ETV Bharat / bharat

Defamation case : আদালতত হাজিৰ হোৱাৰ পৰা ৰেহাই বিচাৰি আবেদন ৰাহুল গান্ধীৰ

author img

By

Published : May 11, 2022, 1:48 PM IST

২০১৪ চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে আৰএছএছ নেতা ৰাজেশ কুন্তেই দাখিল কৰিছিল মানহানিৰ গোচৰ (Rajesh Kunte filed case against Rahul Gandhi) । এই গোচৰটো সন্দৰ্ভত আদালতত হাজিৰ হোৱাৰ পৰা স্থায়ীভাৱে ৰেহাই বিচাৰি আবেদন জনাইছে ৰাহুল গান্ধীয়ে । ৰাজেশ কুন্তেক ৰাহুল গান্ধীৰ আবেদনৰ সঁহাৰি দিবলৈ আদালতে নিৰ্দেশ দিছে ।

Rahul Gandhi in defamation case
আদালতত হাজিৰ হোৱাৰ পৰা স্থায়ী ৰেহাই বিচাৰি আবেদন ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক, ১১ মে’ : আদালতত হাজিৰ হোৱাৰ পৰা স্থায়ীভাৱে ৰেহাই দিব লাগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক । মহাৰাষ্ট্ৰৰ এখন আদালতত এই আবেদন যুৱনেতা গৰাকীৰ । কংগ্ৰেছ নেতাগৰাকীয়ে মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱান্দিৰ এখন আদালতত তেওঁৰ বিৰুদ্ধে দাখিল কৰা মানহানিৰ গোচৰত (Defamation case against Rahul Gandhi) হাজিৰ হোৱাৰ পৰা স্থায়ী ৰেহাই বিচাৰি আবেদন দাখিল কৰিছে (Rahul Gandhi seeks permanent exemption from appearance in court) ।

ন্যায়িক দণ্ডাধীশ জে ভি পালিৱালে মঙলবাৰে অভিযোগকাৰী তথা স্থানীয় আৰ এছ এছ কৰ্মী ৰাজেশ কুন্তেক ৰাহুল গান্ধীৰ আবেদনৰ সঁহাৰি দিবলৈ নিৰ্দেশ দিছে ৷ বিষয়টোৰ পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে ১৮ মে'ত ।

উল্লেখ্য যে, ২০১৪ চনতে থানেৰ ভিৱান্দি টাউনশ্বিপত এক অনুষ্ঠানত ভাগ লৈছিল কংগ্ৰেছ নেতা গান্ধীয়ে । য'ত ভাষণ প্ৰসংগত তেওঁ অভিযোগ কৰিছিল যে মহাত্মা গান্ধীৰ হত্যাৰ আঁৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS) ৰ সম্পৰ্ক আছিল । এই মন্তব্যৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আৰ এছ এছ কৰ্মী ৰাজেশ কুন্তেই ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰিছিল (Rajesh Kunte filed case against Rahul Gandhi) এক গোচৰ ।

কুন্তে দাবী কৰা মতে, আৰএছএছৰ খ্যাতিক অপমান কৰিছিল ৰাহুল গান্ধীয়ে । এই গোচৰ সম্পৰ্কতে ৰাহুল গান্ধীয়ে মঙলবাৰে এক আবেদন দাখিল কৰে । য'ত তেওঁ কয় যে, যিহেতু তেওঁ এগৰাকী সাংসদ সমষ্টিৰ উন্নয়নৰ বাবে তেওঁ যাব লাগে, দলৰ কামত উপস্থিত থাকিব লাগে । ইয়াৰোপৰি বহু ঠাইলৈ ভ্ৰমণ কৰিব লাগে ।

সেয়ে আদালতৰ সন্মুখত ব্যক্তিগতভাৱে হাজিৰ হোৱাৰ পৰা তেওঁ ৰেহাই দিবলৈ আবেদন জনায় । তেওঁৰ অধিবক্তা নাৰায়ণ আয়াৰে কয় যে ৰাহুল গান্ধীয়ে তেওঁৰ আবেদনত এইটোও উল্লেখ কৰিছে যে, যেতিয়াই প্ৰয়োজন হয় শুনানিত তেওঁৰ অধিবক্তাই তেওঁক প্ৰতিনিধিত্ব কৰি আদালতত হাজিৰ হ'ব ।

ইফালে মঙলবাৰে কুন্তে অসুস্থ হোৱাৰ বাবে আদালতত উপস্থিতিৰ পৰা অব্যাহতি বিচাৰি এখন আবেদন দাখিল কৰিছিল, য’ত আদালতে অনুমতি দিয়ে । ইফালে বিগত মাহত আদালতৰ নিৰ্দেশনা অনুসৰি কুন্তে গান্ধীক ১৫০০ টকা পৰিশোধ কৰিছিল । কিয়নো কুন্তে গোচৰটোত স্থগিতাদেশ বিচাৰিছিল । কুন্তে এই গোচৰটোত মাৰ্চ আৰু এপ্ৰিলত দুবাৰ কৈ স্থগিত ৰখাৰ বাবে আবেদন কৰিছিল । যিটো আদালতে নাকচ কৰি ৰাহুল গান্ধীক মাৰ্চৰ বাবে ৫০০ টকা আৰু এপ্ৰিলৰ বাবে ১০০০ টকা পৰিশোধ কৰাৰ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক : চৰকাৰে কৃষকৰ লগত থিয় হোৱাৰ পৰিৱৰ্তে মন্ত্ৰীকহে কৰিছে সমৰ্থন: প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.