঘৰত এৰি আলফাত যোগদান কণ্ঠশিল্পীৰ

অসমৰ বহু যুৱক-যুৱতীয়ে এতিয়া যোগদান(Numbers of Assamese youth joined ULFA Independent) কৰা দেখা গৈছে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বাধীন) ত ৷ পুনৰ মৰাণৰ এজন যুৱকে সংগঠনটোত যোগদান কৰাৰ খবৰ পোৱা গৈছে ৷ যুৱকজন মৰাণৰ ২ নং চৰাইহাবি গাঁৱৰ বাসিন্দা তথা উদীয়মান কণ্ঠশিল্পী(Singer abhilesh bora joins ulfa independentent) ।

দিল্লীলৈ ওভতাৰ পূৰ্বে গুৱাহাটীত পাঁচটাকৈ নতুন আধাৰশিলা অমিত শ্বাহৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে সামৰণি পৰিল হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰথমটো বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৫ টাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে এই অনুষ্ঠানত (Amit Shah lays foundation stone of five development project) ৷ সামৰণি অনুষ্ঠানত ডাঙি ধৰা হ’ল ৰাজ্য চৰকাৰৰ এবছৰীয়া কাম-কাজৰ খতিয়ান ৷

ঘগ্ৰাপাৰৰ পুখুৰীত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

নলবাৰীত সংঘটিত হৈছে এক হৃদয় বিদাৰক কাণ্ড ৷ মঙলবাৰে নিশা নলবাৰীৰ ঘগ্ৰাপাৰৰ এটা পুখুৰীত উদ্ধাৰ হৈছে নৱজাতকৰ মৃতদেহ (Body of newborn baby recovered in Nalbari) । নিশাৰ ভাগতে ঘগ্ৰাপাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পুখুৰীৰ পৰা উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহটো ৷ ঘটনা সন্দৰ্ভত অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.