ETV Bharat / bharat

Loudspeaker banned in Karnataka : নিশা 10 বজাৰ পৰা নিষিদ্ধ লাউড স্পীকাৰ

author img

By

Published : May 11, 2022, 10:30 AM IST

চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । এতিয়াৰে পৰা নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ ব্যৱহাৰ কৰিব নোৱাৰিব (Loudspeaker shall not be used at night) লাউড স্পীকাৰ। শব্দ প্ৰদূষণ ৰোধৰ বাবে জাৰি এই বিশেষ নিৰ্দেশনা ।

Loudspeaker banned
নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ লাউডস্পীকাৰ নিষিদ্ধ

নেশ্যনেল ডেস্ক, ১১ মে' : কঠোৰ হৈছে প্ৰশাসন । এতিয়াৰে পৰা আপুনি নিশা উচ্চ স্বৰত গান বজাব নোৱাৰিব বা কোনো ধৰণৰ লাউড স্পীকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব । নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ এই নিষেধাজ্ঞা অব্যাহত থাকিব (Loudspeaker shall not be used at night) । আনকি এই সময়চোৱাত উচ্চ স্বৰ ব্যৱহাৰ কৰি ৰাজহুৱা সভা আদিও আয়োজন কৰিব নোৱাৰিব ।

কেৱল বন্ধ কোনো স্থান, প্ৰেক্ষাগৃহ, কনফাৰেঞ্চ হল, বেংকুৱেট হল আদিতহে লাউডস্পীকাৰ ব্যৱহাৰ কৰিব পৰা যাব । উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনা উল্লেখ কৰি এই সন্দৰ্ভত প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে প্ৰশাসনে । নিৰ্দেশনা অনুসৰি ৰাজহুৱা স্থানত ব্যৱহৃত শব্দ বা লাউড স্পীকাৰৰ উৎসৰ শব্দৰ মান 10 ডিবি(এ)ত কৈ বেছি হ'ব নোৱাৰিব ৷ আনহাতে অঞ্চলটোৰ পৰিৱেশৰ শব্দৰ মান 75 ডিবি(এ) অতিক্ৰম কৰিব নোৱাৰিব । এই ক্ষেত্ৰত শব্দ প্ৰদূষণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশনা জাৰি কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে ।

শব্দ প্ৰদূষণ (নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ) নিয়ম 2000-ৰ অধীনত লাউড স্পীকাৰ ব্যৱহাৰৰ ক্ষেত্ৰত এই নিৰ্দেশনা জাৰি কৰিছে (Karnataka government banned the use of loudspeakers) কৰ্ণাটক চৰকাৰে ।

কৰ্ণাটক চৰকাৰৰ এই নিৰ্দেশৰ পাছতে সমগ্ৰ ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অৱশ্যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি লৈ নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে লাউড স্পীকাৰ ব্যৱহাৰ কৰিব পৰা যাব ।

শেহতীয়াকৈ মহাৰাষ্ট্ৰত লাউড স্পীকাৰ বিতৰ্কই বিশেষ চৰ্চা লাভ কৰে (Loudspeaker controversy in Maharashtra) । মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাৰ (MNS) অধ্যক্ষ ৰাজ ঠাকৰেই যোৱা ১২ এপ্ৰিলত মহাৰাষ্ট্ৰ চৰকাৰক বিশেষ আহ্বান জনাইছিল । ৩ মে'ৰ ভিতৰত মছজিদৰ পৰা লাউড স্পীকাৰ আঁতৰাবলৈ তেওঁ সময়সীমা বান্ধি দিছিল ৷ অন্যথা এমএনএছ কৰ্মীসকলে লাউড স্পীকাৰত হনুমান চালিছা বজাব বুলিও তেওঁ দাবী কৰিছিল । ইফালে এই সন্দৰ্ভত ৰাজ ঠাকৰেৰ বিৰুদ্ধে এক গোচৰো ৰুজু কৰা হৈছে ।

লগতে পঢ়ক : শীঘ্ৰেই সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ'ব AFSPA : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.